প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

দুৰ্যোগ ক্ষতিশংকা হ্ৰাসৰ বাবে ছেন্দাই পৰিকাঠামোৰ মধ্যকালীন পৰ্যালোচনাৰ সময়ত ভাৰত-জাপানৰ পাৰ্শ্বীয় অনুষ্ঠান

দুৰ্যোগৰ আশংকা হ্ৰাসৰ প্ৰয়োজনীয়তাৰ সমগ্ৰ স্পেকট্ৰাম বহনক্ষম ৰূপত মোকাবিলা কৰিব পৰাকৈ এনে এক বিত্তীয় সংৰচনা গঢ়ি তোলাৰ প্ৰয়োজনঃ ড° পি. কে. মিশ্ৰ

Posted On: 18 MAY 2023 11:30PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (এনডিএমএ) আৰু জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সংস্থা (জাইকা)ৰ উদ্যোগত আজি ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত দুৰ্যোগ ক্ষতিশংকা হ্ৰাসৰ বাবে ছেন্দাই পৰিকাঠামো (এছএফডিআৰআৰ)ৰ ২০১৫-২০৩০ চনত ‘সুস্থিৰতা আৰু বহনক্ষম ভৱিষ্যতৰ দিশত দুৰ্যোগৰ ক্ষতিশংকা হ্ৰাসৰ বিনিয়োগক প্ৰসাৰিত কৰাৰ বাবে ৰাষ্ট্ৰৰ ভূমিকা’ শীৰ্ষক মধ্যকালীন পৰ্যালোচনাৰ উচ্চ পৰ্যায়ৰ বৈঠকত এক ক্ষতিশংকা হ্ৰাস হাব অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত বহনক্ষম উন্নয়নৰ লক্ষ্যসমূহত উপনীত হোৱাৰ বাবে আৰু জলবায়ু পৰিৱৰ্তনৰ সৈতে জড়িত ক্ষতি আৰু প্ৰভাৱ কম কৰাৰ বাবে আৰু ইয়াৰ দ্বাৰা এখন সুস্থিৰ সমাজ গঢ়ি তোলাৰ বাবে দুৰ্যোগৰ ক্ষতিশংকা হ্ৰাসৰ বিনিয়োগক এক মৌলিক প্ৰয়োজনীয়তা হিচাপে প্ৰসাৰিত কৰাত ৰাজ্যসমূহৰ প্ৰাথমিক ভূমিকাৰ ৰূপৰেখা দাঙি ধৰা হয়। এই অনুষ্ঠানত বৰ্তমানৰ বিপদসমূহ হ্ৰাস কৰা আৰু ভৱিষ্যতৰ বিপদসমূহ ৰোধ কৰাৰ বাবে প্ৰতিখন ৰাজ্যৰ দায়িত্বৰ আহ্বান জনোৱা হয়, যাৰ ফলত এখন সুস্থিৰ আৰু বহনক্ষম সমাজ গঢ়ি তুলিব পৰা যায়।

প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ড পি. কে. মিশ্ৰই ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্ব দিয়ে। ভাষণৰ প্ৰসংগত ড মিশ্ৰই জনায় যে দুৰ্যোগৰ ক্ষতিশংকা হ্ৰাসৰ বিষয়টোৱে বিশ্ব নীতিৰ বক্তৃতাত প্ৰয়োজনীয় মনোযোগ লাভ কৰিছে কাৰণ জি-২০ আৰু জি-৭ দুয়োটাই এই বিষয়টোক অগ্ৰাধিকাৰ দিছে। ড মিশ্ৰই এনে এক বিত্তীয় সংৰচনা গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে যিটোৱে দুৰ্যোগৰ আশংকা হ্ৰাসৰ প্ৰয়োজনীয়তাৰ সমগ্ৰ স্পেকট্ৰাম বহনক্ষম ৰূপত মোকাবিলা কৰিব পাৰে আৰু দুৰ্যোগৰ সময়ত আগতীয়া সতৰ্কবাণী ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত ৰাজ্যসমূহৰ ভূমিকা নিৰ্দিষ্ট কৰিব পাৰে। এই সন্দৰ্ভত অহা সপ্তাহত জি-২০ কৰ্মী গোটে দ্বিতীয়বাৰৰ বাবে বৈঠকত মিলিত হ’ব আৰু বিত্তীয় বিষয়ত আলোচনা কৰিব।

উল্লেখযোগ্য যে এছএফডিআৰআৰৰ সৈতে সংগতি ৰাখি আৰু জি-২০ৰ ভাৰতৰ অধ্যক্ষতাৰ সময়ত ডিআৰআৰৰ ওপৰত কৰ্মী গোটে (ডিআৰআৰডব্লিউজি) সকলো জল-বতৰ বিজ্ঞানৰ দুৰ্যোগৰ বাবে আগতীয়া সতৰ্কবাণী ব্যৱস্থাই বিশ্বজুৰি সামৰি লোৱা, আন্তঃগাঁথনি ব্যৱস্থাক দুৰ্যোগ আৰু জলবায়ু হিচাপে গঢ়ি তোলাৰ দিশত দায়বদ্ধতা বৃদ্ধি কৰা; দুৰ্যোগৰ আশংকা হ্ৰাসৰ বাবে শক্তিশালী ৰাষ্ট্ৰীয় বিত্তীয় পৰিকাঠামো; “বিল্ড বেক বেটাৰ”কে ধৰি ৰাষ্ট্ৰীয় আৰু বিশ্বজোৰা দুৰ্যোগ সঁহাৰি ব্যৱস্থা শক্তিশালী কৰা; আৰু পৰিস্থিতিতন্ত্ৰভিত্তিক পদ্ধতিৰ প্ৰয়োগ বৃদ্ধিকে আদি কৰি পাঁচটা অগ্ৰাধিকাৰৰ প্ৰস্তাৱ আগবঢ়ায়৷ আলোচনাত গ্ল’বেল ছাউথকে ধৰি জি-৭ আৰু জি-২০ দেশৰ নেতাসকলে দুৰ্যোগৰ ক্ষতিশংকা হ্ৰাসৰ দিশত জৰুৰী ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাক স্বীকৃতি দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

সদস্য ৰাষ্ট্ৰসমূহে বিপদ আৰু ক্ষতিৰ তথ্যৰ প্ৰৱেশ বৃদ্ধিৰ লগতে দুৰ্যোগৰ ক্ষতিশংকা প্ৰশাসন বৃদ্ধি কৰা বহু দেশৰ সহযোগিতা আৰম্ভ কৰাত গুৰুত্ব আৰোপ কৰে, যাতে ডিআৰআৰলৈ সঠিক বাজেট আবণ্টনক পথ প্ৰদৰ্শন কৰে আৰু দুৰ্যোগৰ পিছত বিল্ড বেক বেটাৰত সহায় কৰে। ২০২৩ চনত ভাৰতৰ অধ্যক্ষতাত শ্বেৰপা ট্ৰেকৰ অধীনত জি-২০-এ এছএফডিআৰআৰৰ লগতে বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ বাবে সদস্য দেশসমূহৰ প্ৰচেষ্টা ত্বৰান্বিত কৰাত সহায়ক হোৱাকৈ দুৰ্যোগৰ ক্ষতিশংকা হ্ৰাসৰ ওপৰত এটা কৰ্মীগোট গঠনৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। ৰাষ্ট্ৰসংঘৰ দুৰ্যোগৰ ক্ষতিশংকা হ্ৰাসৰ কাৰ্যালয় (ইউএনডিআৰআৰ)ৰ সমন্বয়ত আয়োজন কৰা এই অনুষ্ঠানত ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি আৰু ভাৰতীয় প্ৰতিনিধি দলৰ বিষয়াসকলেও অংশগ্ৰহণ কৰে।

****



(Release ID: 1925835) Visitor Counter : 100