তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

যুৱ শক্তিক শক্তিশালী কৰি যোৱা ন বছৰত চৰকাৰী নীতিয়ে কেনেদৰে ভাৰতক শক্তিশালী কৰি তুলিছে সেই বিষয়ে ৰাষ্ট্ৰীয় সন্মিলনত আলোচনা কৰা হয়

Posted On: 27 MAY 2023 5:46PM by PIB Guwahati

নতুন দিল্লীৰ বিজ্ঞান ভৱনত সমাজৰ বিভিন্ন শ্ৰেণীৰ নাগৰিকসকল একত্ৰিত হৈ “যুৱ শক্তি: গেলভানাইজিংইণ্ডিয়া” শীৰ্ষক এক অধিবেশন আয়োজন কৰে। অধিৱেশনত বিগত ৯ বছৰৰ ভিতৰত চৰকাৰী নীতি আৰু কাৰ্যসূচীয়ে যুৱ সবলীকৰণত কেনেদৰে অৰিহণা যোগাইছে সেই সম্পৰ্কে আলোচনা কৰা হয়। প্ৰসাৰ ভাৰতীৰ উদ্যোগত আয়োজিত “ৰাষ্ট্ৰীয় সন্মিলন: সেৱা, সুশাসন, গৰীব কল্যাণৰ ৯ বছৰ” শীৰ্ষকসন্মিলনৰ অংশ হিচাপে এই অধিৱেশনখন অনুষ্ঠিত হয়। অধিৱেশনৰ পেনেলিষ্টসকলৰ ভিতৰত আছিল এস্প্ৰেছ’ টেকন’লজিছৰ সঞ্চালক যশোধৰা বাজোৰিয়া; অ’য়’ ৰুমছৰ চিইঅ’ৰিতেশ আগৰৱাল, ভাৰতীয় হকী দলৰ প্ৰাক্তন অধিনায়ক বীৰেন ৰাস্কুইনহা; বক্সাৰ অখিল কুমাৰ; সংগীত শিল্পী আমান আলী বংগাছ; আৰু অভিনেতা ঋষব ছেট্টী। অধিবেশনৰ আঁত ধৰে ৰেড এফ এমৰ ৰেডিঅ’ জকী ৰউনকে।

"উদ্যোগীসকলক প্ৰতিষ্ঠানগত সমৰ্থনৰ বাবে চৰকাৰ কৃতিত্বৰ যোগ্য"

এচপ্ৰো টেকন'লজিছৰ সঞ্চালক যশোধাৰা বাজোৰিয়াই কয় যে ষ্টেণ্ড আপ ইণ্ডিয়া আৰু ষ্টাৰ্ট আপ ইণ্ডিয়াৰ দৰে আঁচনিয়ে উদ্যোগীসকলক শক্তিশালী কৰাত এক ডাঙৰ ভূমিকা পালন কৰিছে। তেওঁ এগৰাকী মহিলা কৃষকৰ উদাহৰণ দিছিল যি এতিয়া তেওঁৰ উৎপাদিত সামগ্ৰীবিপণন কৰিবলৈ সক্ষম হৈছে, চৰকাৰৰ ডিজিটেল বাণিজ্যৰ বাবে মুক্ত নেটৱৰ্কৰ বাবে ধন্যবাদ। "কৃষক উৎপাদক সংগঠন আৰু স্ব-সহায়ক গোটে কৃষক আৰু দূৰৱৰ্তী অঞ্চলৰ লোকসকলকো ভূমি-স্তৰৰ সমৰ্থন প্ৰদান কৰিছে। এই ধৰণৰ সমৰ্থন জনসাধাৰণক প্ৰতিষ্ঠানিক ৰূপ দিয়াৰ বাবে, আনকি ক্ষুদ্ৰ উদ্যোগীসকলকো এক সমান খেলপথাৰ প্ৰদান কৰাৰ বাবে চৰকাৰে বৃহৎ কৃতিত্বৰ যোগ্য।"

“চৰকাৰৰ নীতিৰ ফলত বিভিন্ন উদ্ভাৱনৰ উত্থান ঘটিছে যিবোৰ আমাৰ জীৱনৰ অংশ হৈ পৰিছে”

অ’য়ো ৰুমছৰ মুখ্য কাৰ্যবাহী বিষয়া ৰীতেশ আগৰৱালে কয় যে আজি আমাৰ দৈনন্দিন জীৱনৰ অংশ হৈ পৰা বিভিন্ন সেৱা ন বছৰ আগতে নাছিল। "ভাৰতে যথেষ্ট ভাল প্ৰদৰ্শন কৰি আছে আৰুযুৱ প্ৰজন্মই ষ্টাৰ্টআপৰ বিকাশত শক্তি প্ৰদান কৰিছে। আমি পৃথিৱীৰ এক উজ্জ্বল স্থান হৈ পৰিছোঁ।"

“তৃণমূল পৰ্যায়ত ক্ৰীড়া আন্তঃগাঁথনিত বিনিয়োগৰ ক্ষেত্ৰত চৰকাৰে এক বৃহৎ কাম কৰিছে”

