কেবিনেট

‘আন্তঃৰাজ্যিক নদী জল বিবাদ (আইএছআৰডব্লিউডি) আইন, ১৯৫৬’ ৰ অধীনত তেলেংগানা ৰাজ্যৰ পৰা পোৱা অনুৰোধৰ ভিত্তিত ‘কৃষ্ণা জল বিবাদ ন্যায়াধিকৰণ-২ সম্পৰ্কীয় চৰ্তাৱলী’লৈ অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেটে

Posted On: 04 OCT 2023 4:08PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশ (এপি)ৰ মাজত নিৰ্ণয়ৰ বাবে ‘আইএছআৰডব্লিউডি আইন’ৰ ধাৰা ৫(১)ৰ অধীনত বৰ্তমানৰ ‘কৃষ্ণা জল বিবাদ ন্যায়াধিকৰণ-২’ (কেডব্লিউডিটি-২)ৰ পৰৱৰ্তী চৰ্তাৱলী (টিঅ'আৰ)লৈ অনুমোদন জনাইছে। ‘আন্তঃৰাজ্যিক নদী জল বিবাদ (আইএছআৰডব্লিউডি)আইন, ১৯৫৬’-ৰ ধাৰা (৩)ৰ অধীনত তেলেংগানা চৰকাৰে তেওঁলোকৰ অভিযোগত উত্থাপন কৰা বিষয়বোৰৰ লগতে এই সন্দৰ্ভত লাভ কৰা আইনী মতামতৰ ভিত্তিত এই অনুমোদন জনোৱা হৈছে।

কৃষ্ণা নদীৰ পানীৰ ব্যৱহাৰ, বিতৰণ বা নিয়ন্ত্ৰণ সন্দৰ্ভত দুয়োখন ৰাজ্যৰ মাজত হোৱা বিবাদৰ নিষ্পত্তিয়ে তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশ দুয়োখন ৰাজ্যতে বিকাশৰ নতুন পথ মুকলি কৰাৰ লগতে দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ বাবে এয়া লাভজনক হ'ব, আৰু সামগ্ৰিক ভাবে আমাৰ দেশক শক্তিশালী কৰাত সহায় কৰিব।

‘আইএছআৰডব্লিউডি আইন, ১৯৫৬’-ৰ ধাৰা ৩-ৰ অধীনত সংশ্লিষ্ট ৰাজ্যসমূহে কৰা অনুৰোধৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে ০২.০৪.২০০৪ তাৰিখে ‘কৃষ্ণা জল বিবাদ ন্যায়াধিকৰণ-২’ গঠন কৰিছিল। পৰৱৰ্তী সময়ত, ০২.০৬.২০১৪ তাৰিখে, তেলেংগানা, ভাৰত যুক্তৰাষ্ট্ৰৰ ৰাজ্য হিচাপে স্বীকৃত হৈছিল। ‘অন্ধ্ৰ প্ৰদেশ পুনৰ্গঠন আইন (এপিআৰএ), ২০১৪’-ৰ ধাৰা ৮৯ অনুসৰি, ‘এপিআৰএ, ২০১৪’-ৰ উক্ত ধাৰাৰ (ক) আৰু (খ)উপ ধাৰাৰ  জৰিয়তে সমাধান আগবঢ়োৱাৰ বাবে ‘কেডব্লিউডিটি-২’-ৰ কাৰ্যকাল বৃদ্ধি কৰা হৈছিল।

পৰৱৰ্তী সময়ত, কৃষ্ণা নদীৰ পানীৰ ব্যৱহাৰ, বিতৰণ বা নিয়ন্ত্ৰণ সম্পৰ্কীয় বিবাদৰ কথা উল্লেখ কৰি তেলেংগানা চৰকাৰে ১৪.০৭.২০১৪ তাৰিখে ভাৰত চৰকাৰৰ জল শক্তি মন্ত্ৰালয়ৰ জল সম্পদ, নদী উন্নয়ন আৰু গংগা পুনৰুজ্জীৱিতকৰণ বিভাগলৈ এটা অভিযোগ প্ৰেৰণ কৰিছিল। ২০১৫ চনত মাননীয় উচ্চতম ন্যায়ালয়ত ‘জিঅ'টি’ৰ দ্বাৰা বিষয়টোত এখন ‘ৰিট’ আৱেদনো দাখিল কৰা হৈছিল। ২০১৮ চনত, ‘জিঅ'টি’য়ে কেৱল তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশৰ মাজত প্ৰসংগটোৰ পৰিসৰ সীমিত কৰি অভিযোগটো বৰ্তমানৰ ‘কেডব্লিউডিটি-২’লৈ প্ৰেৰণ কৰিবলৈ ‘ডিঅ'ডব্লিউআৰ’, ‘আৰডি’ আৰু ‘জিআৰ’, ‘এমঅ'জেএছ’ক অনুৰোধ জনাইছিল। পিছত ২০২০ চনত মাননীয় মন্ত্ৰী (জল শক্তি)ৰ অধীনত অনুষ্ঠিত দ্বিতীয় শীৰ্ষ পৰিষদৰ বৈঠকত বিষয়টো আলোচনা কৰা হৈছিল। দ্বিতীয় শীৰ্ষ পৰিষদৰ বৈঠকত কৰা আলোচনা অনুসৰি, ‘জিঅ'টি’য়ে ২০২১ চনত উক্ত ‘ৰিট’ আৱেদনখন প্ৰত্যাহাৰ কৰে আৰু পৰৱৰ্তী সময়ত বিষয়টোত ‘ডিঅ'ডব্লিউআৰ, আৰডি আৰু জিআৰ’-ৰ দ্বাৰা ‘আইন আৰু ন্যায় মন্ত্ৰালয়’ৰ আইনী মতামত বিচাৰা হৈছিল।

 

*****

DS/SKS/KB/BM



(Release ID: 1964304) Visitor Counter : 76