পোষ্ট কৰা হৈছে:
23 JAN 2024 9:20AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰাক্ৰম দিৱস উপলক্ষে ভাৰতৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰে।
আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ জয়ন্তীত প্ৰধানমন্ত্ৰীয়ে নেতাজীৰ জীৱন আৰু সাহসৰ প্ৰতি সন্মান জনায়।
এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;
"পৰাক্ৰম দিৱসত ভাৰতৰ জনসাধাৰণক শুভেচ্ছা জনাইছো। আজি তেওঁৰ জয়ন্তীত আমি নেতাজী সুভাষ চন্দ্ৰ বসুৰ জীৱন আৰু সাহসক সন্মান জনাইছো। আমাৰ দেশৰ স্বাধীনতাৰ প্ৰতি তেওঁৰ সমৰ্পণে দেশবাসীক অনুপ্ৰাণিত কৰি আহিছে।"
********
DS/ST/NB/AT