প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পেৰা এছিয়ান গেমছৰ কেন’ পুৰুষৰ ইভেন্টত ব্ৰঞ্জৰ পদক লাভ কৰা গজেন্দ্ৰ সিঙক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 24 OCT 2023 1:36PM by PIB Guwahati

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰা এছিয়ান গেমছৰ পেৰা কেন’ পুৰুষৰ ভিএল২ ইভেন্টত ব্ৰঞ্জৰ পদক লাভ কৰা গজেন্দ্ৰ সিঙক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ 

"এয়া এক উল্লেখযোগ্য জয়। পেৰা কেন' পুৰুষৰ ভিএল২ পেৰা এছিয়ান গেমছ ইভেন্টত ব্ৰঞ্জৰ পদক লাভ কৰা গজেন্দ্ৰ সিঙক অভিনন্দন জনালোঁ। ভাৰতে তেওঁৰ এই কৃতিত্বৰ শলাগ লৈছে! তেওঁৰ আগন্তুক প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জনাইছোঁ।"

***


DS/RT/SB/BM


(ৰিলিজ আই ডি : 1970714) অতিথি কক্ষ : 119