প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে 'হৰ ঘৰ তিৰংগা' কাৰ্যসূচীৰ অধীনত তিৰংগাৰ সৈতে ফটো আপলোড কৰিবলৈ দেশবাসীক আহ্বান জনায়

Posted On: 11 AUG 2023 8:41PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩ আগষ্টৰ পৰা ১৫ আগষ্টৰ ভিতৰত ‘হৰ ঘৰ তিৰংগা’ কাৰ্যসূচীৰ অধীনত তিৰংগাৰ সৈতে উঠা ফটোসমূহ harghartiranga.comত আপলোড কৰিবলৈ দেশবাসীক অনুৰোধ জনাইছে।

এলানি টুইটত প্ৰধানমন্ত্ৰীয়ে কয়, 

‘‘হৰ ঘৰ তিৰংগা’ অভিযানে স্বাধীনতাৰ অমৃত মহোৎসৱত এক নতুন শক্তি সংযোজন কৰিছে। এইবাৰ দেশবাসীয়ে এই অভিযানক নতুন উচ্চতালৈ লৈ যাব লাগিব। আহক আমি ১৩ আগষ্টৰ পৰা ১৫ আগষ্টৰ ভিতৰত দেশৰ সৌৰ্য্য-বীৰ্য আৰু গৌৰৱৰ প্ৰতীক জাতীয় পতাকা উত্তোলন কৰোঁ। লগতে harghartiranga.comত ত্ৰিৰংগৰ সৈতে আপোনাৰ চেলফি আপলোড কৰক।

‘তিৰংগা হৈছে স্বাধীনতা আৰু জাতীয় ঐক্যৰ মনোভাৱৰ এক প্ৰতীক। প্ৰতিজন ভাৰতীয়ৰ ত্ৰিৰংগাৰ সৈতে আৱেগিক সংযোগ আছে আৰু ই আমাক দেশৰ অগ্ৰগতিৰ বাবে অধিক কঠোৰ পৰিশ্ৰম কৰিবলৈ অনুপ্ৰাণিত কৰে। ১৩ আগষ্টৰ পৰা ১৫ আগষ্টৰ ভিতৰত হৰ ঘৰ তিৰংগা আন্দোলনত অংশগ্ৰহণ কৰিবলৈ আপোনালোক সকলোকে আহ্বান জনালোঁ। ইয়াত তিৰংগাৰ সৈতে আপোনাৰ ফটো আপলোড কৰক… harghartiranga.com”

‘हर घर तिरंगा’ अभियान ने आजादी के अमृत महोत्सव में एक नई ऊर्जा भरी है। देशवासियों को इस साल इस अभियान को एक नई ऊंचाई पर ले जाना है। आइए, 13 से 15 अगस्त के बीच देश की आन-बान और शान के प्रतीक राष्ट्रीय ध्वज को फहराएं। तिरंगे के साथ https://t.co/0CtV8SCePz पर अपनी सेल्फी भी जरूर…

— Narendra Modi (@narendramodi) August 11, 2023

 

The Tiranga symbolises the spirit of freedom and national unity. Every Indian has an emotional connect with the Tricolour and it inspires us to work harder to further national progress. I urge you all to take part in the #HarGharTiranga movement between 13th to 15th August.…

— Narendra Modi (@narendramodi) August 11, 2023

 

********



(Release ID: 1948440) Visitor Counter : 90