ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়

“ভাৰতৰ জি-২০ নেতৃত্বৰ অধীনত ডিপিআইৰ সংজ্ঞা, ফ্ৰেমৱৰ্ক আৰু নীতি সন্দৰ্ভত ঐতিহাসিক বৈশ্বিক ঐক্যমতত উপনীত হোৱা গৈছে”: ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰ

“গ্ল’বেল ছাউথৰ দেশসমূহকে প্ৰমুখ্য কৰি অন্তৰ্ভুক্তিৰ বাবে ডিপিআই হৈছে এক শক্তিশালী ব্যৱস্থা”: ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰ

“পিছ পৰি থকা দেশসমূহে এই ঐক্যমতক ডিপিআইৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ অনুসৰণক উপায় হিচাপে লৈছে”: ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰ

Posted On: 05 SEP 2023 3:10PM by PIB Guwahati

কেন্দ্ৰীয় দক্ষতা বিকাশ আৰু উদ্যমিতা তথা ইলেক্ট্ৰনিক্স আৰু আইটি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰাজীৱ চন্দ্ৰশেখৰে আজি সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰে। ইয়াত তেওঁ আগষ্টত অনুষ্ঠিত ডিজিটেল অৰ্থনীতি মন্ত্ৰীসকলৰ বৈঠকৰ গুৰুত্বপূৰ্ণ ফলাফলৰাজি সম্পৰ্কে আলোচনা কৰে। তেওঁ ভাৰতৰ অধ্যক্ষতাৰ অধীনত এক ঐতিহাসিক পদক্ষেপ স্বৰূপে জি-২০ ডিজিটেল অৰ্থনীতি মন্ত্ৰীসকলে ভৱিষ্যতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিক (DPI) কাৰ্য্যকৰীভাৱে গঢ়ি তোলা সন্দৰ্ভত ঐক্যমতত উপনীত হোৱা বুলি উল্লেখ কৰে।

শ্ৰী ৰাজীৱ চন্দৰশেখৰে কয় যে ৰাষ্ট্ৰসমূহৰ মাজত এই ঐক্যমতে তিনি মূল ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰে – ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, চাইবাৰ সুৰক্ষা আৰু ডিজিটেল দক্ষতা।

“ডিপিআইৰ ক্ষেত্ৰত পোন-প্ৰথমবাৰৰ বাবে বৈশ্বিক ঐক্যমতত উপনীত হোৱা যায় আৰু এই ঐক্যমতে ইয়াৰ সংজ্ঞা, ফ্ৰেমৱৰ্ক আৰু নীতি সন্দৰ্ভত পোষকতা কৰে। এয়া হৈছে জি-২০ৰ প্ৰেক্ষাপটত গতি লাভ কৰা এক ৰোমাঞ্চকৰ কথোপকথন। এই ক্ষেত্ৰত ভাৰত অধ্যয়নৰ কেন্দ্ৰ হৈ পৰিছে। কিয়নো ৰাষ্ট্ৰখনে প্ৰগতি আৰু বিকাশৰ বাবে প্ৰযুক্তিগত আহিলাৰ ব্যৱহাৰ আৰু প্ৰয়োগত আগৰণুৱাৰ ভূমিকা পালন কৰি আহিছে। এই ক্ষেত্ৰত পিছ পৰি থকা দেশসমূহে ক্ৰমশঃ মুক্ত-উৎস ডিজিটেল আন্তঃগাঁথনি-ডিপিআইৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ অনুসৰণক উপায় হিচাপে লৈছে আৰু ইয়াৰ ব্যৱহাৰেৰে ভাৰতৰ দৰে প্ৰভাৱ সৃষ্টি কৰিবলৈ আগ্ৰহী হৈ উঠিছে। এই জি-২০ কথোপকথনৰ জৰিয়তে আমি গ্ল’বেল ছাউথৰ দেশসমূহকে প্ৰমুখ্য কৰি অন্তৰ্ভুক্তিৰ বাবে ডিপিআই যে এক শক্তিশালী ব্যৱস্থা, সেয়া হৃদয়ংগম কৰিব পাৰিছোঁ”, মন্ত্ৰীজনে কয়।

