প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিভাৱান শিল্পীসকলৰ জীৱন-ধাৰণৰ মানদণ্ডৰ অগ্ৰগতি সাধনৰ লক্ষ্যৰে পিটিপি-এনইআৰ এক বিশেষ আঁচনিঃ প্ৰধানমন্ত্ৰী

Posted On: 19 APR 2023 3:13PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় পণ্যৰাজিৰ প্ৰোৎসাহনৰ (PTP-NER) বাবে বিপণন আৰু লজিষ্টিক উন্নয়ন এক বিশেষ আঁচনি, ইয়াৰ লক্ষ্য হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিভাৱান শিল্পীসকলৰ জীৱন-ধাৰণৰ মানদণ্ডৰ অগ্ৰগতি সাধন কৰা। শ্ৰী মোদীয়ে লগতে কয় যে এই আঁচনিয়ে লগতে উত্তৰ-পূৰ্বাঞ্চলত উৎপাদিত পণ্যৰাজিৰ ক্ষেত্ৰত অধিক দৃশ্যমানতা নিশ্চিত কৰিব।

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী শ্ৰী অৰ্জুন মুণ্ডাই এক টুইট থ্ৰেডৰ জৰিয়তে অৱগত কৰে যে পিটিপি-এনইআৰ আঁচনিৰ উদ্দেশ্য হৈছে সামগ্ৰী ক্ৰয়, লজিষ্টিক আৰু বিপণনত বৰ্ধিত দক্ষতাৰ জৰিয়তে জনজাতীয় শিল্পীসকলৰ জীৱিকাৰ সুযোগ সুদৃঢ় কৰা।

কেন্দ্ৰীয় মন্ত্ৰীজনৰ টুইট থ্ৰেডলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;

“উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিভাৱান শিল্পীসকলৰ জীৱন-ধাৰণৰ মানদণ্ডৰ অগ্ৰগতি সাধনৰ লক্ষ্যৰে পিটিপি-এনইআৰ এক বিশেষ আঁচনি। এই আঁচনিয়ে লগতে উত্তৰ-পূৰ্বাঞ্চলত উৎপাদিত পণ্যৰাজিৰ ক্ষেত্ৰত অধিক দৃশ্যমানতা নিশ্চিত কৰিব। ইয়াৰ জৰিয়তে জনজাতীয় সমাজসমূহ বিশেষভাৱে উপকৃত হ’ব।”

***



(Release ID: 1918297) Visitor Counter : 80