কেবিনেট
সহায়ক প্ৰযুক্তিৰ ওপৰত স্বাস্থ্য গৱেষণা বিভাগ (ডি এইচ আৰ) আৰু বিশ্ব স্বাস্থ্য সংস্থা (ডব্লিউ এইচ অ’)ৰ মাজত প্ৰকল্প সহযোগিতা চুক্তিত স্বাক্ষৰৰ বাবে কেবিনেটৰ অনুমোদন
प्रविष्टि तिथि:
17 MAY 2023 4:05PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত স্বাস্থ্য গৱেষণা বিভাগ (ডিএইচআৰ) আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ মাজত এক প্ৰকল্প সহযোগিতা চুক্তি স্বাক্ষৰ কৰাৰ বিষয়ে অৱগত কৰা হয়। এই চুক্তি মুখ্যতঃ গৱেষণা, উদ্ভাৱন আৰু ক্ষমতা নিৰ্মাণৰ জৰিয়তে উচ্চ মানদণ্ডৰ সুলভ সহায়ক প্ৰযুক্তিৰ প্ৰৱেশাধিকাৰ বৃদ্ধি কৰাৰ বাবে সম্পন্ন কৰা হ’ব।
উল্লেখ্য যে প্ৰকল্প সহযোগিতা চুক্তি (পিচিএ) বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা বিগত ১০.১০.২০২২ তাৰিখে আৰু স্বাস্থ্য গৱেষণা বিভাগে ১৮.১০.২০২২ তাৰিখে স্বাক্ষৰ কৰিছিল।
এই সহযোগিতাৰ উদ্দেশ্য হৈছে সহায়ক প্ৰযুক্তি, গৱেষণা আৰু উদ্ভাৱনৰ প্ৰৱেশাধিকাৰ বৃদ্ধি কৰাৰ সময়ত উপযুক্ত প্ৰশিক্ষণ কাৰ্যসূচীৰ বিকাশ আৰু প্ৰসাৰৰ দিশত বিশ্বব্যাপী মনোযোগ আকৰ্ষণৰ উদ্দেশ্য কাম কৰা।
****
(रिलीज़ आईडी: 1925013)
आगंतुक पटल : 148
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Nepali
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam