গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ হিন্দী দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন

এটি বাৰ্তাত গৃহমন্ত্ৰীয়ে কয় যে ভাৰত এখনি নানা ভাষাৰ দেশ আৰু হিন্দীয়ে বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশখনত ভাষাৰ বৈচিত্ৰ্যক একত্ৰিত কৰিছে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতীয় ভাষাই ৰাষ্ট্ৰীয় আৰু বৈশ্বিক মঞ্চত যথাযথ স্বীকৃতি আৰু সন্মান লাভ কৰিছে

হিন্দী এক গণতান্ত্ৰিক ভাষা, ই ভিন্ন ভাৰতীয় ভাষা আৰু উপভাষাৰ লগতে একাধিক বিশ্ব ভাষাক সন্মান জনাই সেইসমূহৰ শব্দভাণ্ডাৰ, বাক্য আৰু ব্যাকৰণৰ নিয়ম গ্ৰহণ কৰিছে

সকলো দেশৰ মৌলিক আৰু সৃজনীশীল প্ৰকাশ কেৱল নিজৰ ভাষাৰ জৰিয়তেহে সম্ভৱ, সকলো ভাৰতীয় ভাষা আৰু উপভাষা আমাৰ সাংস্কৃতিক ঐতিহ্য, যাক আমি লগত লৈ ফুৰো

Posted On: 14 SEP 2023 9:31AM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে হিন্দী দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। বাৰ্তাটোত গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত এখনি নানা ভাষাৰ দেশ। হিন্দীয়ে বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশখনত ভাষাৰ বৈচিত্ৰ্যক একত্ৰিত কৰিছে। তেওঁ কয় যে হিন্দী ভাষা গণতান্ত্ৰিক ভাষা হৈ আহিছে। ই ভিন্ন ভাৰতীয় ভাষা আৰু উপভাষাৰ লগতে একাধিক বিশ্ব ভাষাক সন্মান জনাই ইয়াৰ শব্দভাণ্ডাৰ, বাক্য আৰু ব্যাকৰণৰ নিয়ম গ্ৰহণ কৰিছে।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে স্বাধীনতা আন্দোলনৰ জটিল সময়ছোৱাত দেশখনক একত্ৰিতকৰণত হিন্দী ভাষাই এক অভূতপূৰ্ব ভূমিকা পালন কৰিছিল। নানা ভাষা আৰু উপভাষাত বিভক্ত দেশ এখনত ই একতাৰ অনুভূতি জগাই তুলিছিল। যোগাযোগৰ ভাষা হিচাপে হিন্দীয়ে দেশখনৰ পূবৰপৰা পশ্চিমলৈ আৰু উত্তৰৰপৰা দক্ষিণলৈ স্বাধীনতা সংগ্ৰামক আগুৱাই নিয়াৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। শ্ৰী শ্বাহে কয় যে দেশখনত একেলগে ‘স্বৰাজ’ আৰু ‘স্বভাষা’ লাভৰ আন্দোলন চলিছিল। স্বাধীনতা আন্দোলনত আৰু স্বাধীনতাৰ পিছত হিন্দীৰ গুৰুত্বপূৰ্ণ ভূমিকা বিবেচনাৰে সংবিধান প্ৰণেতাসকলে ১৯৪৯ৰ ১৪ ছেপ্টেম্বৰত হিন্দীক চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰিছিল।

 

গৃহমন্ত্ৰীয়ে কয় যে সকলো দেশৰ মৌলিক আৰু সৃজনীশীল প্ৰকাশ কেৱল নিজৰ ভাষাৰ জৰিয়তেহে সম্ভৱ। প্ৰখ্যাত সাহিত্যিক ভাৰতেন্দু হৰিশচন্দ্ৰৰ বিখ্যাত কবিতা “निज भाषा उन्नति अहै, सब उन्नति को मूल”ৰ কথা উল্লেখেৰে তেওঁ আমাৰ ভাষাৰ প্ৰগতিক সৰ্বাংগীন প্ৰগতিৰ আধাৰ বুলি কয়। শ্ৰী শ্বাহে কয় যে আমাৰ সকলো ভাৰতীয় ভাষা আৰু উপভাষা আমাৰ সাংস্কৃতিক ঐতিহ্য, যাক আমি লগত লৈ ফুৰো। তেওঁ লগতে কয় যে হিন্দীয়ে কেতিয়াও আন কোনো ভাৰতীয় ভাষাৰ সৈতে প্ৰতিদ্বন্বিতা কৰা নাই আৰু প্ৰতিদ্বন্দ্বিতা নকৰেও। আমাৰ সকলো ভাষাক শক্তিশালী কৰা মাত্ৰকেহে এখনি শক্তিশালী ৰাষ্ট্ৰ সম্ভৱ। গৃহমন্ত্ৰীয়ে হিন্দী সকলো স্থানীয় ভাষাক সবলীকৰণৰ মাধ্যমত পৰিণত হ'ব বুলি বিশ্বাস প্ৰকাশ কৰে।

 

শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতীয় ভাষাসমূহে ৰাষ্ট্ৰীয় আৰু বৈশ্বিক মঞ্চত উপযুক্ত স্বীকৃতি আৰু সন্মান লাভ কৰিছে। তেওঁ লগতে কয় যে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ চৰকাৰী ভাষা বিভাগে আধুনিক প্ৰযুক্তিৰ সহায়েৰে ভাৰতীয় ভাষাসমূহক ৰাজহুৱা প্ৰশাসন, শিক্ষা আৰু বৈজ্ঞানিক ব্যৱহাৰৰ ভাষা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ নিৰন্তৰ প্ৰচেষ্টা চলাই আছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰীগৰাকীৰ নিৰ্দেশনাত ভাৰতীয় ভাষাত চৰকাৰ আৰু জনসাধাৰণৰ মাজত যোগাযোগ স্থাপনেৰে জনকল্যাণমূলক আঁচনিসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণ কৰা হৈছে।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে দেশখনত চৰকাৰী ভাষাত কৰা কামসমূহ সময়ে-সময়ে পুনৰীক্ষণৰ বাবে চৰকাৰী ভাষাৰ সংসদীয় সমিতি আছে। দেশজুৰি চৰকাৰী কাম-কাজত হিন্দী ভাষাৰ ব্যৱহাৰৰ ক্ষেত্ৰত অগ্ৰগতি পুনৰীক্ষণেৰে ইয়াৰ প্ৰতিবেদন ৰাষ্ট্ৰপতিৰ ওচৰত দাখিল কৰে এই সমিতিয়ে। শ্ৰী শ্বাহে লগতে কয় যে এই প্ৰতিবেদনৰ দ্বাদশ খণ্ড ৰাষ্ট্ৰপতিৰ ওচৰত দাখিল কৰা হৈছে। ২০১৪লৈকে প্ৰতিবেদনৰ মাত্ৰ ৯টা খণ্ডহে দাখিল কৰা হৈছিল, কিন্তু যোৱা ৪ বছৰতে ৩টা খণ্ড দাখিল কৰা হৈছে। ২০১৯ ৰপৰা ৫৯টা মন্ত্ৰালয়তে হিন্দী পৰামৰ্শদাতা সমিতি গঠন কৰা হৈছে আৰু বৈঠকসমূহো নিয়মীয়াকৈ অনুষ্ঠিত কৰা হৈছে। দেশখনৰ ভিন্ন অঞ্চলত চৰকাৰী ভাষাৰ ব্যৱহাৰ বৃদ্ধিৰ দৃষ্টিকোণৰে এতিয়ালৈকে মুঠ ৫২৮ খন টাউন চৰকাৰী ভাষা ৰূপায়ণ সমিতি (TOLIC) গঠন কৰা হৈছে। আনকি বিদেশতো যথাঃ লণ্ডন, ছিংগাপুৰ, ফিজি, ডুবাই আৰু প’ৰ্ট-লুইছত টাউন অফিচিয়েল লেংগুৱেজ ইমপ্লিমেন্টেচন কমিটি গঠন কৰা হৈছে। ভাৰতে ৰাষ্ট্ৰসংঘত হিন্দী ভাষাৰ ব্যৱহাৰৰ প্ৰসাৰৰ বাবেও উদ্যোগ গ্ৰহণ কৰিছে।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে চৰকাৰী ভাষা বিভাগেও ‘সৰ্বভাৰতীয় চৰকাৰী ভাষা সন্মিলন’ আয়োজনৰ এক নতুন পৰম্পৰা আৰম্ভ কৰিছে। ১৩-১৪ নৱেম্বৰ, ২০২১ত বাৰাণসীত প্ৰথমখন সৰ্বভাৰতীয় চৰকাৰী ভাষা সন্মিলন আৰু ১৪ ছেপ্টেম্বৰ ২০২২ত চুৰাটত দ্বিতীয়খন সন্মিলনৰ আয়োজন কৰা হয়। এইবাৰ পুনেত তৃতীয় সৰ্বভাৰতীয় চৰকাৰী ভাষা সন্মিলনৰ আয়োজন কৰা হৈছে। তেওঁ কয় যে প্রযুক্তি অনুযায়ী চৰকাৰী ভাষাৰ বিকাশৰ অৰ্থে চৰকাৰী ভাষা বিভাগে স্মৃতিভিত্তিক অনুবাদ ব্যৱস্থা ‘কণ্ঠস্থ’ যুগুত কৰিছে। নতুন উদ্যোগ গ্ৰহণেৰে চৰকাৰী ভাষা বিভাগে ‘হিন্দী শব্দ সিন্ধু’ অভিধানো প্ৰণয়ন কৰিছে। সংবিধানৰ অষ্টম অনুসূচীৰ অন্তৰ্ভুক্ত ভাৰতীয় ভাষাৰ শব্দ সন্নিবিষ্টকৰণেৰে এই অভিধানখন নিৰন্তৰভাৱে সমৃদ্ধ হৈ আছে। ইয়াৰোপৰি, বিভাগটোৱে মুঠ ৯০ হাজাৰ শব্দৰে গঠিত ‘ই-মহাশব্দকোষ’ ম’বাইল এপ আৰু প্ৰায় ৯ হাজাৰ বাক্যৰ ‘ই-সৰল’ অভিধান প্ৰণয়ন কৰিছে।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ভাষা পৰিৱৰ্তনৰ নীতি সন্দৰ্ভত কয়, “ভাষাই জটিলতাৰপৰা সৰলতালৈ গতি কৰে।” শ্ৰী শ্বাহে কয় যে তেওঁৰ মতে কাৰ্য্যালয়ৰ কামত হিন্দী ভাষাৰ সহজ আৰু স্পষ্ট শব্দ ব্যৱহাৰ কৰা উচিত। চৰকাৰী ভাষা বিভাগৰ এই প্ৰচেষ্টাৰদ্বাৰা হিন্দীয়ে জনসাধাৰণৰ গ্ৰহণযোগ্যতাৰে বৈজ্ঞানিক আৰু প্ৰযুক্তিগত গ্ৰহণযোগ্যতা লাভ কৰিব আৰু চহকী চৰকাৰী ভাষা হিচাপে আত্মপ্ৰকাশ কৰিব। আকৌ এবাৰ আটাইকে হিন্দী দিৱস উপলক্ষে অভিনন্দন জনালোঁ বুলি তেওঁ কয়।

***


(Release ID: 1957524) Visitor Counter : 178