বিত্ত মন্ত্ৰালয়

“অধিকবিকাশৰে অৰ্থনীতিৰসুদৃঢ়কৰণতথা সম্প্ৰসাৰণ আৰু জনতাৰ আকাংক্ষাৰাজি বাস্তৱায়িতকৰণৰ অৰ্থে পৰিবেশ সৃষ্টিৰ বাবে চৰকাৰঅংগীকাৰবদ্ধ”

পিএমমুদ্ৰাযোজনা, ফাণ্ডঅৱফাণ্ডছ, ষ্টাৰ্টআপইণ্ডিয়াআৰু ষ্টাৰ্ট আপ ক্ৰেডিট নিশ্চয়তা আঁচনিয়ে যুৱক-যুৱতীসকলৰ উদ্যমিতাৰ আকাংক্ষাৰাজিপৰিপূৰণ কৰিছেঃকেন্দ্ৰীয় বিত্ত মন্ত্ৰী

Posted On: 01 FEB 2024 12:32PM by PIB Guwahati

চৰকাৰঅধিকবিকাশৰে অৰ্থনীতিৰসুদৃঢ়কৰণতথা সম্প্ৰসাৰণ আৰুজনতাৰ আকাংক্ষাৰাজি বাস্তৱায়িতকৰণৰ অৰ্থেপৰিবেশ সৃষ্টিৰ বাবেঅংগীকাৰবদ্ধ বুলি কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনে কয়।আজি সংসদতঅন্তৱৰ্তীকালীন কেন্দ্ৰীয় বাজেট, ২০২৪দাখিল কৰি তেওঁ এইদৰে কয়।

কৰ্তব্য কাল হিচাপে অমৃত কাল

এয়াকৰ্তব্য কালৰ আৰম্ভণি বুলি অভিহিতকৰণেৰে শ্ৰীমতী সীতাৰমনে ভাৰত গণৰাজ্যৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীয়েদেশবাসীক কৰা সম্বোধনৰ উদ্ধৃতিৰে কয়, “আমি ৰাষ্ট্ৰীয় উন্নয়নৰ প্ৰতি অংগীকাৰবদ্ধ হৈছোঁ।নতুন প্ৰেৰণা, নতুন চেতনা, নতুন সংকল্পৰে দেশখনে অপৰিসীম সম্ভাৱনা আৰু সুযোগ প্ৰশস্ত কৰিছে

যুৱক-যুৱতীসকলৰ উদ্যমিতাৰ আকাংক্ষাৰাজি পৰিপূৰণ

কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনতআমাৰ যুৱ প্ৰজন্মৰ উদ্যমিতাৰ আকাংক্ষাৰাজিপৰিপূৰণ হৈছে। ইয়াৰ উপৰিও, ফাণ্ড অৱ ফাণ্ডছ, ষ্টাৰ্ট আপ ইণ্ডিয়াআৰু ষ্টাৰ্ট আপ ক্ৰেডিট গেৰান্টি আঁচনিয়ে আমাৰ যুৱক-যুৱতীসকলক সহায় কৰিছে আৰু তেওঁলোকো ‘ৰোজগাৰ দাতা’ হৈ পৰিছে।

****

YKB/NB/KMN/SB
 



(Release ID: 2001793) Visitor Counter : 42