ভাৰতীয় নিৰ্বাচন আয়োগ

সাধাৰণ নিৰ্বাচনত শেহতীয়া ৩৫ বছৰৰ ভিতৰতে সৰ্বাধিক ভোটদানেৰে জম্মু আৰু কাশ্মীৰে ভাৰতৰ নিৰ্বাচনী ইতিহাসত এক অম্লান সাঁচ বহুৱালৈ সক্ষম হৈছে

কাশ্মীৰ উপত্যকাত নিৰ্বাচনত ২০১৯ ৰ তুলনাত অংশগ্ৰহণত ৩০ অংকৰ বৃহৎ উথ্থান পৰিলক্ষিত হৈছে

‘সাধাৰণ নিৰ্বাচন ২০২৪’-ত জম্মু আৰু কাশ্মীৰৰ জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ জম্মু আৰু কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে এক বৃহৎ ইতিবাচক দিশ হিচাপে পৰিগণিত হৈছে

জম্মু আৰু কাশ্মীৰৰ জনসাধাৰণে গণতন্ত্ৰক আদৰিছে আৰু শাসনত তেওঁলোকৰ অংশীদাৰিত্ব সাব্যস্ত কৰিছে

Posted On: 27 MAY 2024 2:59PM by PIB Guwahati

ভাৰতৰ নিৰ্বাচনী ৰাজনীতিৰ বাবে এক বৃহৎ পদক্ষেপত জম্মু আৰু কাশ্মীৰে নিৰ্বাচনত শেহতীয়া ৩৫ বছৰৰ ভিতৰতে সৰ্বাধিক অংশগ্ৰহণৰ নজিৰ স্থাপন কৰিছে। ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত কেন্দ্ৰীয় শাসিত অঞ্চলৰ (লোকসভাৰ ৫ খন আসন) ভোটকেন্দ্ৰসমূহত ভোটদানৰ সংযুক্ত হাৰ আছিল ৫৮.৪৬%। এই গুৰুত্বপূৰ্ণ অংশগ্ৰহণ অঞ্চলটোৰ জনসাধাৰণৰ শক্তিশালী গণতান্ত্ৰিক চেতনা আৰু নাগৰিক সহভাগিতাৰে প্ৰমাণ। মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত নিৰ্বাচন আয়ুক্ত শ্ৰী জ্ঞানেশ কুমাৰ আৰু শ্ৰী সুখবীৰ সিং সান্ধুৱে কেন্দ্ৰীয় শাসিত অঞ্চল দুটাত শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বাবে ভোটগ্ৰহণ কৰ্মী আৰু নিৰাপত্তা বিষয়াসকলক ধন্যবাদ জ্ঞাপন কৰে।

                                                                     

মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে জম্মু-কাশ্মীৰৰ ভোটাৰসকলক আয়োগৰ হৈ অভিনন্দন জনাই কয়, "এই সাফল্য প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ সংখ্যা ২০১৯ চনতকৈ ২৫% বৃদ্ধিৰ এক বিশ্বাসযোগ্য বুলনিত আছে, ‘চি-ভিজিল’ অভিযোগত বৰ্ধিত সংখ্যক নাগৰিক জড়িত হোৱা কথাৰ লগতে ‘সুবিধা পৰ্টে’ল-ত সমাৱেশ আদিৰ বাবে অহা ২৪৫৫ টা অনুৰোধ আদিয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে দ্বিধাৰহিত ভাবে ঠাইবোৰৰ নিৰন্তৰ পুনৰ গ্ৰহণ আৰু সম্পূৰ্ণ অংশগ্ৰহণৰ কথাকে প্ৰতিফলিত কৰিছে। নিৰ্বাচনী কাম-কাজৰ গতিবিধি আৰু ৰাইজৰ অংশগ্ৰহণৰ স্তৰযুক্ত গভীৰতাৰ এই ফলাফলে কাশ্মীৰী কাৰুশিল্পীৰ বয়নৰ খ্যাতি আৰু নিপুণতাৰ কথাকে মনত পেলাই দিয়ে। এই সক্ৰিয় অংশগ্ৰহণ কেন্দ্ৰীয় শাসিত অঞ্চলত গণতান্ত্ৰিক প্ৰক্ৰিয়া অব্যাহত থকাৰ স্বাৰ্থতে শীঘ্ৰেই অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে এক বৃহৎ ইতিবাচক দিশ হিচাপে চিহ্নিত হৈছে।"

 

জম্মু আৰু কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলত শ্ৰীনগৰ, বাৰামুলা, অনন্তনাগ ৰাজৌৰী, উধমপুৰ আৰু জম্মু নামৰ ৫ টা সংসদীয় সমষ্টি আছে। বিগত কেইটামান নিৰ্বাচনত ৫ টা সংসদীয় সমষ্টিৰ সংযুক্ত ভোটদানৰ হাৰ তলত দিয়া হৈছে:

 

* লাডাখৰ সংসদীয় সমষ্টিটো তুলনাৰ পৰা আঁতৰোৱা হৈছে, যিটো পূৰ্বৰ জম্মু আৰু কাশ্মীৰ ৰাজ্যৰ অংশ আছিল

** গ্ৰাফে ১৯৯৬-২০১৯ ৰ বাবে  ভোটদানৰ সামগ্ৰিক হাৰ চিত্ৰিত কৰিছে; ২০২৪ চনৰ বাবে, ভোটদানৰ হাৰ ভোটকেন্দ্ৰসমূহত আছে

 

 

কাশ্মীৰ উপত্যকাৰ তিনিটা সংসদীয় সমষ্টিৰ পৰা লাভ কৰা ৫০.৮৬% হাৰ ভোটদানে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ প্ৰতি জনসাধাৰণৰ আস্থাকে প্ৰতিধ্বনিত কৰিছে। নিৰ্বাচনত অংশগ্ৰহণৰ শতাংশ হাৰৰ ক্ষেত্ৰত ২০১৯ চনৰ অন্তিম সাধাৰণ নিৰ্বাচনৰ তুলনাত ৩০ অংকৰ উথ্থান দেখিবলৈ পোৱা গৈছিল, য'ত এই হাৰ আছিল ১৯.১৬%। উপত্যকাটোৰ তিনিটা সংসদীয় সমষ্টি- শ্ৰীনগৰ, বাৰামুলা আৰু অনন্তনাগ-ৰাজৌৰীত ভোটদানৰ হাৰ ক্ৰমে ৩৮.৪৯%, ৫৯.১% আৰু ৫৪.৮৪% নথিভুক্ত কৰা হৈছে, এই হাৰ যোৱা ৩ দশকৰ ভিতৰতে সৰ্বাধিক হৈছে। কেন্দ্ৰীয় শাসিত অঞ্চল দুটাৰ আন দুটা সংসদীয় সমষ্টি- উধমপুৰ আৰু জম্মুত ক্ৰমে ৬৮.২৭% আৰু ৭২.২২% ভোটদান হৈছে।

 

টোকা: সংসদীয় সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণৰ পৰিপ্ৰেক্ষিতত পূৰ্বৱৰ্তী নিৰ্বাচনৰ ভোটদানৰ হাৰৰ পৰিসংখ্যা পোনপটীয়াকৈ তুলনীয় নহ'ব পাৰে

*গ্ৰাফে ১৯৯৬-২০১৯ ৰ ভোটদানৰ সামগ্ৰিক হাৰ চিত্ৰিত কৰিছে; ২০২৪ চনৰ ভোটদানৰ হাৰ ভোটকেন্দ্ৰসমূহত আছে

জম্মু-কাশ্মীৰৰ জনসাধাৰণক, বিশেষকৈ যুৱসকলক নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ উত্সাহ যোগোৱাৰ বাবে অক্লান্ত পৰিশ্ৰম কৰা নিৰ্বাচন আৰু নিৰাপত্তা বিষয়াসকলৰ আন্তৰিক প্ৰচেষ্টাই কেন্দ্ৰীয় শাসিত অঞ্চলত ঐতিহাসিক অংশগ্ৰহণ সম্ভৱ কৰি তুলিলে।  অধিক সংখ্যক যুৱক-যুৱতীয়ে গণতন্ত্ৰৰ প্ৰতি আস্থা প্ৰদাৰ্শন কৰাৰ লগতে  গণতন্ত্ৰক আদৰি লৈছে। আন এটা উল্লেখনীয় দিশ হৈছে ১৮-৫৯ বছৰ বয়সৰ ভোটদাতাসকল, যি কেন্দ্ৰীয় শাসিত অঞ্চলতদুটাৰ নিৰ্বাচকসকলৰ মুখ্য অংশ। সাধাৰণ নিৰ্বাচন ২০২৪-ত উচ্চ হাৰৰ ভোটদানে গণতন্ত্ৰৰ প্ৰতি জনসাধাৰণৰ বিশ্বাসকে প্ৰতিফলিত কৰিছে, এয়া হৈছে এক ইতিবাচক আৰু আনন্দদায়ক অগ্ৰগতি।

 

জম্মু আৰু কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চলত পঞ্জীভুক্ত ভোটাৰসকলৰ বয়স অনুসৰি বিতৰণ (এটা সংসদীয় সমষ্টিত মুঠ ভোটাৰৰ শতাংশ)

 

বয়স সীমা

বাৰামুলা

শ্ৰীনগৰ

অনন্তনাগ-ৰাজৌৰী

উধমপুৰ

জম্মু

১৮-৩৯বছৰ

56.02

48.57

54.41

53.57

47.66

৪০-৫৯বছৰ

30.85

34.87

31.59

32.65

35.28

১৮-৫৯বছৰ

86.87

83.44

86.00

86.22

82.94

৬০ আৰু ততোধিক

13.13

16.56

14.00

13.78

17.06

 

আয়োগে দিল্লী, জম্মু আৰু উধমপুৰৰ বিভিন্ন সাহায্য শিবিৰত বাস কৰা কাশ্মীৰী প্ৰব্ৰজনকাৰী ভোটাৰসকলক নিৰ্ধাৰিত বিশেষ ভোটকেন্দ্ৰত ব্যক্তিগতভাৱে ভোটদান বা ডাক বেলট ব্যৱহাৰ কৰাৰ বিকল্প গ্ৰহণৰো সুযোগ প্ৰদান কৰিছে। জম্মুত ২১টা, উধমপুৰত ১টা আৰু দিল্লীত ৪টা বিশেষ ভোটকেন্দ্ৰ স্থাপন কৰা হৈছিল।

২০১৯ চনত পৃথক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে গঠন কৰা লাডাখেও গণতন্ত্ৰৰ আহ্বানৰ প্ৰতি উৎসাহী সঁহাৰি প্ৰত্যক্ষ কৰিছিল যিটো ভোটদানৰ ৭১.৮২% হাৰত প্ৰতিফলিত হৈছিল।

প্ৰতিটো সংসদীয় সমষ্টিত যোৱা কেইটামান নিৰ্বাচনত ভোটাৰৰ মুঠ ভোটদান

সংসদীয় সমষ্টি/বছৰ

2019

2014

2009

2004

1999

1998

1996

1989

শ্ৰীনগৰ

14.43%

25.86%

25.55%

18.57%

11.93%

30.06%

40.94%

Uncontested

বাৰামুলা

34.6%

39.14%

41.84%

35.65%

27.79%

41.94%

46.65%

5.48%

অনন্তনাগ

8.98%

28.84%

27.10%

15.04%

14.32%

28.15%

50.20%

5.07%

উধমপুৰ

70.15%

70.95%

44.88%

45.09%

39.65%

51.45%

53.29%

39.45%

জম্মু

72.5%

67.99%

49.06%

44.49%

46.77%

54.72%

48.18%

56.89%

 

সজাগতা আৰু প্ৰসাৰৰ অংশ হিচাপে, সাধাৰণ নিৰ্বাচন ২০২৪-ৰ বাবে জম্মু-কাশ্মীৰৰ ক্ষেত্ৰত ‘এছভিইইপি’-ৰ অংশ হিচাপে বিভিন্ন ধৰণৰ কাৰ্যক্ৰম আয়োজন কৰা হৈছিল। জম্মু আৰু কাশ্মীৰৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে ভোটদানৰ বাৰ্তা প্ৰচাৰৰ বাবে দুঃসাহসিক ক্ৰীড়া অনুষ্ঠান, আলোচনা চক্ৰ, সজাগতা সমাবেশ, নুক্কাড় নাট আৰু আন বহুতো অনুষ্ঠানৰ আয়োজন কৰিছিল। বিভিন্ন প্ৰচেষ্টা, কাৰ্যক্ৰমৰ ভিতৰত আছিল বাৰামুলাত আখৰা ভোটকেন্দ্ৰ হিচাপে ইগলু সৃষ্টি কৰা, কাঠুৱাত পেৰা স্কুটাৰ অনুষ্ঠান, সুচেতগড় সীমান্তত বিটিং দ্য ৰিট্ৰিট অনুষ্ঠানত সংবেদনশীলতা, এলঅ'চিৰ ওচৰৰ তিতৱালত মেগা সজাগতা সমাবেশ, শ্ৰীনগৰৰ ডাল হ্ৰদৰ ওচৰত কিষ্টৱাৰৰ চৌগানলৈ আৰু সৰ্বোচ্চ ৰেলদলঙত বাদ্যযন্ত্ৰত নিৰ্বাচন আয়োগৰ গীতৰ অনুষ্ঠান। বিখ্যাত গায়কসকলৰ দ্বাৰা লাল চক, গুলমাৰ্গ, কুলগাম, অনন্তনাগকে ধৰি বহু ঠাইত সংগীত অনুষ্ঠান আৰু কাৰ্যক্ৰম সম্পন্ন কৰা হৈছিল।

 

******

DK/RP/KB



(Release ID: 2021828) Visitor Counter : 25