প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

১০,০০০ মিটাৰ দৌৰ ইভেন্টত ৰূপৰ পদক লাভ কৰা কাৰ্তিক কুমাৰক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

Posted On: 30 SEP 2023 8:15PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাংঝুত অনুষ্ঠিত এছিয়ান গেমছত ১০,০০০ মিটাৰ দৌৰ ইভেন্টত ৰূপৰ পদক লাভ কৰা কাৰ্তিক কুমাৰক অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এটা এক্স প’ষ্টত এইদৰে কয়;

“কাৰ্তিক কুমাৰে ভাৰতক আন এক গৌৰৱৰ মুহূৰ্ত প্ৰদান কৰিছে। তেওঁ নিষ্ঠা আৰু অধ্যৱসায়েৰে ব্যতিক্ৰমী প্ৰদৰ্শন আগবঢ়াই ১০,০০০ মিটাৰ ইভেন্টত ৰূপৰ পদক লাভ কৰিছে। তেওঁক অভিনন্দন জনালোঁ আৰু আগন্তুক প্ৰচেষ্টাৰাজিৰ বাবে মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।”

**********

DS/ST/SB



(Release ID: 1962803) Visitor Counter : 70