প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি পুটিনক পুনৰ-নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জনাইছে

দুয়োগৰাকী নেতাই ভাৰত-ৰাছিয়াৰ বিশেষ আৰু সমৃদ্ধ কৌশলগত অংশীদাৰিত্ব অধিক সুদৃঢ়কৰণৰ বাবে সন্মতি প্ৰকাশ কৰে

তেওঁলোকে দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতি সম্পৰ্কে পৰ্য্যালোচনা আৰু আঞ্চলিক তথা বৈশ্বিক বিষয়ৰাজি সন্দৰ্ভত মত-বিনিময় কৰে

প্ৰধানমন্ত্ৰীয়ে ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতৰ অৱসানৰ উপায় হিচাপে আলোচনা আৰু ৰাজনৈতিক কৌশলৰ পথ গ্ৰহণৰ কথা পুনৰবাৰ উল্লেখ কৰে

Posted On: 20 MAR 2024 3:33PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি ৰাছিয়ান ফেডাৰেচনৰ ৰাষ্ট্ৰপতি মহামহিম ভ্লাদিমিৰ পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়।

ৰাছিয়ান ফেডাৰেচনৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ-নিৰ্বাচিত হোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁক অভিনন্দন জনায় আৰু ৰাছিয়াৰ সুহৃদ জনসাধাৰণৰ শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

এই বাৰ্তালাপত দুয়োগৰাকী নেতাই আগন্তুক বছৰকেইটাত ভাৰত-ৰাছিয়াৰ বিশেষ আৰু সমৃদ্ধ কৌশলগত অংশীদাৰিত্ব অধিক সুদৃঢ়কৰণৰ বাবে সমন্বিতভাৱে প্ৰচেষ্টাৰাজি গ্ৰহণৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰে।

তেওঁলোকে দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতি সম্পৰ্কে পৰ্য্যালোচনা আৰু আঞ্চলিক তথা বৈশ্বিক বিষয়ৰাজি সন্দৰ্ভতো মত-বিনিময় কৰে।

ইয়াত ৰাছিয়া-ইউক্ৰেইনৰ সংঘাত সম্পৰ্কে আলোচনাত প্ৰধানমন্ত্ৰীয়ে এই সংঘাতৰ অৱসানৰ উপায় হিচাপে ভাৰতৰ আলোচনা আৰু ৰাজনৈতিক কৌশলৰ পথ গ্ৰহণৰ স্থিতিৰ কথা পুনৰবাৰ উল্লেখ কৰে।

শেষত দুয়োগৰাকী নেতাই যোগাযোগ অব্যাহত ৰাখিবলৈ আগ্ৰহ প্ৰকাশ কৰে।

***

DS/AK/SB
 



(Release ID: 2015696) Visitor Counter : 61