প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ধনুষকোড়িৰ কোঠাণ্ডাৰামস্বামী মন্দিৰত দৰ্শন আৰু পূজা সম্পন্ন কৰে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 21 JAN 2024 3:41PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ধনুষকোড়িৰ ‘কোঠাণ্ডাৰামস্বামী মন্দিৰ’ত দৰ্শন আৰু পূজা সম্পন্ন কৰে।

এই মন্দিৰটো শ্ৰী কোঠাণ্ডাৰামস্বামীৰ নামত উৎসৰ্গিত। ‘কোঠাণ্ডাৰাম’ নামটোৰ অৰ্থ হৈছে ‘ধনুৰ সৈতে ৰাম’। ই ধনুষকোড়ি নামৰ ঠাইখনত অৱস্থিত। কোৱা হয় যে ইয়াতেই বিভীষণে প্ৰথমে শ্ৰী ৰামক লগ পাইছিল আৰু তেওঁক আশ্ৰয় বিচাৰিছিল। কিছু সংখ্যক কিংবদন্তীয়ে এই বুলিও কয় যে এইডোখৰ ঠাইত শ্ৰী ৰামে বিভীষণৰ ৰাজ্যাভিষেকৰ কাৰ্যসূচী অনুষ্ঠিত কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’-ত কৰা ‘পোষ্ট’-ত কয়:

"প্ৰসিদ্ধ কোঠাণ্ডাৰামস্বামী মন্দিৰত প্ৰাৰ্থনা কৰিলো। অত্যন্ত ধন্য অনুভৱ কৰিছোঁ।"

 

***

DS/TS/K/KB


(रिलीज़ आईडी: 1998479) आगंतुक पटल : 122
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam