ভাৰতীয় নিৰ্বাচন আয়োগ

‘সাধাৰণ নিৰ্বাচন ২০২৪’-ৰ সময়ছোৱাত দুমাহ ধৰি প্ৰৱৰ্তন কৰা ‘আদৰ্শ আচৰণ বিধি’ সন্দৰ্ভত আয়োগে স্বতঃপ্ৰণোদিত ভাবে প্ৰকাশ কৰা দ্বিতীয় খন প্ৰতিবেদন

৯০% ৰো অধিক অভিযোগ নিষ্পত্তি কৰা হৈছে: ‘ভাৰতীয় জতীয় কংগ্ৰেছ’ আৰু ‘বিজেপি’ৰ বাহিৰে আন দলবোৰৰ পৰা লাভ কৰা কোনো ডাঙৰ অভিযোগৰ মীমাংসা হ’বলৈ বাকী নাই

সামগ্ৰিক ভাৱে হিংসা মুক্ত, কম কোলাহলীয়া, কম বিশৃংখলাপূৰ্ণ আৰু হস্তক্ষেপ, প্ৰলোভন আৰু আড়ম্বৰমুক্ত প্ৰচাৰ

তাৰকা প্ৰচাৰকসকলে, বিশেষকৈ ৰাষ্ট্ৰীয় দলবোৰে পৰৱৰ্তী পৰ্যায়সমূহত নিদৰ্শন দাঙি ধৰাত নেতৃত্ব দিয়াৰ লগতে সমাজৰ একতা-সম্প্ৰীতি বিনষ্ট নকৰিব বুলি আয়োগে আশা প্ৰকাশ কৰে

Posted On: 14 MAY 2024 4:53PM by PIB Guwahati

নিৰ্বাচন আয়োগে স্বচ্ছতা আৰু তথ্য প্ৰকাশৰ প্ৰতি প্ৰদান কৰি অহা দৃঢ় প্ৰতিশ্ৰুতিবদ্ধতাক সাৰোগত কৰি ‘আদৰ্শ আচৰণ বিধি’(এমচিচি) বলবতকৰণৰ দুমাহ সম্পূৰ্ণ হোৱাৰ মূহৰ্তত ৰাজনৈতিক দলসমূহৰ অভিযোগৰ ভিত্তিত গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত শেহতীয়া স্থিতি প্ৰকাশ কৰাৰ সিদ্ধান্ত লৈছে। এয়া হৈছে ‘আদৰ্শ আচৰণ বিধি’ বলবত্কৰণৰ প্ৰথম মাহৰ অন্তত আয়োগে গ্ৰহণ কৰা স্বচ্ছতা প্ৰকাশৰ ধাৰাবাহিকতা ৰক্ষাৰ প্ৰয়াস। সৰুয়েই হওক বা ডাঙৰেই হওক যিকোনো ধৰণৰ ভুল বুজাবুজিৰ অৱকাশ নোহোৱা কৰাৰ বাবে এই সময়ছোৱাত গ্ৰহণ কৰা কেতবোৰ পদক্ষেপৰ সবিশেষ বিৱৰণো দাঙি ধৰা হৈছে।

সকলোকে সম-সুযোগ প্ৰদানৰ বাবে আয়োগে গ্ৰহণ কৰা পদক্ষেপলমূহৰ বিষয়ে সংশ্লিষ্ট সকলো গুৰুত্বপূৰ্ণ অংশীদাৰ- ভোটাৰ আৰু ৰাজনৈতিক দলসমূহে যাতে বাস্তৱ সময়ৰ তথ্য লাভ কৰিব পাৰে, যাক লৈ ভাৰত প্ৰকৃতাৰ্থতেই গৌৰৱান্বিত হৈ আহিছে, সেই লক্ষ্যৰেই আয়োগে এইসমূহ তথ্য ৰাজহুৱা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

মুখ্য নিৰ্বাচন আয়ুক্ত শ্ৰী ৰাজীৱ কুমাৰৰ নেতৃত্বত আয়োগে নিৰ্বাচন আয়ুক্ত শ্ৰী জ্ঞানেশ কুমাৰ আৰু শ্ৰী সুখবীৰ সিং সান্ধুৰ সৈতে ‘এমচিচি’ উলংঘনৰ অভিযোগৰ দেশজুৰি অমীমাংসিত গোচৰসমূহ দৈনিক নিৰীক্ষণ কৰে আৰু সময়সীমাৰ ভিতৰত আৰু শীৰ্ষ প্ৰাথমিকতাৰ আধাৰত পদক্ষেপ গ্ৰহণৰ দিহা কৰে। যোৱা দুটা মাহৰ ভিতৰত গ্ৰহণ কৰা এনে বহুবোৰ পদক্ষেপে নিৰ্বাচনী প্ৰচাৰ পৰিচ্ছন্ন কৰি তোলাৰ ক্ষেত্ৰত কেৱল সমস্যাৰ তাতক্ষণিক মীমাংসা কৰাতে সীমিত নাথাকি সুদূৰপ্ৰসাৰী আৰু প্ৰণালীগত প্ৰভাৱ পেলাবলৈও সক্ষম হৈছে।

 

ৰাজনৈতিক দলসমূহৰ শীৰ্ষ নেতাসকলে, বিশেষকৈ মুখ্য ৰাষ্ট্ৰীয় দলসমূহৰ তাৰকা প্ৰচাৰকসকলে চলিত নিৰ্বাচনত মাৰ্জিত ভাষণ, কথন-বচন আৰু আচৰণৰে প্ৰচাৰৰ মান উন্নত কৰাৰ উদাহৰণ দাঙি ধৰিব বুলি আৰম্ভণিতে আয়োগে আশা প্ৰকাশ কৰে। দেশৰ সূক্ষ্ম ভাৱে সন্তুলিত সামাজিক গাঁথনি বিঘ্নিত হ’ব পৰা কোনো ধৰণৰ কথা-বতৰা, বিবৃতি আদি যাতে বাকী থকা পৰ্যায়কেইটাত উচ্চাৰিত নহয় সেয়া নিশ্চিত কৰাটো মুখ্যতঃ তেওঁলোকৰ প্ৰাথমিক দায়িত্ব।   

 

এমচিচি প্ৰৱৰ্তনৰ দুমাহীয়া সময়ছোৱাত লোৱা কেতবোৰ সিদ্ধান্ত তলত দাঙি ধৰা হৈছে: 

  1. লোকসভাৰ সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণাৰ মুহূৰ্তৰ পৰা অৰ্থাত্ ১৬ মাৰ্চ ২০২৪ তাৰিখৰ পৰা ‘আদৰ্শ আচৰণ বিধি’ কাৰ্যকৰী হৈছিল আৰু ইতিমধ্যে নিৰ্বাচনৰ চাৰিটা পৰ্যায় শেষ হৈছে। 

 

  1. ‘আদৰ্শ আচৰণ বিধি’ (এমচিচি) কাৰ্যকৰী হোৱাৰ প্ৰায় দুমাহ সম্পূৰ্ণ হোৱাৰ মুহূৰ্ততো বিভিন্ন ৰাজনৈতিক দল আৰু সমষ্টি পৰ্যায়ৰ প্ৰাৰ্থীসকলৰ প্ৰচাৰ মুখ্যতঃ হিংসামুক্ত, কম কোলাহলপূৰ্ণ, কম বিশৃংখলাপূৰ্ণ আৰু হস্তক্ষেপ, প্ৰলোভন আৰু আড়ম্বৰমুক্ত হৈ আছে। 

 

  1. ভোটাৰসকলৰ উৎসাহী অংশগ্ৰহণেৰে শান্তিপূৰ্ণ, প্ৰলোভনমুক্ত নিৰ্বাচন অনুষ্ঠিতকৰণত সফল হোৱাত ভাৰতৰ নিৰ্বাচন আয়োগ নিতান্তই সন্তুষ্ট হৈছে।

 

  1. চতুৰ্থ পৰ্যায় পৰ্যন্ত সমগ্ৰ দেশতে, বিশেষকৈ মণিপুৰ, ত্ৰিপুৰা, বামপন্থী উগ্ৰবাদ অধ্যুষিত অঞ্চল, পশ্চিমবংগ, জম্মু আৰু কাশ্মীৰ, দূৰদূৰণি আৰু দুৰ্গম অঞ্চলসমূহত উৎসাহী আৰু উৎসৱমুখৰ পৰিৱেশত শান্তিপূৰ্ণ ভোটদান অনুষ্ঠিত হোৱা কথাই গণতন্ত্ৰৰ গভীৰ পত্তনকে প্ৰদৰ্শিত কৰিছে। আয়োগে এই লিংকত বিশেষভাৱে যুগুতোৱা ‘ফটো গেলেৰী’ত ভাৰতীয় নিৰ্বাচনৰ জীৱন্ততাৰ আভাস চাবলৈ নাগৰিকসকলক আমন্ত্ৰণ জনাইছে: https://www.eci.gov.in/ge-2024-photogallery

 

  1. আয়োগে স্বচ্ছতাৰ বৰ্ধিত স্তৰৰ পৰিমাপ হিচাপে নিৰ্বাচনৰ দিন ঘোষণাৰ দিনাৰ পৰা এতিয়ালৈকে ৬৩ টা প্ৰেছ নোট জাৰী কৰিছে।

 

  1. এতিয়ালৈকে ১৬ টা ৰাজনৈতিক দলৰ ২৫ টা প্ৰতিনিধি দলে ‘আদৰ্শ আচৰণ বিধি’ উলংঘনৰ ওজৰ-আপত্তি/ অভিযোগ দাখিল কৰিবলৈ আয়োগক সাক্ষাৎ কৰিছে। ইয়াৰ উপৰিও, ৰাজ্যসমূহৰ মুখ্য নিৰ্বাচনী বিষয়া পৰ্যায়তো বহুতো প্ৰতিনিধি দল মিলিত হৈছে।

 

  1. চমু জাননীত সকলো ৰাজনৈতিক দলক সময় আৱণ্টনৰ দিহা কৰা লগতে তেওঁলোকৰ অভিযোগসমূহ ধৈৰ্য্য সহকাৰে শুনা হৈছে।

 

  1. বিভিন্ন ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলে মুখ্য নিৰ্বাচন আয়ুক্ত আৰু মুখ্য কাৰ্যবাহী বিষয়া পৰ্যায়ত প্ৰচাৰ সম্পৰ্কীয় অথবা স্পষ্ট অভিযোগৰ বাহিৰে প্ৰায় ৪২৫ টা গুৰুত্বপূৰ্ণ অভিযোগ দাখিল কৰিছে। ইয়াৰ ভিতৰত, ৪০০ টাৰ ক্ষেত্ৰত পদক্ষেপ লোৱা হৈছে (বা বিষয়টো নিষ্পত্তি কৰা হৈছে)। এইছোৱা সময়ত ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ(আইএনচি), বিজেপি আৰু অন্যান্য দলসমূহৰ দ্বাৰা ক্ৰমে প্ৰায় ১৭০, ৯৫ আৰু ১৬০ টা অভিযোগ দাখিল কৰা হৈছে। ইয়াৰে বেছিভাগ অভিযোগৰ সন্দৰ্ভত কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হৈছে।

 

  1. শীৰ্ষ তাৰকা প্ৰচাৰকসকলৰ সাম্প্ৰদায়িক, জাতি, আঞ্চলিক ভাষা বিভাজন, বা ভাৰতৰ সংবিধানৰ পৱিত্ৰতা সন্দৰ্ভত বিভাজনমূলক মন্তব্যই এমচিচি ধাৰা উলংঘন সন্দৰ্ভত ‘আইএনচি’ আৰু ‘বিজেপি’য়ে পৰস্পৰৰ বিৰুদ্ধে দাখিল কৰা কেইটামান অভিযোগ  অমীমাংসিত হৈ আছে। অতীতত, এমচিচি উলংঘন কৰা ব্যক্তিগত নেতাসকলক আয়োগে জাননী জাৰি কৰি আহিছে। আয়োগে ০১ মাৰ্চ ২০২৪ তাৰিখৰ পৰামৰ্শৰ সৈতে সকলো স্বীকৃত ৰাজনৈতিক দলৰ সভাপতি/অধ্যক্ষ/সাধাৰণ সম্পাদকসকলক তেওঁলোকৰ নেতা/প্ৰাৰ্থী/তাৰকা প্ৰচাৰকসকলক এমচিচিৰ প্ৰত্যক্ষ বা পৰোক্ষ উলংঘন কৰা ভাষণ/মন্তব্য প্ৰদান নকৰিবলৈ নিৰ্দশনা জাৰি কৰি এক বিধি গ্ৰহণ কৰিছিল। যদিও তাৰকা প্ৰচাৰক/নেতা/প্ৰাৰ্থীয়ে দিয়া ভাষণৰ বাবে সংশ্লিষ্টসকল ব্যক্তিগত ভাবে দায়বদ্ধ হৈ থাকিব, তথাপি আয়োগে দলৰ সভাপতি/ৰাজনৈতিক দলৰ মুৰব্বীক নিৰ্দিষ্ট গোচৰৰ ভিত্তিত দায়বদ্ধ কৰাৰ বাবে আয়োগে এক দৃষ্টিভংগী গ্ৰহণ কৰিছে, কিয়নো তাৰকা প্ৰচাৰকসকলক নিয়ন্ত্ৰণ কৰাৰ মুখ্য দায়িত্ব দলবোৰৰ আছে। ৰাজনৈতিক দলসমূহৰ সকলো বিষয়ববীয়াৰ দ্বাৰা ‘এমচিচি’ অনুসৰণ কৰি ৰাজনৈতিক দলৰ দায়বদ্ধতা বৃদ্ধি কৰাই হৈছে ইয়াৰ মূল উদ্দেশ্য। অমীমাংসিত অভিযোগসমূহৰ ক্ষেত্ৰত দুয়োটা দলৰ সভাপতিসকলক জাননী জাৰি কৰা হৈছে। দুয়োটা পক্ষৰ পৰা সঁহাৰিও পোৱা গৈছে। অভিযোগ/প্ৰতি অভিযোগ সন্দৰ্ভত উপযুক্ত ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া সম্পপ্ৰতি আয়োগৰ পৰীক্ষণ/বিবেচনাধীন হৈ আছে। ‘এমচিচি’-ৰ আধাৰত গ্ৰহণ কৰা কেতবোৰ বিশিষ্ট পদক্ষেপ নিম্নলিখিত দফাসমূহত উল্লেখ কৰা হৈছে।

 

  1. ‘আইএনচি’-ৰ অভিযোগৰ ভিত্তিত হাৰিয়ানাৰ এখন জিলাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াজনক এজন প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰত জড়িত থকাৰ অভিযোগ পোৱাৰ পিছত বদলি কৰা হৈছে।

 

  1. গুজৰাটৰ দাহোদ সংসদীয় সমষ্টিত এটা ভোটকেন্দ্ৰ দখল কৰা আৰু ই ভি এম ভাঙি চূড়মাৰ কৰা বুলি ‘আইএনচি’-য়ে দিয়া অভিযোগৰ ভিত্তিত পুনৰ নিৰ্বাচনৰ নিৰ্দেশ দিয়া হয় আৰু সমগ্ৰ ভোটগ্ৰহণকাৰী দল আৰু আৰক্ষী দলসমূহক নিলম্বিত কৰা হয়, আৰু সংশ্লিষ্ট ৰাজ্যিক কৰ্তৃপক্ষক তেওঁলোকৰ বিৰুদ্ধে বিভাগীয় প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

 

  1. ‘টিডিপি’-ৰ অভিযোগৰ ভিত্তিত আয়োগে আদৰ্শ আচৰণ বিধি আৰু অপ্ৰমাণিত অভিযোগ সম্পৰ্কীয় আয়োগৰ পৰামৰ্শ উলংঘা কৰাৰ বাবে  ওৱাইএছআৰচিপি-ৰ সভাপতিক নিন্দা কৰে।

 

  1. তেলেংগানা প্ৰদেশ কংগ্ৰেছ কমিটি-ৰ অভিযোগৰ ভিত্তিত ‘বিআৰএছ’-ক এখন সংবাদমেলৰ সময়ত এমচিচি উলংঘা কৰা বিবৃতি দিয়াৰ বাবে যিকোনো ৰাজহুৱা সভা, ৰাজহুৱা শোভাযাত্ৰা, ৰাজহুৱা সমদল, অনুষ্ঠান আৰু সংবাদ মাধ্যমত সাক্ষাৎকাৰ আৰু ৰাজহুৱা বক্তব্য প্ৰদান কৰাৰ ক্ষেত্ৰত ৪৮ ঘণ্টাৰ বাবে বাধা দিয়া হৈছিল।

 

  1. ‘বিআৰএছ’-ৰ অভিযোগৰ ভিত্তিত তেলেংগানাৰ এজন মন্ত্ৰীক অপ্ৰমাণিত অভিযোগ উত্থাপন কৰা আৰু বিৰোধী দল/নেতাৰ ভাবমূৰ্তি কলুষিত কৰাৰ বাবে নিন্দা কৰা হৈছিল।

 

  1. ‘আইএনচি’-ৰ অভিযোগৰ ভিত্তিত, 'বিজেপিফৰকৰ্ণাটক' টুইটাৰ 'এক্স' একাউণ্ট-ৰ এটা পোষ্ট ‘এমচিচি’ৰ উলংঘনকাৰী বুলি বিবেচিত হোৱাৰ পিছত আঁতৰোৱাৰ দিহা কৰা হৈছে। বিষয়টো সন্দৰ্ভত এখন এজাহাৰো পঞ্জীয়ন কৰা হৈছে।
  1. কংগ্ৰেছ নেতাসকলৰ ৰূপান্তৰিত ছবিবোৰ ‘ছ'চিয়েল মিডিয়া ছাইট’-ত উদ্দেশ্যপ্ৰণোদিত ভাৱে ৰখা হৈছে বুলি কৰা ‘আইএনচি’-ৰ অভিযোগৰ ভিত্তিত ‘ইচিআই’-য়ে ইনষ্টাগ্ৰাম হেণ্ডেল 'বোল হিমাচল'ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে তথাকথিত আপত্তিজনক ছ'চিয়েল মিডিয়া পোষ্টবোৰ আঁতৰোৱাৰ বাবে প্ৰয়োজনীয় আইনী ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছিল।

 

  1. এগৰাকী মহিলা প্ৰাক্তন মন্ত্ৰীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ বাবে মধ্য প্ৰদেশ ৰাজ্যিক ‘আইএনচি’ ৰ সভাপতিগৰাকীৰ বিৰুদ্ধে বিজেপিৰ অভিযোগৰ ভিত্তিত ‘অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি (অত্যাচাৰ প্ৰতিৰোধ) আইন, ১৯৮৯’ ৰ অধীনত এজাহাৰ দাখিল কৰা হৈছে।

 

  1. আপৰ অভিযোগৰ ভিত্তিত, ‘চিইঅ' দিল্লীক সংশ্লিষ্ট সকলো বিষয়া/বিষয়ববীয়া/কৰ্তৃপক্ষক সংবেদনশীল কৰিবলৈ, কৰ্তৃত্বপ্ৰাপ্ত/অননুমোদিত স্থানত নিৰ্বাচনী প্ৰেক্ষাপট বিকৃত কৰাৰ সম্ভাৱনা থাকিব পৰা আৰু প্ৰচাৰ অভিযানত নেতিবাচক প্ৰভাৱ পেলাব পৰা বেনামী হেণ্ডবিল/পত্ৰিকা/হৰ্ডিং আদিৰ বিৰুদ্ধে অধিক সতৰ্ক হ'বলৈ নিৰ্দেশ দিয়া হয়। ইফালে, প্ৰকাশকৰ নাম অবিহনে অনুমোদিত স্থানত কোনো হৰ্ডিং নথকাটো ক্ষেত্ৰ বিষয়াসকলৰ দ্বাৰা প্ৰত্যায়িত কৰাৰ দিহা কৰা হয়।

 

  1. ‘আপ’-ৰ অভিযোগৰ ভিত্তিত, চিইঅ' দিল্লীক অনুমোদনৰ বাবে ‘আপ’-য়ে দাখিল কৰা গানটো পুনৰ পৰীক্ষা আৰু অনুমোদনৰ দিহা কৰিবলৈ নিৰ্দেশ দিয়া হয়।

 

  1. উত্তৰ দিনাজপুৰৰ চোপ্ৰাত এক নিৰ্বাচনী জনসভাত পশ্চিম বংগৰ পৰা চিএপিএফ প্ৰত্যাহাৰ কৰাৰ পিছত স্থানীয় ভোটাৰ আৰু বিৰোধী দলৰ কৰ্মীসকলক পৰিণাম ভাল নহব বুলি ভাবুকি দিয়া বাবে এআইটিচি-ৰ এজন বিধায়কৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১৭১এফ, ৫০৬ আৰু জন-প্ৰতিনিধিত্ব আইন ১৯৫১ৰ ধাৰা ১৩৫ (গ)ৰ অধীনত এখন এজাহাৰ দাখিলৰ নিৰ্দেশ দিয়া হৈছে।

 

  1. অন্ধ্ৰ প্ৰদেশৰ ‘ডিজিপি’ (এইচঅপিএফ)গৰাকীক আঁতৰোৱা হৈছে। লগতে, অন্ধ্ৰ প্ৰদেশৰ ‘ডিজিপি’ (চোৰাংচোৱা), আৰক্ষী আয়ুক্ত বিজয়ৱাড়া, ‘ডিআইজি’ অনন্তপুৰামু আৰু বিভিন্ন অভিযোগ/তথ্য-ৰ ভিত্তিত প্ৰাকম, চিত্তুৰ, পলনাডু, অনন্তপুৰামুৰ এছপিসকলকো অপসাৰণ কৰা হৈছে। একে ধৰণৰ অভিযোগ/তথ্যৰ ভিত্তিত অন্ধ্ৰ প্ৰদেশত চাৰিগৰাকী ডিএছপি/এছডিপিঅ' আৰু ৫গৰাকী আৰক্ষী পৰিদৰ্শক/ এছএইচঅ'/ উপ পৰিদৰ্শককো স্থানান্তৰ/নিলম্বন কৰা হৈছে।

 

  1. ‘অন্ধ্ৰ প্ৰদেশ ৰাজ্যিক পানীয় নিগম লিমিটেড’-ৰ পৰিচালনা সঞ্চালকক প্ৰলোভন হিচাপে সুৰাৰ প্ৰচলন নিয়ন্ত্ৰণ কৰিবলৈ অক্ষম হোৱা আৰু অন্যান্য অনাকাংক্ষিত কাৰ্যকলাপত জড়িত থকাৰ বাবে আঁতৰোৱা হয়।

 

  1. নিৰ্বাচন প্ৰভাৱিত কৰাৰ উদ্দেশ্যে ব্যৱহাৰ কৰা ‘এছএইচজি’-ৰ মঞ্চ কাৰ্যকৰীভাৱে নিয়ন্ত্ৰণ নকৰাৰ বাবে উৰিষ্যাৰ চৰকাৰৰ মিছন শক্তি বিভাগৰ সচিব-তথা-আয়ুক্তগৰাকীক অপসাৰণ কৰা হয়।

 

  1. অভিযোগ / তথ্যৰ আধাৰত পশ্চিম বংগৰ সকটিপুৰ, বেলদাংগা, আনন্দপুৰ, ডায়মণ্ড হাৰ্বাৰ আৰু বেহৰামপুৰ আৰক্ষী থানাৰ পাঁচগৰাকী অ'চি/এছএইচঅ'ক হিংসা, আংশিক কাৰ্যকলাপ আদি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হোৱাৰ বাবে বদলি কৰা হৈছে।

 

  1. তেলেংগানাৰ হায়দৰাবাদ সংসদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে ভোটদানৰ দিনা ভোটকেন্দ্ৰৰ ১০০ মিটাৰ এলেকাৰ ভিতৰত ভোটাৰসকলক প্ৰচাৰ আৰু প্ৰভাৱিত কৰাৰ বাবে নিৰ্বাচনৰ দিনা দুখন এজাহাৰ দাখিল কৰা হৈছিল।

 

  1. শ্ৰী জগন মোহন ৰেড্ডীক আচৰণত "পিচো" বুলি অভিহিত কৰা আৰু তেওঁৰ "মানসিক অৱস্থা" ভাল নহয় বুলি কৰা দাবীৰ বাবে ‘প্ৰতিবন্ধীসকলৰ অধিকাৰৰ সংক্ৰন্তীয় ৰাষ্ট্ৰীয় মঞ্চ’(এনপিআৰডি)ৰ অভিযোগৰ ভিত্তিত ‘টিডিপি’ নেতা শ্ৰী চন্দ্ৰবাবু নাইডুক নিন্দা কৰা হৈছিল। তেওঁক ভৱিষ্যতে তেওঁৰ ৰাজহুৱা ভাষণত প্ৰতিবন্ধীসকলৰ প্ৰতি কৰা মন্তব্য সাৱধানে আৰু সন্মান সহকাৰে মন্ব্য কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।

 

  1. ২২.০৪.২০২৪ তাৰিখে মেঘালয়ৰ পশ্চিম গাৰো পাহাৰৰ তুৰা আৰক্ষী থানাত শ্ৰী ক্ৰিটেনবাৰ্থ মাৰাকৰ বিৰুদ্ধে প্ৰতিবন্ধী ব্যক্তিৰ অধিকাৰ আইন, ২০১৬ৰ অধীনত এটা অভিযোগ পঞ্জীয়ন কৰা হৈছে, মাৰাকে এজন প্ৰতিবন্ধী(পিডব্লিউডি) ব্যক্তিক তেওঁৰ সন্মতি অবিহনে এনপিপি-ৰ স্কার্ফ পিন্ধিবলৈ আৰু এটা ভিডিঅ'ত অংশগ্ৰহণ কৰিবলৈ বাধ্য কৰিছিল।

 

  1. ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলে ভোটাৰৰ বিৱৰণ বিচৰা আৰু তেওঁলোকৰ প্ৰস্তাৱিত হিতাধিকাৰী আঁচনিৰ বাবে বিভিন্ন জৰীপৰ অজুহাতেৰে পঞ্জীয়ন প্ৰ-পত্ৰ জাৰি কৰা কাৰ্য গুৰুত্বসহকাৰে লৈ, জনপ্ৰতিনিধিত্ব আইন, ১৯৫১-ৰ ধাৰা ১২৩(১)ৰ অধীনত উৎকোচ প্ৰদানক এক দুৰ্নীতিপূৰ্ণ প্ৰথা হিচাপে, যিকোনো বিজ্ঞাপন/ জৰীপ/এপৰ জৰিয়তে হিতাধিকাৰী-অভিমুখী আঁচনি, নিৰ্বাচনোত্তৰ যিকোনো কাৰ্যকলাপ তৎক্ষণাৎ বন্ধ কৰা আৰু এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকলো ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ৰাজনৈতিক দলক পৰামৰ্শ দিয়া হৈছে।

 

