প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
গেছৰ মূল্য হ্ৰাসে আমাৰ ভগ্নীসকলৰ জীৱন যাপনৰ সহজতা বৃদ্ধি কৰিবঃ প্ৰধানমন্ত্ৰী
সকলো এলপিজি গ্ৰাহকৰ বাবে এলপিজি চিলিণ্ডাৰৰ মূল্য ২০০ টকাকৈ হ্ৰাস কৰাৰ সাহসী পদক্ষেপ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
29 AUG 2023 6:19PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো এলপিজি গ্ৰাহকৰ বাবে অৰ্থাৎ ৩৩ কোটি সংযোগৰ বাবে প্ৰতিটো এলপিজি চিলিণ্ডাৰৰ মূল্য ২০০ টকাকৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
শ্ৰী মোদীয়ে কয় যে ৰক্ষা বন্ধন উৎসৱ আমাৰ পৰিয়ালত সুখ বৃদ্ধিৰ দিন।
পিএম উজ্জ্বলা যোজনাৰ গ্ৰাহকে তেওঁলোকৰ একাউণ্টত ₹200/চিলিণ্ডাৰৰ ৰাজসাহায্য লাভ কৰি থাকিব।
চৰকাৰে ৭৫ লাখ অতিৰিক্ত পিএম উজ্জ্বলা সংযোগতো অনুমোদন জনাইছে, যাৰ ফলত মুঠ পিএমইউৱাই হিতাধিকাৰী ১০.৩৫ কোটিলৈ বৃদ্ধি পাব।
কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীৰ এক্স থ্ৰেডৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে;
"ৰক্ষাবন্ধন উৎসৱ আমাৰ পৰিয়ালত সুখ বৃদ্ধিৰ দিন। গেছৰ দাম হ্ৰাস পোৱাৰ ফলত মোৰ পৰিয়ালৰ ভগ্নীহঁতৰ আৰাম বাঢ়িব আৰু তেওঁলোকৰ জীৱন অধিক সহজ হৈ পৰিব। মোৰ প্ৰতিগৰাকী ভগ্নী আনন্দিত হওক, সুস্থ হওক, সুখী হওক, এয়াই মোৰ ভগৱানৰ ওচৰত কামনা।"
অধিক সবিশেষ ইয়াত পাব: https://pib.gov.in/PressReleasePage.aspx?PRID=1953241
**********
(रिलीज़ आईडी: 1953467)
आगंतुक पटल : 165
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam