প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আজি দেশবাসীক 'হৰ ঘৰ ত্ৰিৰঙ্গা'ৰ ভাৱনাৰে তেওঁলোকৰ ছ'চিয়েল মিডিয়া একাউণ্টৰ ডিপি সলনি কৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

Posted On: 13 AUG 2023 10:32AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ ছ'চিয়েল মিডিয়া একাউণ্টৰ ডিপিক ত্ৰিৰংগালৈ ৰূপান্তৰিত কৰে। তেওঁ দেশবাসীকো #হৰ_ঘৰ_ত্ৰিৰঙ্গা ভাৱনাৰে এনে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

উল্লেখ্য যে দেশে বিগত বৰ্ষৰ লেখীয়াকৈ এইবছৰো ১৩ ৰ পৰা ১৫ আগষ্টলৈ প্ৰতি ঘৰতে ত্ৰিৰঙ্গা উৰুওৱাৰ অভিযান উদযাপন কৰিব।

প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে টুইট যোগে কয়: “#হৰ ঘৰ ত্ৰিৰঙ্গা অভিযানৰ ভাৱনাত, আমি আমাৰ ছ'চিয়েল মিডিয়া একাউণ্টৰ ডিপি সলনি কৰোঁ আহক আৰু এই অনন্য প্ৰচেষ্টাক সমৰ্থন কৰোঁ আহক, যাৰ ফলত আমাৰ প্ৰিয় দেশ আৰু আমাৰ মাজৰ সম্পৰ্ক অধিক গভীৰ হ'ব।”

 

In the spirit of the #HarGharTiranga movement, let us change the DP of our social media accounts and extend support to this unique effort which will deepen the bond between our beloved country and us.

— Narendra Modi (@narendramodi) August 13, 2023

 

***



(Release ID: 1949213) Visitor Counter : 104