প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

৮ ফেব্ৰুৱাৰীত শ্ৰীল প্ৰভুপাদজীৰ ১৫০ সংখ্যক বাৰ্ষিকী উপলক্ষে অনুষ্ঠিত কাৰ্যসূচীত ভাষণ প্ৰদন কৰিব প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 07 FEB 2024 4:33PM by PIB Guwahati

 প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮ ফেব্ৰুৱাৰী, ২০২৪ তাৰিখে দুপৰীয়া প্ৰায় ১২:৩০ বজাত প্ৰগতি ময়দানৰ ‘ভাৰত মণ্ডপম’ত শ্ৰীল প্ৰভুপাদজীৰ ১৫০ সংখ্যক বাৰ্ষিকী উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত ভাষণ প্ৰদান কৰিব।  প্ৰধানমন্ত্ৰীয়ে মহান আধ্যাত্মিক গুৰু শ্ৰীল প্ৰভুপাদজীৰ সন্মানত এটি স্মাৰক ডাকটিকট আৰু এটা মুদ্ৰাও মুকলি কৰিব।

আচাৰ্য শ্ৰীল প্ৰভুপাদ ‘গৌড়ীয় মিছন’ৰ প্ৰতিষ্ঠাপক আছিল, তেওঁ বৈষ্ণৱী আস্থাৰ মৌলিক ধাৰণাসমূহৰ সংৰক্ষণ আৰু বিস্তাৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ‘গৌড়ীয় মিছন’-য়ে শ্ৰী চৈতন্য মহাপ্ৰভুৰ শিক্ষা আৰু বৈষ্ণৱ ধৰ্মৰ সমৃদ্ধ আধ্যাত্মিক ঐতিহ্যৰ বিশ্বজুৰি প্ৰচাৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে, যাৰ ফলত ই ‘হৰে কৃষ্ণ আন্দোলন’ৰ কেন্দ্ৰ বিন্দু হৈ উঠিছে।

 

***

DS/LP/KB


(रिलीज़ आईडी: 2003896) आगंतुक पटल : 131
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , Bengali , English , Urdu , हिन्दी , Marathi , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam