প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মহিলা বক্সিঙৰ ৭৫ কেজি শাখাত ৰূপৰ পদক জয়ৰ বাবে লাভলীনা বৰগোহাঞিক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

Posted On: 04 OCT 2023 7:18PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছৰ মহিলা বক্সিঙৰ ৭৫ কেজি শাখাত ৰূপৰ পদক জয়ৰ বাবে লাভলীনা বৰগোহাঞিক অভিনন্দন জ্ঞাপন কৰিছে৷

 

টুইটাৰত এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“মহিলা বক্সিঙৰ ৭৫ কেজি শাখাত দেশলৈ ৰূপৰ পদক আজুৰি অনাৰ বাবে @LovlinaBorgohaiক অভিনন্দন জ্ঞাপন কৰিলোঁ৷

দক্ষতা আৰু কৌশলৰ ব্যতিক্ৰমী প্ৰদৰ্শনেৰে তেওঁ আমাৰ দেশক উদযাপনৰ এক মহান সুযোগ প্ৰদান কৰিলে৷ তেওঁ উচ্চ শিখৰত উপনীত হওক আৰু ভাৰতক গৌৰৱান্বিত কৰি ৰাখক৷”

***

DS/ST/DB



(Release ID: 1964491) Visitor Counter : 88