বিত্ত মন্ত্ৰালয়
উদীয়মান প্ৰযুক্তিৰ ব্যক্তিগত বিনিয়োগ বৃদ্ধিৰ বাবে এক লাখ কোটি টকাৰ নতুন কৰ্পাছৰ প্ৰস্তাৱ বিত্তমন্ত্ৰীৰ
‘এইটোৱে আমাৰ টেক-চেভি যুৱক-যুৱতীসকলৰ বাবে এটা স্বৰ্ণিল যুগ চিহ্নিত কৰিব’ - নিৰ্মলা সীতাৰমন
পঞ্চাশ বছৰৰ সুতমুক্ত ঋণৰ সৈতে কৰ্পাছ ধাৰ্য কৰা হ’ব
প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ‘দীপ-টেক’ প্ৰযুক্তিবোৰ শক্তিশালী কৰাৰ লগতে ‘আত্মনিৰ্ভৰতা’ক ক্ষীপ্ৰ কৰি তোলাৰ বাবে এখন নতুন আঁচনিৰ প্ৰস্তাৱ দিয়া হৈছে
নতুন যুগৰ প্ৰযুক্তি আৰু তথ্যই মানুহৰ জীৱন আৰু বাণিজ্যলৈ পৰিৱৰ্তন আনিছে: বিত্ত মন্ত্ৰী
प्रविष्टि तिथि:
01 FEB 2024 12:52PM by PIB Guwahati
চৰকাৰে উদীয়মান প্ৰযুক্তিৰ ব্যক্তিগত বিনিয়োগ বৃদ্ধিৰ বাবে এক লাখ কোটি টকাৰ কৰ্পাছ ধাৰ্য কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে।
আজি সংসদত ২০২৪-২৫ বৰ্ষৰ অন্তৱৰ্তীকালীন বাজেট দাখিল কৰাৰ সময়ত কেন্দ্ৰীয় বিত্ত আৰু কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীযুতা নিৰ্মলা সীতাৰমণে কয় যে এয়া আমাৰ টেক চেভি বা প্ৰযুক্তি-অভ্যস্ত যুৱক-যুৱতীসকলৰ বাবে এক সোণালী যুগ হিচাপে পৰিগণিত হ’ব।
পঞ্চাশ বছৰৰ সুতমুক্ত ঋণেৰে এই কৰ্পাছ ধাৰ্য কৰা হ’ব, লগতে, ই দীৰ্ঘকালীন টেন’ৰ আৰু কম বা শূন্য সুতৰ হাৰসহ দীৰ্ঘম্যাদী বিত্তীয় সাহায্য বা পুনঃবিত্তায়ন সাহায্য প্ৰদান কৰিব।
“এইটোৱে ব্যক্তিগত খণ্ডক উদীয়মান প্ৰযুক্তিক্ষেত্ৰত গৱেষণা আৰু উদ্ভাৱনক এক উত্তৰণ প্ৰদান কৰাৰ বাবে উৎসাহিত কৰিব। আমাৰ হাতত যুৱক-যুৱতীৰ সামৰ্থ্য আৰু প্ৰযুক্তিৰ সংমিশ্ৰণ ঘটোৱা কাৰ্যসূচী থাকিব লাগিব।’- বিত্তমন্ত্ৰীগৰাকীয়ে কয়।
সীতাৰমণে প্ৰতিৰক্ষাৰ উদ্দেশ্যে গভীৰ প্ৰযুক্তিৰ প্ৰযুক্তি শক্তিশালী কৰাৰ লগতে ‘আত্মনিৰ্ভৰ্ত’ ক্ষিপ্ৰতাৰে আৰম্ভ কৰাৰ নতুন আঁচনিও প্ৰস্তাৱ কৰে।
প্ৰযুক্তিগত পৰিৱৰ্তন
নতুন যুগৰ প্ৰযুক্তি আৰু তথ্যই মানুহৰ জীৱন আৰু ব্যৱসায় বাণিজ্যলৈ উল্লেখনীয় পৰিৱৰ্তন অনা বুলি উল্লেখ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ দ্বাৰা নতুন অৰ্থনৈতিক সুযোগবোৰো সক্ষম কৰি তোলা হৈছে আৰু সমাজত অলক্ষিতে ৰৈ যোৱা লোকসকলকো সামৰি লৈ সুলভ মূল্যত উচ্চমানৰ সেৱা প্ৰদানৰ সুবিধা প্ৰদান কৰা হৈছে।
বিশ্ব পৰ্যায়ত ভাৰতৰ বাবে সুযোগ সম্প্ৰসাৰিত হৈছে বুলি উল্লেখ কৰি সীতাৰমনে কয়, “ভাৰতে নিজৰ জনসাধাৰণৰ উদ্ভাৱন আৰু উদ্যোগীকৰণৰ জৰিয়তে সমাধান দেখুৱাইছে।”
গৱেষণা আৰু উদ্ভাৱন
গৱেষণা আৰু উদ্ভাৱনে ভাৰতৰ বিকাশৰ অনুঘটক হিচাপে কাম কৰিব, নিয়োগ সৃষ্টি কৰিব আৰু উন্নয়নৰ দিশত আগবাঢ়ি যাব বুলি উল্লেখ কৰি সীতাৰমনে কয় যে প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীয়ে “জয় জৱান জয় কিষাণ” শ্লোগান দিছিল আৰু প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে সেই শ্লোগানক “জয় জৱান জয় কিষাণ জয় বিজ্ঞান” কৰিছিল।
“প্ৰধানমন্ত্ৰী মোদীয়ে সেই শ্লোগানক আৰু অধিক আগ্ৰাসী কৰি “জয় জৱান জয় কিষাণ জয় বিজ্ঞান আৰু জয় অনুসন্ধান” কৰি তুলিছে, কিয়নো উদ্ভাৱনেই হৈছে উন্নয়নৰ ভেটি।”
(रिलीज़ आईडी: 2001775)
आगंतुक पटल : 157
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Nepali
,
Bengali
,
Punjabi
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam