প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰত-ভূটানৰ শক্তি অংশীদাৰিত্ব সম্পৰ্কে যুটীয়া দৃষ্টি সম্পৰ্কীয় বিবৃতি

Posted On: 22 MAR 2024 5:20PM by PIB Guwahati

ভাৰত আৰু ভূটানে সকলো স্তৰতে আস্থা, সদিচ্ছা আৰু পাৰস্পৰিক বুজাবুজি, বন্ধুত্বৰ সু-গভীৰ বান্ধোন আৰু জনসাধাৰণৰ ঘনিষ্ঠ যোগাযোগ অক্ষুণ্ণৰে দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত আদৰ্শ দাঙি ধৰিছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰধানমন্ত্ৰী ছেৰিং টবগেই থিম্ফুত ফলপ্ৰসূ আৰু গভীৰ আলোচনাত মিলিত হয়। ইয়াত দুয়োগৰাকী নেতাই ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি এই অসাধাৰণ দ্বিপাক্ষিক অংশীদাৰিত্বক নতুন শিখৰলৈ নিয়াৰ অংগীকাৰ পুনৰ সুদৃঢ় কৰে।

আলোচনাৰ কালত ভূটানৰ জলবিদ্যুৎ খণ্ডৰ উন্নয়ন সাধন আৰু অঞ্চলটোক শক্তি সুৰক্ষা প্ৰদানত স্বচ্ছ শক্তি অংশীদাৰিত্বৰ লক্ষণীয় অৱদানৰ কথা উল্লেখ কৰে দুয়োগৰাকী নেতাই। প্ৰধানমন্ত্ৰী মোদীয়ে শক্তি প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত ভূটানৰ প্ৰতিষ্ঠান আৰু কাৰিকৰী সংস্থাসমূহৰ বৰ্ধিত ঘৰুৱা সামৰ্থ্যৰ শলাগ লয়। প্ৰধানমন্ত্ৰী টবগেইয়ে প্ৰধানমন্ত্ৰী মোদীক শেহতীয়া বছৰকেইটাত ভাৰতৰ নবীকৰণযোগ্য শক্তি খণ্ডৰ উল্লেখযোগ্য বৃদ্ধিৰ বাবে তথা আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা আৰু ভাৰতৰ ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন মিছনৰ দৰে পদক্ষেপ ৰূপায়ণৰ ক্ষেত্ৰত তেখেতৰ নেতৃত্বৰ বাবে অভিনন্দন জনায়।

দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে দ্বিপাক্ষিক শক্তি সহযোগিতাৰ সকলো দিশ পৰ্য্যালোচনাৰে যৌথভাৱে ৰূপায়িত প্ৰকল্পসমূহে ভালদৰে কাম কৰি থকা কাৰ্য্যত আৰু ভূটানৰ অৰ্থনৈতিক উন্নয়নত অৰিহণা যোগোৱা কাৰ্য্য়ত সন্তুষ্টি প্ৰকাশ কৰে। ৭২০ মেগাৱাটৰ মাংডেচু জলবিদ্যুৎ প্ৰকল্পৰ সফলতাত উৎসাহিত হৈ এই বছৰ ১০২০ মেগাৱাট ক্ষমতাৰ পুনাটছাংচু-দ্বিতীয় জলবিদ্যুৎ প্ৰকল্প আৰম্ভ কৰিবলৈ দুয়োগৰাকী নেতাই আগ্ৰহ প্ৰকাশ কৰে। উভয় পক্ষই ১২০০ মেগাৱাটৰ পুনাটছাংচু – প্ৰথম জলবিদ্যুৎ প্ৰকল্প (HEP) ৰ ক্ষেত্ৰত কাৰিকৰীভাৱে সুস্থ আৰু সাশ্ৰয়ী পন্থাত ইতিবাচক বিশেষজ্ঞ পৰ্য্যায়ৰ আলোচনাক আদৰণি জনায়।

দুয়োজন প্ৰধানমন্ত্ৰীয়ে ঐক্যমতত উপনীত হোৱা ক্ষেত্ৰসমূহ হ’লঃ

(i) ভাৰত-ভূটানৰ শক্তি অংশীদাৰিত্বই শক্তি সুৰক্ষা বৃদ্ধিৰে অৰ্থনীতিৰ সুদৃঢ়কৰণ, কৰ্মসংস্থাপন সৃষ্টি, ৰপ্তানিৰ জৰিয়তে উপাৰ্জন বৃদ্ধি তথা ঔদ্যোগিক আৰু বিত্তীয় সামৰ্থ্যৰ অধিক বিকাশত অৰিহণা যোগাই দুয়োখন দেশক উপকৃতকৰণৰ সম্ভাৱনা আছে।

(ii) নতুন শক্তি প্ৰকল্পৰ বিকাশ আৰু বিদ্যুতৰ বাণিজ্যকে প্ৰমুখ্য কৰি এই পাৰস্পৰিকভাৱে ফলপ্ৰসূ দ্বিপাক্ষিক স্বচ্ছ শক্তি অংশীদাৰিত্বক অধিক সুদৃঢ়কৰণৰ অভূতপূৰ্ব সুযোগ আছে।

(iii) কৌশলগত অংশীদাৰ হিচাপে ভাৰতীয় প্ৰতিষ্ঠানসমূহৰ অংশগ্ৰহণকে প্ৰমুখ্য কৰি জলবিদ্যুৎ, সৌৰ আৰু সেউজ হাইড্ৰজেনৰ ক্ষেত্ৰত নতুন শক্তি প্ৰকল্পৰ স্থাপনত মনোনিৱেশ কৰা।

(iv) দুয়োখন চৰকাৰে প্ৰকল্প - ৰিজাৰ্ভাৰ জল প্ৰকল্পকে প্ৰমুখ্য কৰি নতুন প্ৰকল্পৰ বাবে নিৰ্দিষ্ট ৰূপায়ণৰ পদ্ধতিসমূহ পৰ্য্যালোচনা আৰু চূড়ান্ত কৰিব।

(v) ভাৰত চৰকাৰে ভাৰতৰ বিত্তীয় প্ৰতিষ্ঠানসমূহৰপৰা বিত্তীয় সাহায্যৰ প্ৰয়োজনীয় সুবিধা লাভৰ লগতে ভূটানত নতুন আৰু আগন্তুক জলবিদ্যুৎ প্ৰকল্পৰ বাবে বিদ্যুৎ বিক্ৰীৰ বজাৰৰ সুবিধা প্ৰদান কৰিব।

(vi) দুয়োখন দেশৰ মাজত শক্তি বিনিময়ে অঞ্চলটোত শক্তি সুৰক্ষা নিশ্চিতকৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি যাব। এই ক্ষেত্ৰত ভূটানৰ শক্তি উৎপাদকসকলৰ বজাৰত প্ৰৱেশৰ সুবিধা প্ৰযোজ্য ঘৰুৱা নিয়ম আৰু পদ্ধতি অনুসৰি, পাৰস্পৰিকভাৱে চুক্তিবদ্ধ ব্যৱস্থা আৰু ডেলিভাৰী পইন্টৰ জৰিয়তে সম্পন্ন কৰা হ’ব।

(vii) এখন বিকশিত শক্তি বজাৰৰ প্ৰতি লক্ষ্য ৰাখি ভূটানৰ শক্তি প্ৰকল্পত বিনিয়োগ কাৰ্য্যকৰীকৰণৰ বাবে আৰু বিদ্যুতৰ সীমা অতিক্ৰমি নিৰৱচ্ছিন্ন বাণিজ্য নিশ্চিতকৰণৰ বাবে নিয়মীয়াকৈ পৰামৰ্শ গ্ৰহণ কৰা হ’ব।

(viii) অধিক উপ-আঞ্চলিক শক্তি সহযোগিতাৰ দিশত কাম কৰা, যাৰ ফলত সকলো অংশীদাৰৰ পাৰস্পৰিক লাভৰ বাবে অৰ্থনীতিসমূহৰ মাজত আন্তঃসংযোগ বৃদ্ধি পাব।

(ix) ক্ষমতা বিকাশ, নীতি আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত তথ্যৰ বিনিময়, শক্তি দক্ষ প্ৰযুক্তি সম্পৰ্কে গৱেষণা আৰু বিকাশৰ জৰিয়তে শক্তি দক্ষতা আৰু শক্তি সংৰক্ষণৰ ক্ষেত্ৰত শক্তি সহযোগিতা সুদৃঢ় কৰা।

দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে পাৰস্পৰিক লাভালাভৰ বাবে যৌথ দৃষ্টি সম্পৰ্কীয় বিবৃতিৰ আধাৰত প্ৰকল্প আৰু পদক্ষেপ সন্দৰ্ভত গতিশীলতা তীব্ৰতৰ কৰিবলৈ সন্মত হয়।

*********

DS/ST/SB



(Release ID: 2016247) Visitor Counter : 31