ভাৰতীয় নিৰ্বাচন আয়োগ

বিগত ৮টা লোকসভা নিৰ্বাচনত সৰ্বাধিক ভোটদানৰ দিশে বাৰামুল্লা; ৫ বজালৈকে ৫৪.২১% ভোটদান

জম্মু-কাশ্মীৰত শান্তি আৰু নিৰাপত্তাৰ পৰিৱেশত পুৱাৰে পৰা ভোটদানৰ বাবে শাৰী পাতিছে ভোটাৰে

Posted On: 20 MAY 2024 8:12PM by PIB Guwahati

কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ শ্ৰীনগৰ সংসদীয় সমষ্টিত ৩৮.৪৯% ভোটাদানৰ অভিলেখৰ পিছত এতিয়া বিগত ৮টা লোকসভা নিৰ্বাচনত সৰ্বাধিক ভোটদানৰ দিশে আগবাঢ়িছে বাৰামুল্লা সংসদীয় সমষ্টি। বাৰামুল্লা, কুপৱাৰা, বান্দিপোৰা আৰু বুডগাম জিলাত বিয়লি ৫ বজালৈকে ৫৪.২১% ভোটদানৰ তথ্য লাভ কৰা হৈছে।

মুখ্য নিৰ্বাচনী আয়ুক্ত শ্ৰী ৰাজীৱ কুমাৰৰ লগতে সতীৰ্থ নিৰ্বাচন আয়ুক্ত শ্ৰী জ্ঞানেশ কুমাৰ আৰু শ্ৰী সুখবীৰ সিং সন্ধুৱে নিৰ্বাচন সুচাৰুৰূপে আৰু শান্তিপূৰ্ণ পৰিচালনাত অসামৰিক আৰু সুৰক্ষা কৰ্মী উভয়ৰে প্ৰচেষ্টাৰ শলাগ লৈ জম্মু আৰু কাশ্মীৰৰ ভোটাৰসকলৰ উৎসাহী অংশগ্ৰহণৰ বাবে ধন্যবাদ জ্ঞাপন কৰি কয় এয়া স্পষ্ট বাৰ্তা যে জম্মু-কাশ্মীৰৰ জনসাধাৰণে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ  আৰু গণতান্ত্ৰিক শাসন ব্যৱস্থাত নিজৰ অংশীদাৰিত্বৰ প্ৰতি আগ্ৰহী হৈছে৷

সমগ্ৰ বাৰামুল্লা সংসদীয় সমষ্টিৰ ২,১০৩টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ কেন্দ্ৰত ৱেবকাষ্টিঙৰ জৰিয়তে পোনপটীয়াভাৱে ভোটগ্ৰহণ কৰা হয়। ভোটদানৰ বাবে অপেক্ষা কৰি থকা উৎসাহী ভোটাৰৰ দীঘলীয়া শাৰীৰে সমগ্ৰ সমষ্টিতে পুৱা ৭ বজাৰ পৰা ভোটদান আৰম্ভ হয়।

বিগত নিৰ্বাচনত সামগ্ৰিক ভোটদানৰ হাৰ

সংসদীয় সমষ্টি/বছৰ

২০১৯

২০১৪

২০০৯

২০০৪

১৯৯৯

১৯৯৮

১৯৯৬

১৯৮৯

বাৰামুল্লা

৩৪.৬%

৩৯.১৪%

৪১.৮৪%

৩৫.৬৫%

২7.7৯%

৪১.৯৪%

৪৬.৬৫%

৫.৪৮%

শ্ৰীনগৰ

১৪.৪৩%

২৫.৮৬%

২৫.৫৫%

১৮.৫7%

১১.৯৩%

৩০.০৬%

৪০.৯৪%

প্ৰতিদ্বন্ধিতা আগবঢ়োৱা নাই

 

চলিত সাধাৰণ নিৰ্বাচনত বাৰামুল্লা সংসদীয় সমষ্টিত ২২ জন প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছে।নিৰাপত্তাৰক্ষীকে ধৰি ভোটগ্ৰহণ কৰ্মীসকলে যাতে শান্ত, সুস্থিৰ আৰু উৎসৱমুখৰ পৰিৱেশত ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰক আদৰণি জনায় তাৰ বাবে অক্লান্তভাৱে কাম কৰে। আয়োগে দিল্লী, জম্মু, আৰু উধামপুৰৰ বিভিন্ন সাহায্য শিবিৰত বাস কৰা কাশ্মীৰী প্ৰব্ৰজিত ভোটাৰসকলকো নিৰ্দিষ্ট বিশেষ ভোটকেন্দ্ৰত ব্যক্তিগতভাৱে ভোটদান বা ডাক বেলট ব্যৱহাৰ কৰাৰ বিকল্প লাভ কৰিবলৈ সক্ষম কৰিছে। জম্মুত ২১টা, উধামপুৰত এটা আৰু দিল্লীত ৪টা বিশেষ ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হয়।

জম্মু, উধামপুৰ আৰু দিল্লীত প্ৰব্ৰজিত লোকসকলৰ বাবে বিশেষ ভোটকেন্দ্ৰ স্থাপন

ইয়াৰ পূৰ্বে চতুৰ্থ পৰ্যায়ত শ্ৰীনগৰ, গণ্ডাৰবাল, পুলৱামা, বুডগাম আৰু শ্বোপিয়ান জিলাসমূহ সামৰি লোৱা শ্ৰীনগৰ সংসদীয় সমষ্টিত আংশিকভাৱে ৩৮.৪৯% ভোটদানৰ হাৰ তথ্য লাভ কৰা হৈছে, যিটো কেইবা দশকৰ ভিতৰত সৰ্বাধিক। ৩৭০ অনুচ্ছেদ বাতিল আৰু জম্মু-কাশ্মীৰ পুনৰ্গঠন আইন, ২০১৯ প্ৰণয়নৰ পিছত উপত্যকাটোত এইটোৱেই আছিল প্ৰথমটো সাধাৰণ নিৰ্বাচন।

***************

DK/RP/DB



(Release ID: 2021302) Visitor Counter : 31