প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav g20-india-2023

প্ৰধানমন্ত্ৰীয়ে চিবিএছইৰ ১২শ শ্ৰেণীৰ পৰীক্ষা সফলতাৰে উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনায়

Posted On: 12 MAY 2023 2:42PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চিবিএছইৰ ১২শ শ্ৰেণীৰ পৰীক্ষা সফলতাৰে উত্তীৰ্ণ হোৱা সকলো পৰীক্ষা যোদ্ধা (এগ্জাম ৱাৰিয়ৰ্ছ)ক অভিনন্দন জনাইছে।

এলানি টুইটত প্ৰধানমন্ত্ৰীয়ে কৈছে;

"মই সেই সকলো এগ্জাম ৱাৰিয়ৰ্ছক অভিনন্দন জনাইছো যিসকলে চিবিএছই শ্ৰেণী ১২শৰ পৰীক্ষা সফলতাৰে উত্তীৰ্ণ হৈছে। মই এই যুৱক-যুৱতীসকলৰ কঠোৰ পৰিশ্ৰম আৰু দৃঢ় সংকল্পৰ বাবে তেওঁলোকৰ ওপৰত গৰ্বিত। মই যুৱক-যুৱতীসকলৰ সফলতাত তেওঁলোকৰ মহত্বপূৰ্ণ ভূমিকাৰ বাবে তেওঁলোকৰ মাতা-পিতা আৰু শিক্ষকসকলকো অভিনন্দন জনাইছো।"

"সেই পাৰদৰ্শী যুৱক-যুৱতীসকলক যি অনুভৱ কৰে যে তেওঁলোকে ১২শ শ্ৰেণীৰ পৰীক্ষাত ভাল কৰিব পাৰিলে হেঁতেন, মই সেই পাৰদৰ্শী যুৱক-যুৱতীসকলক ক'ব বিচাৰো- আপোনালোকৰ ওচৰত অনাগত সময়ত কৰিবলৈ বহুত কিবা আছে। পৰীক্ষাৰ এটা ব্যৱস্থাই আপোনালোকক পৰিভাষিত নকৰে। নিজৰ প্ৰতিভাৰ প্ৰয়োগ সেই ক্ষেত্ৰসমূহত কৰক য'ত আপোনালোকৰ আবেগ জড়িত। আপোনালোকে নিশ্চয় বৃহৎ সফলতা লাভ কৰিব!"

**********



(Release ID: 1923902) Visitor Counter : 89