প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

এছিয়ান গেমছ ২০২২ত ৪x৪০০ মিটাৰ ৰিলেত পুৰষ দলৰ স্বৰ্ণ পদক জয়ক উদযাপন প্ৰধানমন্ত্ৰীৰ

Posted On: 04 OCT 2023 7:40PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হানঝৌত অনুষ্ঠিত এছিয়ান গেমছ, ২০২২ত ৪x৪০০ মিটাৰ ৰিলে ইভেণ্টত স্বৰ্ণ পদক জয় কৰা পুৰষ দলৰ সদস্য মহম্মদ আনাছ য়াহিয়া, আমোজ জেকব, মহম্মজ আজমল আৰু ৰাজেশ ৰমেশক অভিনন্দন জ্ঞাপন কৰিছে৷

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“এছিয়ান গেমছত ৪x৪০০ মিটাৰ ৰিলেত আমাৰ পুৰুষ দলটোৱে অভূতপূৰ্ব প্ৰদৰ্শন দাঙি ধৰিলে৷

ইমান সুন্দৰ প্ৰদৰ্শনেৰে ভাৰতৰ বাবে স্বৰ্ণ পদক আজুৰি অনাৰ বাবে মহম্মদ আনাছ য়াহিয়া, আমোজ জেকব, মহম্মদ আজমল আৰু ৰাজেশ ৰমেশক লৈ গৌৰৱবোধ কৰিছো৷ তেওঁলোকক অভিনন্দন৷”

***

DS/TS/DB



(Release ID: 1964492) Visitor Counter : 83