ভাৰতে আৰ্মেনিয়া, ছিয়েৰা লিয়ন, চুৰিনাম, এন্টিগুয়া, বাৰ্বাডোছ, ট্ৰিনিদাদ আৰু ট’বাগো, পাপুয়া নিউগিনি আৰু মৰিচাছৰ দৰে দেশৰ সৈতে আঠখন বুজাবুজিৰ চুক্তিত (MoU) স্বাক্ষৰেৰে দেশ কেইখনক মুক্ত-উৎস প্ৰবেশসহ বিনামূলীয়াকৈ ইণ্ডিয়া ষ্টেক আৰু ডিপিআই আগবঢ়াইছে। এই ৰাষ্ট্ৰসমূহে এতিয়া উক্ত সমলৰাজি নিজৰ সীমাৰ ভিতৰত অভিযোজনা আৰু ব্যৱহাৰৰ সুযোগ পাইছে। ইয়াৰ ফলশ্ৰুতিত নিজ-নিজ অনন্য উদ্ভাৱন বাতাবৰণসমূহ অধিক বিকশিত হৈছে। 

মন্ত্ৰীজনে ডিপিআইৰ উপৰিও দ্ৰুত বৰ্ধমান অৰ্থনীতিৰ বাবে ইয়াৰ গুৰুত্বত আলোকপাতেৰে ৰাষ্ট্ৰসমূহে চাইবাৰ সুৰক্ষাকো কেনেকৈ অগ্ৰাধিকাৰ প্ৰদান কৰিছে, সেই সম্পৰ্কে কয়। শ্ৰী ৰাজীৱ চন্দ্ৰশেখৰে কয়, “চাইবাৰ সুৰক্ষা সন্দৰ্ভত জি-২০ৰ ডিজিটেল অৰ্থনীতি মন্ত্ৰীসকলে ব্যৱসায়সমূহৰ সুৰক্ষিতকৰণ কিয় গুৰুত্বপূৰ্ণ, সেই সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰিছে। চাইবাৰ সুৰক্ষা বিশ্বৰ সকলো দেশৰ বাবে এক গুৰুত্বপূৰ্ণ বিষয় কিয়নো ডিজিটেল অৰ্থনীতি ক্ৰমশঃ অৰ্থনৈতিক প্ৰগতি আৰু বিশ্ব অৰ্থনীতিৰ এক বৃহৎ উপাদান হৈ পৰিছে।”

তৃতীয়টো ঐক্যমত আছিল ডিজিটেল দক্ষতা। মন্ত্ৰীজনে কয় যে ক’ভিড-পৰৱৰ্তী ডিজিটেল জগতখনত যুৱক-যুৱতীসকলৰ মাজত ডিজিটেল দক্ষতা আহৰণ আৰু ইয়াৰ প্ৰতিপালন ৰাষ্ট্ৰসমূহৰ বাবে প্ৰয়োজনীয়।

“ক’ভিডৰ পৰৱৰ্তী সময়ৰ ডিজিটেল জগতখনত ডিজিটেল দক্ষতাৰ প্ৰয়োজনীয়তা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। ভাৰতৰ প্ৰতিভা আমাৰ যুৱক-যুৱতীসকলৰ বাবে ডিজিটেল দক্ষতা সৃষ্টিত কেন্দ্ৰীভূত। এই আলোচনাত এনে কথাই প্ৰতিধ্বনিত হৈছে। বহু দেশেই পাৰস্পৰিকভাৱে আৰু ভাৰতৰ সৈতে অংশীদাৰিত্বৰে আগন্তুক টেকেডৰ প্ৰত্যাহ্বানসমূহৰে মোকাবিলা কৰিবলৈ ডিজিটেল-প্ৰস্তুত, ভৱিষ্যতৰ বাবে সাজু দক্ষ প্ৰতিভা গঢ়ি তুলিবলৈ আগ্ৰহী হৈ উঠিছে”, শ্ৰী ৰাজীৱ চন্দ্ৰশেখৰে লগতে কয়।

***



(Release ID: 1954953) Visitor Counter : 91