প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

অষ্ট্ৰেলিয়াৰ বিৰোধী দলপতিৰে প্ৰধানমন্ত্ৰীৰ সাক্ষাত্

Posted On: 24 MAY 2023 11:42AM by PIB Guwahati

অষ্ট্ৰেলিয়াৰ বিৰোধী দলৰ নেতা মহামহিম শ্ৰীযুত পিটাৰ ডাটনে ২০২৩ চনৰ ২৪ মে'ত ছিডনীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাত্ কৰে।

দুয়োগৰাকী নেতাৰ মাজত হোৱা আলোচনাত প্ৰধানমন্ত্ৰীয়ে ‘ভাৰত-অষ্ট্ৰেলিয়া ব্যাপক কৌশলগত অংশীদাৰীত্ব’-ই লাভ কৰা শক্তিশালী দ্বিপাক্ষিক সহযোগিতাৰ শলাগ লয়।

আলোচনাত দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশসমূহক সামৰি লোৱা হয়, যাৰ ভিতৰত আছে জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ প্ৰসংগও। দুয়োগৰাকী নেতাই আঞ্চলিক উন্নয়ন সন্দৰ্ভতো আলোচনা কৰে।

*******



(Release ID: 1927385) Visitor Counter : 58