প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কিংবদন্তী গায়ক পংকজ উধাছৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
26 FEB 2024 7:08PM by PIB Guwahati
কিংবদন্তি গায়ক পংকজ উধাছৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। পংকজ উধাছৰ সৈতে হোৱা বিভিন্ন বাৰ্তালাপৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে কয় যে পংকজ উধাছ জী ভাৰতীয় সংগীতৰ এক আলোকস্তম্ভ আছিল, যাৰ সুৰে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি সকলোকে মোহিত কৰি আহিছে। তেওঁৰ প্ৰস্থানে সংগীত জগতত এক শূণ্যতাৰ সৃষ্টি কৰিলে, যিটো কেতিয়াও পূৰণ কৰিব পৰা নাযাব, শ্ৰী মোদীয়ে লগতে কয়।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে;
"আমি পংকজ উধাছ জীক হেৰুওৱাৰ বাবে শোক প্ৰকাশ কৰিছোঁ, যাৰ গানে বিভিন্ন আৱেগ প্ৰকাশ কৰিছিল, আৰু যাৰ গজলে আত্মাৰ সৈতে মিতালি পাতিছিল। তেওঁ ভাৰতীয় সংগীতৰ এক আলোকস্তম্ভ আছিল, যাৰ সুৰে প্ৰজন্ম অতিক্ৰম কৰিছিল। মই তেওঁৰ সৈতে বহু বছৰ ধৰি হোৱা মোৰ বিভিন্ন বাৰ্তালাপৰ কথা স্মৰণ কৰিছোঁ।
তেওঁৰ প্ৰস্থানে সংগীত জগতত এক শূন্যতাৰ সৃষ্টি কৰিলে, যিটো কেতিয়াও পূৰণ কৰিব নোৱাৰি। তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি সমবেদনা জনাইছোঁ। ওম শান্তি।"
***
DS/ST/KB
(रिलीज़ आईडी: 2009426)
आगंतुक पटल : 85
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam