বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

ৰাজ্যিক দুৰ্যোগ প্ৰশমণৰ বাবে ৭,৫৩২ কোটি টকা মুকলি কৰিলে কেন্দ্ৰই

ধাৰাসাৰ বৰষুণ আৰু ইয়াৰ লগত জড়িত প্ৰাকৃতিক দুৰ্যোগৰ পৰিপ্ৰেক্ষিতত ৰাজ্যসমূহত তাৎক্ষণিকভাৱে পূঁজি যোগানৰ নিৰ্দেশনা শিথিল কৰা হৈছে

प्रविष्टि तिथि: 12 JUL 2023 4:03PM by PIB Guwahati

বিত্ত মন্ত্ৰালৰ ব্যয় বিভাগে আজি ২২খন ৰাজ্য চৰকাৰলৈ ৰাজ্যিক দুৰ্যোগ প্ৰশমণ পূঁজি (এছডিআৰএফ)ৰ অধীনত ৭,৫৩২ কোটি টকা মুকলি কৰি দিছে৷ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰামৰ্শৰ ভিত্তিত পূঁজিসমূহ মুকলি কৰি দিয়া হৈছে৷ ৰাজ্যিকভিত্তিক মুকলি কৰি দিয়া পূঁজিৰ সবিশেষ তলত উল্লেখ কৰা ধৰণৰ-

 

(কোটি টকাৰ হিচাপত)

ক্ৰ.নং.

ৰাজ্য

ধনৰ পৰিমাণ

১.

অন্ধ্ৰপ্ৰদেশ

৪৯৩.৬০

২.

অৰুণাচলপ্ৰদেশ

১১০.৪০

৩.

অসম

৩৪০.৪০

৪.

বিহাৰ

৬২৪.৪০

৫.

চত্তীশগড়

১৮১.৬০

৬.

গোৱা

৪.৮০

৭.

গুজৰাট

৫৮৪.০০

৮.

হাৰিয়ানা

২১৬.৮০

৯.

হিমাচলপ্ৰদেশ

১৮০.৪০

১০.

কৰ্ণাটক

৩৪৮.৮০

১১.

কেৰালা

১৩৮.৮০

১২.

মহাৰাষ্ট্ৰ

১৪২০.৮০

১৩.

মনিপুৰ

১৮.৮০

১৪.

মেঘালয়

২৭.২০

১৫.

মিজোৰাম

২০.৮০

১৬.

ওড়িশা

৭০৭.৬০

১৭.

পাঞ্জাৱ

২১৮.৪০

১৮.

তামিলনাডু

৪৫০.০০

১৯.

তেলেংগানা

১৮৮.৮০

২০.

ত্ৰিপুৰা

৩০.৪০

২১.

উত্তৰপ্ৰদেশ

৮১২.০০

২২.

উত্তৰাখণ্ড

৪১৩.২০

 

সমগ্ৰ দেশত ধাৰাসাৰ বৰষণ হৈ থকাৰ পৰিপ্ৰেক্ষিতত পূঁজি মুকলি কৰি দিয়া নিৰ্দেশনাবোৰ শিথিল কৰা হৈছে৷ সেই হিচাপে ৰাজ্যসমূহে যোৱা বিত্তীয় বৰ্ষৰ ব্যৱহাৰিক প্ৰমাণপত্ৰ প্ৰদান নকৰাকৈয়ে তাৎক্ষণিকভাৱে পূঁজিসমূহ মুকলি কৰি দিয়া হৈছে৷

কেন্দ্ৰীয় চৰকাৰে সাধাৰণ ৰাজ্যসমূহক এছডিআৰএফৰ ৭৫% আৰু উত্তৰ-পূব আৰু হিমালয়ান ৰাজ্যসমূহক ৯০% পূঁজিৰ বৰঙণি আগবঢ়ায়৷

পঞ্চদশ বিত্ত আয়োগৰ পৰামৰ্শৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে ২০২১-২২ চনৰ পৰা ২০২৫-২৬ চনলৈকে এছডিআৰএফৰ বাবে ১,২৮,১২২.৪০ কোটি টকা আবণ্টন দিছে। এই ধনৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ অংশ ৯৮,০৮০.৮০ কোটি টকা। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে বৰ্তমানৰ পূঁজিৰ পূৰ্বে ৩৪,১৪০.০০ কোটি টকা মুকলি কৰি দিছিল। বৰ্তমানৰ পূঁজিসহ ৰাজ্য চৰকাৰসমূহক মুকলি কৰি দিয়া এছডিআৰএফৰ কেন্দ্ৰীয় অংশীদাৰিত্বৰ মুঠ ধনৰ পৰিমাণ ৪২,৩৬৬ কোটি টকালৈ বৃদ্ধি পাইছে।

****


(रिलीज़ आईडी: 1939197) आगंतुक पटल : 199
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , English , Urdu , Marathi , हिन्दी , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada