পোষ্ট কৰা হৈছে:
28 OCT 2023 8:45PM by PIB Guwahati
হাংঝৌত চলি থকা এছিয়ান পেৰা গেমছৰ মহিলা দবাৰ বি ১ শাখাৰ দলত আজি ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাংশী ৰথী, সংস্কৃতি মোৰে আৰু ব্ৰুতি জৈনক অভিনন্দন জনায়।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে: “এছিয়ান পেৰা গেমছৰ মহিলা দবাৰ বি ১ শাখাত দলীয় ইভেণ্টত ব্ৰঞ্জৰ পদক দখল কৰাৰ বাবে হিমাংশী ৰথী, সংস্কৃতি মোৰে আৰু ব্ৰুতি জৈনলৈ আন্তৰিক অভিনন্দন। তেওঁলোকৰ দক্ষতা, দৃঢ়তা আৰু অদম্য মনোভাৱে সমগ্ৰ দেশকে গৌৰৱান্বিত কৰিছে।”
*****
DS/RT/BM