প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘এষ্ট্ৰো নাইট স্কাই টুৰিজম’ক প্ৰোৎসাহিত কৰাৰ প্ৰচেষ্টাক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
29 MAR 2023 4:11PM by PIB Guwahati
গোৱা বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ দ্বাৰা ‘এষ্ট্ৰো নাইট স্কাই টুৰিজম’ক প্ৰোৎসাহিত কৰাৰ প্ৰচেষ্টাক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰিছে। উল্লেখ্য, দূৰবীণৰ জৰিয়তে নিশাৰ আকাশ পৰ্যবেক্ষণ কৰাৰ এক অবিস্মৰণীয় অভিজ্ঞতা লাভ কৰাৰ বাবে বৃহৎ সংখ্যক লোকে মিৰামাৰ সাগৰৰ পাৰত ভিৰ কৰিছে।
ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিষদৰ এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;
"এনেধৰণৰ প্ৰচেষ্টা সফল হোৱা দেখিবলৈ পাই সুখী হৈছোঁ। কেইবছৰমান আগতে মন কি বাত-ৰ এটা খণ্ডত মই ভাৰতীয় জ্যোতিৰ্বিজ্ঞানৰ সমৃদ্ধ ঐতিহ্যৰ কথা দাঙি ধৰিছিলোঁ।"
*************************
DS/TS/KG
(ৰিলিজ আই ডি : 1912069)
অতিথি কক্ষ : 143
ত এই ৰিলিজটো পঢ়ক:
Bengali
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam