প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav g20-india-2023

ৰোজগাৰ মেলাৰ অধীনত ১৬ মে’ত চৰকাৰী বিভাগ আৰু সংস্থাত নতুনকৈ নিযুক্তি লাভ কৰা প্ৰায় ৭১,০০০ প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 15 MAY 2023 11:41AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ মে’, ২০২৩ৰ পুৱা ১০.৩০ বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে নতুনকৈ নিযুক্তি লাভ কৰা ৭১,০০০ প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰিব৷ এই উপলক্ষে ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে৷

দেশৰ ৪৫টা স্থানত ৰোজগাৰ মেলা অনুষ্ঠিত হ’ব। এই পদক্ষেপক সমৰ্থন কৰা কেন্দ্ৰীয় চৰকাৰৰ বিভাগসমূহৰ লগতে ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত এই নিযুক্তিসমূহ চলি আছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচিত হোৱা নতুন নিযুক্তিপ্ৰাপকসকলে গ্ৰামীন ডাক সেৱক, পদ পৰিদৰ্শক, বাণিজ্যিক তথা টিকট কেৰাণী, কনিষ্ঠ কেৰাণী তথা টাইপিষ্ট, কনিষ্ঠ একাউণ্ট কেৰাণী, ট্ৰেক মেইণ্টেইনাৰ, সহকাৰী শাখা বিষয়া, নিম্ন বৰ্গৰ কেৰাণী, মহকুমা বিষয়া, কৰ সহায়ক, এছিষ্টেণ্ট এনফৰ্চমেণ্ট অফিচাৰ, পৰিদৰ্শক, নাৰ্চিং বিষয়া, সহকাৰী নিৰাপত্তা বিষয়া, ফায়াৰমেন, সহকাৰী একাউণ্ট বিষয়া, সহকাৰী নিৰীক্ষণ বিষয়া, সংমণ্ডল একাউণ্টেণ্ট, নিৰীক্ষক, কনিষ্টবল, মুখ্য কনিষ্টবল, সহ অধিনায়ক, অধ্যক্ষ, প্ৰশিক্ষিত স্নাতক শিক্ষক, সহকাৰী পঞ্জীয়ক, সহকাৰী অধ্যাপক আদি বিভিন্ন পদত যোগদান কৰিব।

ৰোজগাৰ মেলা হৈছে নিয়োগ সৃষ্টিক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়াৰ প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশত এক পদক্ষেপ৷ ৰোজগাৰ মেলাই অধিক নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত অনুঘটক হিচাপে কাম কৰাৰ লগতে যুৱক-যুৱতীসকলক তেওঁলোকৰ সবলীকৰণ আৰু ৰাষ্ট্ৰীয় উন্নয়নত অংশগ্ৰহণৰ উপযুক্ত সুযোগ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

বিভিন্ন চৰকাৰী বিভাগত নতুনকৈ নিযুক্তি পোৱা সকলোৰে বাবে কৰ্মযোগী প্ৰাৰম্ভৰ জৰিয়তে অনলাইন অৰিয়েণ্টেচন পাঠ্যক্ৰম গ্ৰহণ সুবিধা প্ৰদান কৰিছে, যাৰ দ্বাৰা তেওঁলোকে নিজকে প্ৰশিক্ষণ দিয়াৰ সুযোগ লাভ কৰিব।

**********



(Release ID: 1924403) Visitor Counter : 123