  1. ১৪ মে’, ২০২৪ তাৰিখ পৰ্যন্ত ‘চি-ভিজিল এপ’/আয়োগ-ৰ ‘পৰ্টেল’-ত বিধি উলংঘনৰ মুঠ ৪,২২,৪৩২টা অভিযোগ দাখিল কৰা হৈছে। ইয়াৰ ভিতৰত, ৪,২২,০৭৯ (৯৯.৯%)টাৰ  ক্ষেত্ৰত পদক্ষেপ লোৱা হৈছে আৰু ইয়াৰ ভিতৰত, ৮৮.৭% অভিযোগ গড়ে ১০০ মিনিটতকৈয়ো কম সময়ত সমাধান কৰা হৈছে। ‘চি-ভিজিল এপ’-ৰ দৃঢ়তাৰ বাবে অবৈধ হৰ্ডিং, ৰাজহুৱা সম্পত্তি বিকৃত কৰা, অনুমোদিত সময়ৰ বাহিৰত প্ৰচাৰ কৰা, অনুমোদিত বোৰৰ বাহিৰত বাহন ৰখাৰ দৰে কাৰ্যৰ হাৰ যথেষ্ট হ্ৰাস পাইছে।

 

  1. একেদৰে, ১৪ মে’, ২০২৪ তাৰিখ পৰ্যন্ত ‘সুবিধা পৰ্টেল’-ত ২,৩১,৪৭৯ টা অনুমতি দিয়া হৈছে যাৰ ফলত এফআইএফঅ' (প্ৰথম-ইন-ফাৰ্ষ্ট-আউট) ব্যৱহাৰ কৰি অধিকাৰ প্ৰদানৰ ক্ষেত্ৰত বিবেচনা ৰদ কৰা হৈছে আৰু প্ৰাৰ্থী/ৰাজনৈতিক দলসমূহৰ বাবে নিৰ্বাচন সম্পৰ্কীয় সুবিধা সহজ কৰা হৈছে।

প্ৰথম মাহত এমচিচি-ৰ অধীনত লোৱা পদক্ষেপ আৰু প্ৰকাশ কৰা প্ৰেছ নোট উপলব্ধ কৰা হৈছে (https://tinyurl.com/ddpeukfh )

  1. গুজৰাট, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ড এই ছখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ প্ৰধান সচিব হিচাপে দ্বৈত দয়িত্বত থকা বিষয়াসকলক নিজাববীয়াকৈ অপসাৰণৰ দিহা কৰা হৈছে, কিয়নো তেওঁলোকে গৃহ /সাধাৰণ প্ৰশাসন বিভাগৰো দায়িত্ব বহন কৰি আছিল। ইয়াৰ অৰ্থ হৈছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা ডিএম/ডিইঅ'/আৰঅ' আৰু এছপি-সকলৰ ওপৰত নিয়ন্ত্ৰণ থকা নিৰ্বাচন সম্পৰ্কীয় জ্যেষ্ঠ বিষয়াসকলক আঁতৰাই ৰখা।

 

  1. পূৰ্বৰ নিৰ্বাচনতো পশ্চিম বংগৰ ‘ডিজিপি’গৰাকীক নিৰ্বাচনী দায়িত্বৰ পৰা স্বতঃপ্ৰণোদিতভাৱে অপসাৰণ কৰা হৈছিল।

 

  1. গুজৰাট, পঞ্জাৱ, উৰিষ্যা আৰু পশ্চিম বংগ এই চাৰিখন ৰাজ্যত জিলা দণ্ডাধীশ (ডিএম) আৰু আৰক্ষী অধীক্ষক (এছপি) হিচাপে নেতৃত্বৰ পদত নিযুক্তি লাভ কৰা নন-কেডাৰ বিষয়াসকলক স্বতঃপ্ৰণোদিতভাৱে বদলি কৰা হৈছে।

 

  1. নিৰ্বাচিত ৰাজনৈতিক প্ৰতিনিধিসকলৰ সৈতে তেওঁলোকৰ আত্মীয়তা বা পাৰিবাৰিক সম্পৰ্ক থকাৰ বাবে পঞ্জাৱ, হাৰিয়ানা আৰু অসমত বিষয়াসকলক স্বতঃপ্ৰণোদিতভাৱে বদলি কৰা হয়।

 

  1. ‘আইএনচি’ আৰু ‘এএপি’-ৰ অভিযোগৰ ভিত্তিত নিৰ্বাচন ঘোষণাৰ পিছত ‘হোৱাটছএপ’-ত ভাৰত চৰকাৰৰ ‘বিকশিত ভাৰত’ সম্পৰ্কীয় বাৰ্তাৰ প্ৰেৰণ বন্ধ কৰিবলৈ ‘ইলেক্ট্ৰনিক আৰু প্ৰযুক্তি মন্ত্ৰালয়’-ক নিৰ্দেশ দিয়া হয়।

