প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘পেৰিছ ডায়মণ্ড লীগ’ত ব্ৰঞ্জৰ পদক জয় কৰা লং জাম্পাৰ শ্ৰীশংকৰ মুৰলীক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

Posted On: 10 JUN 2023 7:56PM by PIB Guwahati

‘পেৰিছ ডায়মণ্ড লীগ’ত ‘ব্ৰঞ্জৰ পদক’ অৰ্জন কৰাৰ বাবে ‘লং জাম্পাৰ’ শ্ৰীশংকৰ মুৰলীক অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে;

"শ্ৰীশংকৰ মুৰলীয়ে ‘পেৰিছ ডায়মণ্ড লীগ’ত এক উৎকৃষ্ট প্ৰদৰ্শনেৰে ইতিহাস ৰচনা কৰিছে! তেওঁৰ উল্লেখযোগ্য প্ৰয়াসে তেওঁক এক সন্মানীয় ‘ব্ৰঞ্জ পদক’ৰ অধিকাৰী কৰাৰ লগতে ‘ডায়মণ্ড লীগ’ত ‘লং জাম্প’ শিতানত ভাৰতক প্ৰথমবাৰৰ বাবে পদক লাভৰো সুযোগ প্ৰদান কৰিলে। তেওঁক অভিনন্দন জনাইছোঁ আৰু আগন্তুক প্ৰচেষ্টাসমূহৰ বাবে তেওঁলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।"

******



(Release ID: 1932302) Visitor Counter : 110