প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শ্ৰী প্ৰকাশ সিং বাদলৰ দেহাৱসানত প্ৰধানন্ত্ৰীৰ শোক প্ৰকাশ

পোষ্ট কৰা হৈছে: 25 APR 2023 9:40PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী প্ৰকাশ সিং বাদলৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

এলানি ‘টুইট’-ত প্ৰধানমন্ত্ৰীয়ে কয়:

"শ্ৰী প্ৰকাশ সিং বাদলজীৰ মৃত্যুত অত্যন্ত বেদনা অনুভৱ কৰিছো। তেওঁ ভাৰতীয় ৰাজনীতিৰ এক বিশাল ব্যক্তিত্ব আছিল, আৰু এগৰাকী উল্লেখযোগ্য ৰাজনীতিবিদ আছিল, যিয়ে আমাৰ দেশলৈ যথেষ্ট অৱদান আগবঢ়াইছিল। তেওঁ পঞ্জাৱৰ প্ৰগতিৰ বাবে অক্লান্ত পৰিশ্ৰম কৰিছিল আৰু সংকটজনক সময়ত ৰাজ্যখনক দক্ষতাৰে নেতৃত্ব প্ৰদান কৰিছিল।

শ্ৰী প্ৰকাশ সিং বাদলৰ মৃত্যু মোৰ বাবে ব্যক্তিগত ক্ষতি। মই বহু দশক ধৰি তেওঁৰ সৈতে ঘনিষ্ঠভাৱে সম্পৰ্ক ৰাখি আহিছিলো আৰু তেওঁৰ পৰা বহুখিনি শিকিছো। আমাৰ মাজত হোৱা বহু কথোপকথনৰ কথা মই মনত পেলাইছো, য'ত তেওঁৰ জ্ঞান দক্ষতা সদায়ে স্পষ্ট হৈ উঠিছিল। তেওঁৰ পৰিয়াল আৰু অগণন গুণমুগ্ধৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো।"

***


(ৰিলিজ আই ডি : 1919725) অতিথি কক্ষ : 141