প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘এতিয়া কৃষকসকলে সমৰ্থনৰ নিশ্চয়তা অনুভৱ কৰিছে’, পঞ্জাৱৰ কৃষকে ক’লে প্ৰধানমন্ত্ৰীক
আমি আমাৰ গুৰুসকলৰ পৰামৰ্শ অনুসৰি খেতি কৰা উচিত আৰু পৃথিৱী মাতৃক সুৰক্ষা দিয়া উচিত। গুৰু নানক দেৱজীয়ে প্ৰদান কৰা শিক্ষাৰ বাহিৰে আন একো নাই: প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
08 JAN 2024 3:21PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্সিং’ ব্যৱস্থাৰ জৰিয়তে ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে। কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ, বিধায়ক আৰু স্থানীয় পৰ্যায়ৰ প্ৰতিনিধিসকলৰ সৈতে সমগ্ৰ দেশৰ পৰা ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ হাজাৰ হাজাৰ হিতাধিকাৰীয়ে অনুষ্ঠানটোত যোগদান কৰে।
পঞ্জাৱৰ গুৰদাসপুৰৰ গুৰবিন্দৰ সিং বাজৱাই প্ৰধানমন্ত্ৰীক কয় যে ‘বিকশিত ভাৰত যাত্ৰা’ৰ আটাইতকৈ ডাঙৰ লাভ হৈছে ‘কৃষকসকলে কৃষি খণ্ডত যথা সম্ভৱ সৰ্বশ্ৰেষ্ঠ লাভ আদায় কৰিবলৈ সৰু সৰু গোটত সংগঠিত হৈছে’। তেওঁ প্ৰধানমন্ত্ৰীক জনায় যে তেওঁৰ কৃষক গোটে বিহ-মুক্ত কৃষিৰ বাবে কাম কৰি আছে আৰু তাৰ বাবে তেওঁ যন্ত্ৰপাতিৰ কিনিবলৈ ৰাজসাহায্য লাভ কৰিছে। ই ক্ষুদ্ৰ কৃষকসকলক 'পৰালী' (শস্যৰ অৱশিষ্ট) ব্যৱস্থাপনা আৰু মাটিৰ স্বাস্থ্য ৰক্ষা কৰাতো সহায় কৰিছে। চৰকাৰৰ সহায়ৰ বাবে গুৰদাসপুৰত পৰালী জ্বলোৱাৰ ঘটনা যথেষ্ট হ্ৰাস পাইছে বুলি শ্ৰী বাজৱাই জানিবলৈ দিয়ে। অঞ্চলটোত ‘এফপিঅ' সম্পৰ্কীয় কাৰ্যকলাপো চলি আছে। ‘কাষ্টম হায়াৰিং আঁচনি’য়ে ৫০ কিলোমিটাৰ ব্যাসাৰ্ধ এলেকাৰ ক্ষুদ্ৰ কৃষকসকলক সহায় কৰি আছে।
"এতিয়া কৃষকে অনুভৱ কৰিছে যে তেওঁ সঠিক ভাবেই সমৰ্থন লাভ কৰিব", শ্ৰী বাজৱাই লগতে কয়। যেতিয়া কৃষকজনে প্ৰধানমন্ত্ৰীক কৈছিল 'মোদী হে টু মুমকিন হে'ৰ দৰে বাক্যাংশই প্ৰত্যাশা বৃদ্ধি কৰিছে, প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এয়া সম্ভৱ হৈছে, কাৰণ কৃষকসকলে তেওঁৰ অনুৰোধ শুনিছে। প্ৰধানমন্ত্ৰীয়ে বহনক্ষম কৃষিত নিয়োজিত হোৱাৰ বাবে তেওঁ জনোৱা অনুৰোধ পুনৰ দোহাৰে। "আমি আমাৰ গুৰুসকলৰ পৰামৰ্শ অনুসৰি খেতি কৰা উচিত আৰু পৃথিৱী মাতৃক সুৰক্ষা দিয়া উচিত। কৃষিক্ষেত্ৰত গুৰু নানক দেৱজীয়ে প্ৰদান কৰা শিক্ষাৰ বাহিৰে আন একো নাই" বুলিও প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয়, "অন্তিমগৰাকী হিতাধিকাৰীক সামৰি নোলোৱা পৰ্যন্ত ‘মোদী কী গেৰাণ্টী কী গাড়ী'ৰ চকা বন্ধ নহ'ব।"
***
DS/TS/KB
(रिलीज़ आईडी: 1996548)
आगंतुक पटल : 116
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
Odia
,
Kannada
,
Tamil
,
English
,
Manipuri
,
Telugu
,
हिन्दी
,
Marathi
,
Urdu
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Malayalam