পোষ্ট কৰা হৈছে:
25 OCT 2023 4:46PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছ ২০২২ত বেডমিণ্টন মিক্সড ডাবলছ SL3-SU5 ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে প্ৰমোদ ভগত আৰু মনীষা ৰামাদাসক অভিনন্দন জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:
"এছিয়ান পেৰা গেমছত বেডমিণ্টন মিক্সড ডাবলছ SL3-SU5 ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে প্ৰমোদ ভগত আৰু মনীষা ৰামাদাসৰ গতিশীল যুটিলৈ অভিনন্দন। ভাৰতে এই উল্লেখযোগ্য কৃতিত্বক অসীম গৌৰৱেৰে উদযাপন কৰে!”
**********
DS/TS