পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়

প্ৰধানমন্ত্ৰীয়ে সকলো এলপিজি গ্ৰাহক (৩৩ কোটি সংযোগ)ৰ বাবে এলপিজি চিলিণ্ডাৰৰ মূল্য ২০০ টকা/ চিলিণ্ডাৰ হ্ৰাস কৰাৰ সাহসী পদক্ষেপ গ্ৰহণ কৰিছে

পিএম উজ্জ্বলা যোজনাৰ গ্ৰাহকে তেওঁলোকৰ একাউণ্টত ২০০ টকা/চিলিণ্ডাৰৰ ৰাজসাহায্য লাভ কৰি থাকিব

চৰকাৰে ৭৫ লাখ অতিৰিক্ত উজ্জ্বলা সংযোগতো অনুমোদন জনাইছে, যাৰ ফলত মুঠ পিএমইউৱাই হিতাধিকাৰী ১০.৩৫ কোটিলৈ বৃদ্ধি পাব

Posted On: 29 AUG 2023 5:10PM by PIB Guwahati

সমগ্ৰ দেশৰ প্ৰতিঘৰ গৃহস্থীক সকাহ দিব পৰা এটা পদক্ষেপত, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে, ৰন্ধন গেছৰ মূল্য যথেষ্ট হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে। ৩০-০৮-২০২৩ৰ পৰা কাৰ্যকৰী হোৱাকৈ, দেশৰ সকলো বজাৰতে ১৪.২ কেজি এলপিজি চিলিণ্ডাৰৰ মূল্য ২০০ টকা হ্ৰাস কৰা হ’ব। উদাহৰণস্বৰূপে দিল্লীত, এই সিদ্ধান্তই ১৪.২ কেজি চিলিণ্ডাৰৰ খৰচ বৰ্তমানৰ ১১০৩ টকাৰ পৰা প্ৰতি চিলিণ্ডাৰত অধিক সুলভ ৯০৩ টকালৈ হ্ৰাস কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, "ৰক্ষা বন্ধন উপলক্ষে মোৰ দেশৰ কোটি কোটি ভগ্নীলৈ এইটো এটা উপহাৰ। আমাৰ চৰকাৰে সদায় সম্ভৱপৰ সকলো কাম কৰিব যাতে মানুহৰ জীৱনৰ মান উন্নত হয় আৰু দৰিদ্ৰ তথা মধ্যবিত্ত শ্ৰেণীৰ উপকাৰ হয়।"

 

এই হ্ৰাস পিএমইউৱাই পৰিয়ালসমূহক প্ৰতি চিলিণ্ডাৰত অব্যাহত থাকিবলগা নিৰ্ধাৰিত ২০০ টকাৰ ৰাজসাহায্যৰ অতিৰিক্তভাৱে দিয়া হ'ব। পিএমইউৱাই পৰিয়ালৰ বাবে সেয়েহে এই হ্ৰাসৰ পিছত দিল্লীত কাৰ্যকৰী মূল্য হ’ব প্ৰতি চিলিণ্ডাৰত ৭০৩ টকা।

 

মন কৰিবলগীয়া যে ৯.৬ কোটি পিএমইউৱাই হিতাধিকাৰী পৰিয়ালকে ধৰি দেশত ৩১ কোটিতকৈ অধিক ঘৰুৱা এলপিজি গ্ৰাহক আছে আৰু এই হ্ৰাসে দেশৰ সকলো এলপিজি গ্ৰাহকক সহায় কৰিব। বাকী থকা পিএমইউৱাই আবেদনসমূহ ক্লিয়াৰ কৰিবলৈ আৰু সকলো যোগ্য পৰিয়ালক জমা বিনামূলীয়া এলপিজি সংযোগ প্ৰদান কৰিবলৈ চৰকাৰে অতি সোনকালে এলপিজি সংযোগ নথকা দৰিদ্ৰ পৰিয়ালৰ ৭৫ লাখ মহিলাক পিএমইউৱাই সংযোগ বিতৰণ আৰম্ভ কৰিব। ইয়াৰ ফলত পিএমইউৱাইৰ অধীনত মুঠ হিতাধিকাৰীৰ সংখ্যা ৯.৬ কোটিৰ পৰা ১০.৩৫ কোটিলৈ বৃদ্ধি পাব।

 

নাগৰিকৰ ওপৰত আৰ্থিক বোজা লাঘৱ কৰাৰ লগতে পৰিয়ালৰ কল্যাণক প্ৰসাৰিত কৰাৰ বাবে চৰকাৰে চলাই থকা প্ৰচেষ্টাৰ অংশ হিচাপে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰন্ধন গেছৰ মূল্য হ্ৰাসে চৰকাৰৰ নাগৰিকৰ মংগলৰ বাবে অগ্ৰাধিকাৰ দিয়াৰ লগতে যুক্তিসংগত হাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ সুবিধা নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে।

 

পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মাননীয় মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীয়ে এই সিদ্ধান্তত আনন্দ প্ৰকাশ কৰি কয়, "ঘৰ পৰিয়ালে বাজেট পৰিচালনাৰ ক্ষেত্ৰত সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ আমি বুজি পাওঁ। ৰন্ধন গেছৰ মূল্য হ্ৰাসৰ লক্ষ্য হৈছে পৰিয়ালসমূহ আৰু ব্যক্তিসকলক প্ৰত্যক্ষ সকাহ প্ৰদান কৰা, লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ সুলভ মূল্যৰ সুবিধা নিশ্চিত কৰাৰ চৰকাৰৰ বৃহত্তৰ লক্ষ্যকো সমৰ্থন কৰে।"

 

ৰন্ধন গেছৰ মূল্য হ্ৰাস পোৱাৰ ফলত সমাজৰ এক বিস্তৃত পৰিসৰৰ জীৱন-যাপনৰ ব্যয়ত ইতিবাচক প্ৰভাৱ পৰিব বুলি আশা কৰা হৈছে। চৰকাৰৰ এই সক্ৰিয় পদক্ষেপৰ জৰিয়তে পৰিয়ালৰ বাবে যথেষ্ট খৰচ ৰাহি কৰাৰ প্ৰকল্প কৰা হৈছে, যাৰ ফলত নাগৰিকৰ ব্যৱহাৰযোগ্য আয়ত এক প্ৰশংসনীয় অৱদান আগবঢ়োৱা হ’ব।

 

চৰকাৰে জনসাধাৰণৰ বোজা লাঘৱ কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে আৰু ৰন্ধন গেছৰ এই মূল্য হ্ৰাস পোৱাটো চৰকাৰে জনসাধাৰণৰ প্ৰয়োজনীয়তাৰ প্ৰতি সঁহাৰি জনোৱা আৰু তেওঁলোকৰ কল্যাণৰ প্ৰতি অদম্য সমৰ্পণৰ প্ৰমাণ।

**********



(Release ID: 1953323) Visitor Counter : 142