প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মুদ্ৰা যোজনাৰ ৮ বছৰ সম্পূৰ্ণ – উচ্চ প্ৰসংশা প্ৰধানমন্ত্ৰীৰ

Posted On: 08 APR 2023 11:59AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মুদ্ৰা যোজনাৰ আঠ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে প্ৰশংসা কৰে।

মাই গভ ইণ্ডিয়াৰ কেইবাটাও টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;

"#PMMudraYojana ই আৰ্থিকভাৱে অনুন্নত লোকসকলক পুঁজি যোগান ধৰাত আৰু অজস্ৰ ভাৰতীয়ৰ বাবে মৰ্যাদাৰ লগতে সমৃদ্ধি নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

আজি আমি #8YearsOfMudraYojana উদযাপন কৰাৰ সময়তে, মই ইয়াৰ পৰা লাভান্বিত হোৱা লোকসকলৰ উদ্যোগী মনোভাৱক অভিবাদন জনাইছো। "

"এই ভিডিঅ'টোৱে মুদ্ৰা আঁচনিৰ গতি আৰু ব্যাপকতাৰ বিষয়ে এক সুন্দৰ আভাস প্ৰদান কৰে।"

বিত্ত মন্ত্ৰালয়ৰ এটা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;

"প্ৰশংসনীয়! আমাৰ লোকসকলৰ কঠোৰ পৰিশ্ৰমক অভিবাদন। "

 

***

DS/SH



(Release ID: 1915032) Visitor Counter : 75