প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰত হৈছে এক গোলকীয় উজ্জ্বল বিন্দু, বিকাশ আৰু উদ্ভাৱনৰ শক্তিক্ষেত্ৰ : প্ৰধানমন্ত্ৰী

Posted On: 11 OCT 2023 8:09AM by PIB Guwahati

আন্তৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ)ৰ বিকাশৰ পূৰ্বানুমান সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত হৈছে এক গোলকীয় উজ্জ্বল বিন্দু, বিকাশ আৰু উদ্ভাৱনৰ শক্তিক্ষেত্ৰ। ইয়াৰ কাৰণ হৈছে আমাৰ জনসাধাৰণৰ শক্তি আৰু দক্ষতা, শ্ৰী মোদীয়ে কয়। 

আমি সমৃদ্ধশালী ভাৰতৰ দিশত আমাৰ যাত্ৰা শক্তিশালী কৰি যাম আৰু আমাৰ সংস্কাৰৰ গতিপথ অধিক ত্বৰান্বিত কৰিম বুলি তেওঁ প্ৰতিশ্ৰুতি ব্যক্ত কৰে।

আই এম এফৰ এক্স থ্ৰেডৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়; 

"আমাৰ জনসাধাৰণৰ শক্তি আৰু দক্ষতাৰ দ্বাৰা চালিত ভাৰতবৰ্ষ হৈছে এক গোলকীয় উজ্জ্বল বিন্দু, বিকাশ আৰু উদ্ভাৱনৰ শক্তিক্ষেত্ৰ। আমি এক সমৃদ্ধ ভাৰতৰ দিশত আমাৰ যাত্ৰা শক্তিশালী কৰি যাম আৰু আমাৰ সংস্কাৰৰ গতিপথ অধিক ত্বৰান্বিত কৰিম।" 

 

Powered by the strength and skills of our people, India is a global bright spot, a powerhouse of growth and innovation. We will continue to strengthen our journey towards a prosperous India, further boosting our reforms trajectory. https://t.co/CvHw4epjoZ

— Narendra Modi (@narendramodi) October 10, 2023

 

***

DS/ST/NB/AT



(Release ID: 1966518) Visitor Counter : 73