ভাৰতীয় হকী দলৰ প্ৰাক্তন অধিনায়ক বীৰেন ৰাস্কুইনহাই কয় যে টকিঅ’ অলিম্পিকত ভাৰতীয় পুৰুষ হকী দলৰ বাবে এয়া এক ডাঙৰ মুহূৰ্ত আছিল। “টকিঅ’ অলিম্পিকত মোৰ বাবে আটাইতকৈ ডাঙৰ কাহিনীটো আছিল ভাৰতীয় মহিলা হকী দলৰ প্ৰদৰ্শন, যিয়ে চতুৰ্থ স্থান লাভ কৰিছিল আৰু অলপৰ বাবে পদক লাভৰ পৰা আঁতৰি গৈছিল। ২০১৬ চনৰ পৰা ২০২১ চনৰ ভিতৰত তৃণমূল পৰ্যায়ত বহু বিনিয়োগ ঘটিছে। এষ্ট্ৰ’-টাৰ্ফ পিটচৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে; ক্ৰীড়া আন্তঃগাঁথনিৰ বহু উন্নতি হৈছে, যদিও আমাৰ আৰু বহুত বাকী আছে। হকী এটা শাৰীৰিক শক্তিৰ খেলত পৰিণত হৈছে, আমি দক্ষতাৰ ক্ষেত্ৰত সদায় বিশ্বৰ শ্ৰেষ্ঠ দেশসমূহৰ সৈতে মিলাব পাৰিলোঁহেঁতেন, আমি যিটো সংগ্ৰাম কৰিছো সেয়া হৈছে ফিটনেছ আৰু শক্তিৰ ক্ষেত্ৰত। এইটো এটা ক্ষেত্ৰ য’ত আমি উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছো।” প্ৰাক্তন অধিনায়কগৰাকীয়ে কয় যে অলিম্পিকত সৰু সৰু গাঁৱৰ ছোৱালীয়ে উন্নত প্ৰদৰ্শন কৰি লাখ লাখ কণমানি ছোৱালীক গৌৰৱান্বিত কৰিছে আৰু তেওঁলোকৰ মাজত আশাৰ সঞ্চাৰ কৰিছে। তেওঁ কয় যে চৰকাৰে তৃণমূল পৰ্যায়ত বিনিয়োগৰ ক্ষেত্ৰত এক বৃহৎ কাম কৰিছে।

“খেলো ইণ্ডিয়া আৰু ফিট ইণ্ডিয়াৰ দৰে আঁচনিৰ সহায়তভাৰতীয় ক্ৰীড়াবিদসকলৰ বাবে ভৱিষ্যত উজ্জ্বল”

বক্সাৰ অখিল কুমাৰে কয় যে যেতিয়া প্ৰধানমন্ত্ৰীয়ে ডাঙৰ প্ৰতিযোগিতাৰ পূৰ্বে ক্ৰীড়াবিসকলক সাক্ষাৎ কৰে আৰু মত বিনিময় কৰে, তেতিয়া খেলুৱৈসকলে বহুত প্ৰেৰণা লাভ কৰে। তেওঁ কয় যে ক্ৰীড়াৰ প্ৰসাৰৰ বাবে ক্ৰীড়া সংস্কৃতি গঢ়ি তোলাটো অতি প্ৰয়োজনীয়। ফিটনেছ আৰু স্বাস্থ্যৰ প্ৰসাৰৰ ক্ষেত্ৰত ফিট ইণ্ডিয়া আন্দোলনৰ ভূমিকাক তেওঁ প্ৰশংসা কৰে। তেওঁ কয় যে ভাৰতীয় ক্ৰীড়াবিদসকলৰ ভৱিষ্যত উজ্জ্বল, কাৰণ তেওঁলোকৰ সৈতে আছে খেলো ইণ্ডিয়াৰ দৰে সবলীকৰণ আঁচনি।

“সৰু গাঁও আৰু চহৰৰ প্ৰতিভাক প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত চৰকাৰে ডাঙৰ কাম কৰিছে”

সংগীত শিল্পী আমান আলী বাংগাছে কয় যে চৰকাৰে যুৱ প্ৰজন্মৰ বাবে বহু কাম কৰি আছে। তেওঁ কয় যে চৰকাৰে সৰু সৰু গাঁও আৰু চহৰৰ প্ৰতিভাৱান যুৱক-যুৱতীসকলক উৎসাহিতকৰাটো উল্লেখযোগ্য কথা। তেওঁ লগতে কয় যে ভাৰতৰ বাবে এয়া এক গুৰুত্বপূৰ্ণ সময় আৰু সকলো ধৰণৰ শিল্প আৰু সংস্কৃতিৰ প্ৰতি সজাগতা যথেষ্ট বৃদ্ধি পাইছে।

“প্ৰধানমন্ত্ৰীয়ে চলচ্চিত্ৰ নিৰ্মাতাসকলক ভাৰতৰ অনন্য কাহিনীসমূহ বিশ্বৰ আগত উপস্থাপন কৰিবলৈ আহ্বান জনায়”

অভিনেতা ঋষৱছেট্টীয়ে কয় যে জনসাধাৰণৰ মাজলৈ যোৱাৰ ক্ষেত্ৰত চলচ্চিত্ৰ অতি শক্তিশালী মাধ্যমত পৰিণত হৈছে। ‘আগতে বহু ছবিয়ে আমাৰ দেশক নেতিবাচক দৃষ্টিৰে চিত্ৰিত কৰিছিল, মই ভাবো আমাৰ দেশক ইতিবাচকভাৱে উজ্জ্বল কৰি তোলাটো গুৰুত্বপূৰ্ণ। এইটোৱেই মোৰ ধাৰণা হৈ আহিছে, আমাৰ গাঁৱৰ অনন্য কাহিনীবোৰ উলিয়াই অনা, যিটো অনন্য বিশ্বাস, জীৱন-ধাৰণৰ পদ্ধতি, আচাৰ-ব্যৱহাৰ আৰু খাদ্যত প্ৰতিফলিত হয়। এয়াই হৈছে প্ৰধানমন্ত্ৰীৰ চলচ্চিত্ৰ জগতলৈ বাৰ্তা, যে আমাৰ ভাৰতীয় সংস্কৃতি আৰু কাহিনীবোৰক বিশ্বলৈ লৈ যোৱাটো প্ৰয়োজন।”

 

***



(Release ID: 1927882) Visitor Counter : 93