 

  1. ‘আইএনচি’ আৰু ‘এএপি’-ৰ অভিযোগৰ ভিত্তিত তাৎক্ষণিক ভাবে বলবত্ হোৱাকৈ চৰকাৰী/ৰাজহুৱা চৌহদৰ পৰা বিকৃতি আঁতৰোৱাৰ বাবে ‘ইচিআই’-ৰ নিৰ্দেশনা পালন কৰিবলৈ সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰক নিৰ্দেশনা দিয়া হয়।

 

  1. ‘ডিএমকে’-ৰ অভিযোগৰ ভিত্তিত ‘ৰামেশ্বৰ কেফে’ বিস্ফোৰণ সন্দৰ্ভত অপ্ৰমাণিত অভিযোগ উথ্থাপন কৰাৰ বাবে বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰা হয়

 

  1. আইএনচি-ৰ অভিযোগৰ ভিত্তিত ডিএমআৰচি ৰে'ল আৰু পেট্ৰ'ল পাম্প, ঘাইপথ আদিৰ পৰা হৰ্ডিং, ফটো আৰু বাৰ্তাকে ধৰি চৰকাৰী/ৰাজহুৱা চৌহদৰ পৰা বিকৃতি আঁতৰোৱাৰ বাবে ‘ইচিআই’-ৰ নিৰ্দেশনা পালনৰ বাবে কেবিনেট সচিবক নিৰ্দেশ দিয়া হয়।

 

  1. এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে তেওঁৰ শপতনামাত ঘোষণা কৰা সম্পত্তিৰ যিকোনো তথ্যৰ অমিলৰ প্ৰমাণীকৰণৰ বাবে ‘আইএনচি’-ৰ অভিযোগৰ ভিত্তিত ‘চিবিডিটি’-ক নিৰ্দেশনা দিয়া হয়।

 

  1. ‘এআইটিএমচি’-ৰ অভিযোগৰ পিছত শ্ৰীমতী মমতা বেনাৰ্জীৰ প্ৰতি আপত্তিজনক আৰু অসন্মানজনক মন্তব্যৰ বাবে বিজেপি নেতা শ্ৰীদিলীপ ঘোষক জাননী জাৰি কৰা হয়।

 

  1. ‘বিজেপি’ৰ অভিযোগৰ ভিত্তিত ‘আইএনচি’-ৰ নেতা শ্ৰীমতী সুপ্ৰিয়া শ্ৰীনেট আৰু শ্ৰীযুত সুৰজেৱালাক ক্ৰমে শ্ৰীমতী কংগনা ৰাণাৱট আৰু শ্ৰীমতী হেমা মালিনীৰ বিৰুদ্ধে কৰা অপমানজনক মন্তব্যৰ বাবে জাননী জাৰি কৰা হয়।

 

  1.  মহিলাৰ বিৰুদ্ধে অপমানজনক আৰু আপত্তিজনক মন্তব্য কৰা দলসমূহৰ নেতাসকলক জাননী জাৰি কৰি আয়োগে বিশেষভাৱে মহিলাসকলৰ মৰ্যাদা আৰু সন্মানৰ ক্ষেত্ৰত দৃঢ় স্থিতি গ্ৰহণ কৰিছে। আয়োগে দলৰ মুৰব্বী/সভাপতিসকলৰ ওপৰত দায়বদ্ধতা আৰোপ কৰাৰ ক্ষেত্ৰত এখোজ আগবাঢ়ি গৈছে যাতে তেওঁলোকৰ দলৰ নেতা আৰু প্ৰচাৰকসকলে এনে অসন্মানজনক আৰু অপমানজনক মন্তব্যৰ আশ্ৰয় নলয়।

 

  1.  প্ৰধানমন্ত্ৰীৰ প্ৰতি ‘ডিএমকে’ নেতা শ্ৰী অনিতা আৰ ৰাধাকৃষ্ণনে কৰা মন্তব্যৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে।

 

  1. আইএনচি-ৰ অভিযোগৰ ভিত্তিত বিভিন্ন মহাবিদ্যালয়ৰ পৰা তাৰকা প্ৰচাৰকসকলৰ কাট-আউট আঁতৰাবলৈ দিল্লীৰ পৌৰ কৰ্তৃপক্ষক নিৰ্দেশনা জাৰি কৰা হৈছে।

******

DK/RP/KB



(Release ID: 2020644) Visitor Counter : 41