সাংস্কৃতিক মন্ত্ৰালয়

“মেৰী মাটি মেৰা দেশ” অভিযানৰ প্ৰথম পৰ্যায়ত জনসাধাৰণৰ ব্যাপক অংশগ্ৰহণ পৰিলক্ষিত হৈছে

৩৬ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত নিৰ্মিত স্বাধীনতা সংগ্ৰামী আৰু নিৰাপত্তা বাহিনীৰ বাবে সমৰ্পিত ২.৩৩ লাখতকৈয়ো অধিক শিলাফলকমৰ উচৰ্গা

৪ কোটি পঞ্চ প্ৰাণৰ পণ; ২ লাখ+ সাহসী যোদ্ধাক সম্বৰ্ধনা কাৰ্যসূচী; ২.৬৩ লাখ অমৃত বাটিকাৰ ৰোপণ কৰা হৈছে

দেশৰ প্ৰতিটো পৰিয়ালৰ কাষলৈ যোৱাৰ লক্ষ্যেৰে দ্বিতীয় পৰ্যায়ত প্ৰৱেশৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ

Posted On: 15 SEP 2023 11:32AM by PIB Guwahati

দেশৰ বাবে প্ৰাণ দিয়া 'বীৰসকল'ক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে ২০২৩ চনৰ ৯ আগষ্টত দেশজুৰি "মেৰী মাটি মেৰা দেশ"শীৰ্ষক এক অভিযান আৰম্ভ কৰা হৈছিল। এই অভিযান হৈছে ২০২১ চনৰ ১২ মাৰ্চত আৰম্ভ হোৱা 'আজাদী কা অমৃত মহোৎসৱ'ৰ সামৰণি অনুষ্ঠান।  এই অভিযানৰ সময়ছোৱাত সমগ্ৰ ভাৰতত ২ লাখৰো অধিক কাৰ্যসূচীত ব্যাপক জন অংশগ্ৰহণ (জন ভাগীদাৰী) প্ৰত্যক্ষ কৰা হৈছিল।

এই অভিযানত স্বাধীনতা সংগ্ৰামী আৰু নিৰাপত্তা বাহিনীৰ নামত সমৰ্পিত শিলাফলকম স্থাপনৰ দৰে কাৰ্যসূচীৰ লগতে পঞ্চ প্ৰাণ প্ৰতিজ্ঞা, বসুধা বন্দন, বীৰৰ বন্দনাৰ দৰে কাৰ্যসূচী অন্তৰ্ভুক্ত হৈছে যিয়ে আমাৰ সাহসী বীৰসকলৰ সাহসী ত্যাগক সন্মান জনাইছে।

মেৰী মাটি মেৰা দেশ অভিযানৰ প্ৰথম পৰ্যায়টো ব্যাপক প্ৰসাৰ আৰু জনসাধাৰণৰ ব্যাপক অংশগ্ৰহণৰে এক অভূতপূৰ্ব সফলতা হিচাপে পৰিগণিত হৈছে। এই পৰ্যন্ত ৩৬ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ২.৩৩ লাখতকৈয়ো অধিক শিলাফলকম নিৰ্মাণ কৰা হৈছে। সেইদৰে আজি এই পৰ্যন্ত ৱেবছাইটত প্ৰায় ৪ কোটি পঞ্চ প্ৰাণ প্ৰতিশ্ৰুতি চেলফিসহ আপলোড কৰা হৈছে। সমগ্ৰ দেশতে ২ লাখতকৈয়ো অধিক সাহসী বীৰক সম্বৰ্ধনা কাৰ্যসূচী আনুষ্ঠিত কৰা হৈছে। বাসুধা বন্দন বিষয়বস্তুৰ অধীনত ২.৩৬ কোটিতকৈয়ো অধিক থলুৱা গছৰ পুলি ৰোপণ কৰা হৈছে আৰু ২.৬৩ লাখ অমৃত বাটিকা নিৰ্মাণ কৰা হৈছে।

 

এতিয়া সমগ্ৰ দেশতে পৰিকল্পনা কৰা অমৃত কলশ যাত্ৰাৰ সৈতে অভিযানটো ইয়াৰ দ্বিতীয় পৰ্যায়ত প্ৰৱেশ কৰিবলৈ সাজু হৈছে। সমগ্ৰ ভাৰততে চলোৱা প্ৰচাৰ অভিযানৰ লক্ষ্য হৈছে দেশৰ প্ৰতিটো পৰিয়ালকে সামৰি লোৱা। দেশৰ ৬ লাখতকৈয়ো অধিক গাঁৱৰ পৰা আৰু সমগ্ৰ ভাৰতৰ নগৰ অঞ্চলৰ ৱাৰ্ডসমূহৰ পৰা মাটি আৰু খাদ্য শস্যৰ বীজ সংগ্ৰহ কৰা হৈছে। গ্ৰাম্য অঞ্চলত, ইয়াক খণ্ড-স্তৰৰ কলহ সংগ্ৰহ কাৰ্যসূচীৰ জৰিয়তে খণ্ড স্তৰত একত্ৰিত কৰা হ'ব। ৰাজ্যৰ ৰাজধানীৰ পৰা আনুষ্ঠানিক ভাৱে প্ৰেৰণ কৰাৰ পিছত, এই কলহসমূহ ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ বাবে দিল্লীলৈ আহিব। আশা কৰা হৈছে যে চূড়ান্ত কাৰ্যসূচীৰ বাবে অক্টোবৰৰ শেহৰ ফালে ৮৫০০ তকৈয়ো অধিক কলহ দিল্লীত উপস্থিত হ'ব। ভাৰতৰ সকলো কোণৰ পৰা সংগ্ৰহ কৰা মাটি অমৃত বাটিকা আৰু অমৃত স্মাৰকত স্থাপন কৰা হ'ব, যাৰ ফলত আজাদী কা অমৃত মহোৎসৱক স্মৰণ কৰাৰ বাবে এক সুন্দৰ উত্তৰাধিকাৰিত্ব সৃষ্টি হৈ উঠিব।

Photos of Meri Maati Mera Desh campaign are available at following link:

https://drive.google.com/drive/folders/1ZbRRp1YP893V6LBfibaQJeoK3vBOLoc9?usp=drive_link

*****



(Release ID: 1957617) Visitor Counter : 129