তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ “বিপৰ্যয়” ঘূৰ্ণীবতাহক লৈ গ্ৰাউণ্ড ৰিপ’ৰ্টিং কৰা সংবাদ কৰ্মীসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত উদ্বেগ প্ৰকাশ; পৰামৰ্শ প্ৰদান

মন্ত্ৰালয়ে সংবাদ মাধ্যমক নিয়োজিত কৰ্মীসকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত আপোচ নকৰিবলৈ, ব্যাপক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে

Posted On: 15 JUN 2023 12:02PM by PIB Guwahati

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে “বিপৰ্যয়” ঘূৰ্ণীবতাহৰ বাতৰি পৰিবেশন কৰা ব্যক্তিগত টিভি চেনেলসমূহকে প্ৰমুখ্য কৰি ভিন্ন সংবাদ মাধ্যমৰ সাংবাদিক, কেমেৰামেন আৰু আন-আন কৰ্মীসকলৰ সুৰক্ষা আৰু নিৰাপত্তাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰালয়ে আজি এই ঘূৰ্ণীবতাহক লৈ গ্ৰাউণ্ড ৰিপ’ৰ্টিঙৰ বাবে সাংবাদিক, কেমেৰামেন আৰু আন-আন কৰ্মীসকলক নিয়োজিত কৰা এনে সকলো চেনেললৈ পৰামৰ্শ আগবঢ়াইছে।

মন্ত্ৰালয়ে সতৰ্কতা প্ৰদানেৰে কয় যে এই প্ৰাকৃতিক দুৰ্যোগ সন্দৰ্ভত গ্ৰাউণ্ড ৰিপ’ৰ্টিঙৰ বাবে ব্যক্তিগত চেটেলাইট টিভি চেনেলসমূহৰ সাংবাদিক, কেমেৰামেন আৰু আন কৰ্মীসকলক নিয়োজিতকৰণে তেওঁলোকৰ সুৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত গুৰুতৰ বিপদাশংকাৰ সৃষ্টি কৰিছে। মন্ত্ৰালয়ে এনে গ্ৰাউণ্ড ৰিপ’ৰ্টিঙে নিয়োজিত একাধিক কৰ্মীৰ জীৱনলৈয়ো ভাবুকি কঢ়িয়াই আনিব পাৰে বুলিও উদ্বেগ প্ৰকাশ কৰে।

মন্ত্ৰালয়ে সংবাদ মাধ্যমসমূহক প্ৰভাৱিত হোৱাৰ সম্ভাৱনাসম্পন্ন অঞ্চলসমূহত তেওঁলোকৰ কৰ্মী নিয়োজিতকৰণৰ ক্ষেত্ৰত ব্যাপক সতৰ্কতা আৰু যথাযথ সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। ইয়াৰোপৰি, কোনো পৰিস্থিতিতে সংবাদ মাধ্যমসমূহক কৰ্মীসকলক তেওঁলোকৰ সুৰক্ষা আৰু নিৰাপত্তাৰে আপোচকামী স্থানত নিয়োজিতকৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰিবলৈ আৰু স্থানীয় প্ৰশাসনে জাৰি কৰা সাৱধানতাসমূহ মানি চলিবলৈ পৰামৰ্শ প্ৰদান কৰিছে। 

অতি সোনকালেই “বিপৰ্যয়” ঘূৰ্ণীবতাহে দেশৰ পশ্চিম উপকূলক প্ৰভাৱিতকৰণৰ সম্ভাৱনা আছে যিয়ে নানা বিপৰ্য্যয় সৃষ্টি কৰিব পাৰে। মন্ত্ৰালয়ে ৰাইজক আশ্বাস প্ৰদানেৰে কয় যে ৰাজ্য চৰকাৰসমূহৰ লগতে কেন্দ্ৰীয় চৰকাৰে এই ঘূৰ্ণীবতাহৰ প্ৰভাৱ হ্ৰাসৰ বাবে সকলো প্ৰচেষ্টা হাতত লৈছে।



(Release ID: 1932616) Visitor Counter : 112