প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰতৰ ৰাষ্ট্ৰপতিয়ে চণ্ডীগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শ্ৰীসতনাম সিং সান্ধুক ৰাজ্যসভালৈ মনোনীত কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে
পোষ্ট কৰা হৈছে:
30 JAN 2024 1:20PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে চণ্ডীগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শ্ৰীসতনাম সিং সান্ধুক ৰাজ্যসভালৈ মনোনীত কৰাৰ বাবে আনন্দ প্ৰকাশ কৰিছে।
এক্স পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;
"মই আনন্দিত যে মাননীয় ৰাষ্ট্ৰপতিয়ে শ্ৰীসতনাম সিং সান্ধুজীক ৰাজ্যসভালৈ মনোনীত কৰিছে। সতনামজীয়ে নিজকে এজন বিশিষ্ট শিক্ষাবিদ আৰু সমাজকৰ্মী হিচাপে প্ৰতিষ্ঠা কৰিছে। তেওঁ বিভিন্নধৰণে তৃণমূল পৰ্যায়ৰ লোকসকলক সেৱা আগবঢ়াই আহিছে। তেওঁ সদায় ৰাষ্ট্ৰীয় সংহতিৰ হকে ব্যাপকভাৱে কাম কৰি অহাৰ লগতে প্ৰবাসী ভাৰতীয়সকলৰ সৈতেও কাম কৰিছে। মই তেওঁক সংসদীয় যাত্ৰাৰ বাবে শুভকামনা জনাইছো। মই নিশ্চিত যে তেওঁৰ মতামতে ৰাজ্যসভাৰ কাৰ্যসূচী সমৃদ্ধ কৰিব।
@satnamsandhuchd”
**********
DS/ST/DD/AT
(ৰিলিজ আই ডি : 2000713)
অতিথি কক্ষ : 131
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam