প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে মন কী বাত সন্দৰ্ভত জাপানী দূতাবাসৰ বাৰ্তাৰ উত্তৰ দিয়ে
পোষ্ট কৰা হৈছে:
03 MAY 2023 7:57PM by PIB Guwahati
ভাৰতৰ জাপানী দূতাবাসে মন কী বাতৰ ১০০ তম খণ্ডৰ বাবে টুইট কৰিছিল। অনুষ্ঠানটোৰ প্ৰতি শুভেচ্ছা জনাই দূতাবাসে জাপানৰ স্বৰ্গীয় প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ 'মন কী বাত: এ ছ'চিয়েল ৰিভলিউচন অন ৰেডিঅ' নামৰ কিতাপখনৰ প্ৰস্তাৱনাত দিয়া বাৰ্তাটো স্মৰণ কৰে।
দূতাবাসে মন কী বাতৰ ৮৯ তম খণ্ডটোৰ বিষয়েও উল্লেখ কৰে, য'ত প্ৰধানমন্ত্ৰী মোদীয়ে এছিয়াৰ দেশসমূহত মহাভাৰত আৰু ৰামায়ণ মঞ্চস্থ কৰি অহা জাপানী শিল্পীসকলৰ উদ্ধৃতি দি ভাৰত-জাপান সাংস্কৃতিক সম্পৰ্কৰ প্ৰশংসা কৰে।
টুইট থ্ৰেডৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে:
"প্ৰশংসাসূচক বাৰ্তাৰ বাবে আৰু মোৰ বন্ধু স্বৰ্গীয় শ্ৰীযুত শ্বিনজো আবেক স্মৰণ কৰাৰ বাবে আপোনাক ধন্যবাদ।"
***
(ৰিলিজ আই ডি : 1922155)
অতিথি কক্ষ : 154
ত এই ৰিলিজটো পঢ়ক:
Bengali
,
Telugu
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam