প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰে বৈঠক প্ৰধানমন্ত্ৰীৰ

Posted On: 08 SEP 2023 7:46PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰে তেওঁৰ নিজৰ চৰকাৰী বাসগৃহত বৈঠকত মিলিত হয়৷ জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতলৈ আহিছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী।

টুইটাৰত শ্ৰী মোদীয়ে কয়;

“প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে ফলপ্ৰসূ আলোচনাত মিলিত হও৷ বিগত ৯ বছৰত ভাৰত-বাংলাদেশৰ সম্পৰ্কৰ অগ্ৰগতি অতি আনন্দদায়ক। আমাৰ আলোচনাত যোগাযোগ, বাণিজ্যিক সংযোগ আৰু অন্যান্য বহুতো বিষয় সামৰি লোৱা হয়৷”

পিএমঅ’ইও আন এক পোষ্টত কয়;

“ভাৰত-বাংলাদেশৰ দ্বিপাক্ষিক সহযোগিতাৰ বৈচিত্ৰ্যৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে প্ৰধানমন্ত্ৰী @narendramodiয়ে ফলপ্ৰসূ আলোচনাত মিলিত হয়। যোগাযোগ, সংস্কৃতিৰ লগতে জনসাধাৰণৰ মাজত সম্পৰ্ককে ধৰি বহুতো খণ্ডত সম্পৰ্ক শক্তিশালী কৰিবলৈ সহমত প্ৰকাশ কৰে৷”

*********



(Release ID: 1955753) Visitor Counter : 121