প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে কৰ্পুৰী ঠাকুৰলৈ ভাৰত ৰত্ন আগবঢ়োৱাত সন্তোষ প্ৰকাশ কৰে
प्रविष्टि तिथि:
23 JAN 2024 9:05PM by PIB Guwahati
সামাজিক ন্যায়ৰ পথ-প্ৰদৰ্শক কৰ্পুৰী ঠাকুৰলৈ মৰণোত্তৰভাৱে ভাৰতৰত্ন আগবঢ়োৱাৰ সিদ্ধান্তত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সন্তোষ প্ৰকাশ কৰিছে।
শ্ৰী মোদীয়ে কয় যে কৰ্পুৰী ঠাকুৰৰ জন্ম শতবাৰ্ষিকীৰ ক্ষণত এই সিদ্ধান্তই দেশবাসীক গৌৰৱান্বিত কৰিব। সমাজৰ পিছপৰা আৰু বঞ্চিতসকলৰ উত্থানৰ বাবে তেওঁৰ অদম্য দায়বদ্ধতা আৰু দূৰদৰ্শী নেতৃত্বই ভাৰতৰ আৰ্থ-ৰাজনৈতিক বাতাবৰণত এক অমলিন চিন ৰাখিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰে;
“মই ভাৰত চৰকাৰে সামাজিক ন্যায়ৰ প্ৰতিভূ, মহান জন নায়ক কৰ্পুৰী ঠাকুৰ জীক ভাৰতৰত্ন প্ৰদানৰ সিদ্ধান্ত গ্ৰহণত সন্তোষ পাইছোঁ আৰু এই সময়তে আমি তেওঁৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰিছোঁ। এই সন্মানীয় স্বীকৃতি তেওঁ উপান্ত লোকৰ বাবে কৰা প্ৰয়াস তথা সমতা আৰু সৱলীকৰণৰ এগৰাকী অগ্ৰদূত হিচাপে গ্ৰহণ কৰা নিৰলস প্ৰচেষ্টাৰ সাক্ষ্য।
নিপীড়িত লোকৰ উত্থানৰ বাবে তেওঁৰ অদম্য দায়বদ্ধতা আৰু তেওঁৰ দূৰদৰ্শী নেতৃত্বই ভাৰতৰ আৰ্থ-ৰাজনৈতিক বাতাবৰণত এক অমলিন চিন ৰাখিছে। এই বঁটাই তেওঁৰ উল্লেখযোগ্য অৱদানৰাজিক সন্মান জনোৱাই নহয়, বৰঞ্চ তেওঁৰ অধিক ন্যায়পৰায়ণ আৰু সমতাপূৰ্ণ সমাজ গঢ়ি তোলাৰ অভিযান অব্যাহত ৰাখিবলৈ আমাক অনুপ্ৰাণিত কৰে।”
***
DS/ST/SB
(Release ID: 1998965)
(रिलीज़ आईडी: 1998994)
आगंतुक पटल : 121
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam