ভাৰতীয় নিৰ্বাচন আয়োগ
azadi ka amrit mahotsav

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ত ০৮খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৯০৪জন প্ৰাৰ্থীয়ে

সপ্তম পৰ্যায়ৰ ০৮খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭টা সংসদীয় সমষ্টিৰ বাবে ২,১০৫টা মনোনয়ন প্ৰ-পত্ৰ দাখিল

পোষ্ট কৰা হৈছে: 22 MAY 2024 1:15PM by PIB Guwahati

১ জুন, ২০২৪ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ত ৮খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ৯০৪গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব৷ সপ্তম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৮খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭টা সংসদীয় সমষ্টিৰ বাবে ২,১০৫গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে৷ সপ্তম পৰ্যায়ত ৮খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ ১৪ মে’, ২০২৪৷ সকলো মনোনয়ন পৰীক্ষা কৰাৰ পাছত ৯৫৪খন মনোনয়ন বৈধ পোৱা হয়৷

সপ্তম পৰ্যায়ত পঞ্জাৱত ১৩টা সংসদীয় সমষ্টিৰ পৰা সৰ্বাধিক ৫৯৮টা মনোনয়ন প্ৰ-পত্ৰ লাভ কৰাৰ বিপৰীতে উত্তৰপ্ৰদেশত ১৩টা সংসদীয় সমষ্টিৰ পৰা ৪৯৫টা মনোনয়ন প্ৰ-পত্ৰ লাভ কৰিছিল। ৩৬নং বিহাৰৰ জাহানাবাদ সংসদীয় সমষ্টিত সৰ্বাধিক ৭৩খন মনোনয়ন প্ৰ-পত্ৰ লাভ কৰাৰ বিপৰীতে পঞ্জাৱৰ ৭নং লুধিয়ানা সংসদীয় সমষ্টিয়ে ৭০খন মনোনয়ন প্ৰ-পত্ৰ লাভ কৰে। সপ্তম পৰ্যায়ৰ বাবে এটা সংসদীয় সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ গড় সংখ্যা ১৬জন।

সাধাৰণ নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ পৰা লোকসভা নিৰ্বাচন, ২০২৪ৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলভিত্তিক বিৱৰণঃ

 

ক্ৰ.নং

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল

সপ্তম পৰ্যায়ৰ সংসদীয় সমষ্টিৰ সংখ্যা

লাভ কৰা মনোনয়ন পত্ৰ

পৰীক্ষণৰ পাছত বৈধ প্ৰাৰ্থীৰ

প্ৰত্যাহাৰৰ পাছত চূড়ান্ত প্ৰতিদ্বন্দ্বী

 

 

 

 

১

বিহাৰ

৮

৩৭২

১৩৮

১৩৪

 

 

২

চণ্ডীগড়

১

৩৩

২০

১৯

 

 

৩

হিমাচলপ্ৰদেশ

৪

৮০

৪০

৩৭

 

 

৪

ঝাৰখণ্ড

৩

১৫৩

৫৫

৫২

 

 

৫

ওড়িশা

৬

১৫৯

৬৯

৬৬

 

 

৬

পঞ্জাৱ

১৩

৫৯৮

৩৫৩

৩২৮

 

 

৭

উত্তৰপ্ৰদেশ

১৩

৪৯৫

১৫০

১৪৪

 

 

৮

পশ্চিমবংগ

৯

২১৫

১২৯

১২৪

 

 

 

Total

57

2105

954

904

 

 

******

DK/RP/DB


(ৰিলিজ আই ডি : 2021327) অতিথি কক্ষ : 206