ভাৰতীয় নিৰ্বাচন আয়োগ

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত অৱতীৰ্ণ হ’ব ৮ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৬৯৫গৰাকী প্ৰাৰ্থী

পঞ্চম পৰ্যায়ৰ বাবে ৮ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯টা সংসদীয় সমষ্টিৰ বাবে ১,৫৮৬খন মনোনয়ন প্ৰ-পত্ৰ দাখিল

Posted On: 08 MAY 2024 2:46PM by PIB Guwahati

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত ৮খন ৰাজ্য/ কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৬৯৫জন প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হ’ব।২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে পঞ্চম পৰ্যায়ত নিৰ্বাচনৰ বাবে ৮খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯টা সংসদীয় সমষ্টিৰ বাবে মুঠ ১,৫৮৬খন মনোনয়ন পত্ৰ দাখিল কৰা হয়। আটাইকেইখন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে পঞ্চম পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ আছিল ৩ মে’, ২০২৪।দাখিল কৰা সকলো মনোনয়নৰ পুনৰীক্ষণৰ পিছত ৭৪৯খন মনোনয়ন বৈধ বুলি গন্য কৰা হয়।

পঞ্চম পৰ্যায়ত মহাৰাষ্ট্ৰত ১৩টা সংসদীয় সমষ্টিত সৰ্বাধিক ৫১২টা মনোনয়ন পত্ৰ লাভ কৰাৰ বিপৰীতে উত্তৰ প্ৰদেশত ১৪টা সংসদীয় সমষ্টিৰ পৰা ৪৬৬খন মনোনয়ন পত্ৰ লাভ কৰা হৈছে। ঝাৰখণ্ডৰ ৪নং-চত্ৰ সংসদীয় সমষ্টিত সৰ্বাধিক ৬৯খন মনোনয়ন পত্ৰ লাভ কৰাৰ বিপৰীতে উত্তৰ প্ৰদেশৰ ৩৫নং লক্ষ্ণৌ সমষ্টিত ৬৭খন মনোনয়ন পত্ৰ লাভ কৰা হৈছে। পঞ্চম পৰ্যায়ৰ বাবে এটা সংসদীয় সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ গড় সংখ্যা ১৪ জন।

লোকসভা নিৰ্বাচন-২০২৪ৰ পঞ্চম পৰ্যায়ৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল ভিত্তিক বিৱৰণঃ

                                                          

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল

পঞ্চম পৰ্যায়ত সংসদীয় সমষ্টিৰ সংখ্যা

মনোনয়ন পত্ৰ লাভ

পৰীক্ষণৰ পাছত বৈধ প্ৰাৰ্থী

প্ৰত্যাহাৰৰ পাছত

চূড়ান্ত প্ৰাৰ্থী

বিহাৰ

১৬৪

৮২

৮০

জম্মু আৰু কাশ্মীৰ

৩৮

২৩

২২

ঝাৰখণ্ড

১৪৮

৫৭

৫৪

লাডাখ

মহাৰাষ্ট্ৰ

১৩

৫১২

৩০১

২৬৪

ওড়িশা

৮৭

৪১

৪০

উত্তৰপ্ৰদেশ

১৪

৪৬৬

১৪৭

১৪৪

পশ্চিমবংগ

১৬৩

৯৩

৮৮

মুঠ

৪৯

,৫৮৬

৭৪৯

৬৯৫

******

DK/RP/DB



(Release ID: 2020064) Visitor Counter : 60