প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পোন প্ৰথমবাৰলৈ মেঘালয়ত বৈদ্যুতিক ৰেলৰ প্ৰৱৰ্তনত সন্তোষ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

Posted On: 17 MAR 2023 8:19PM by PIB Guwahati

ভাৰতীয় ৰেলৱেয়ে অভয়াপুৰী–পঞ্চৰত্ন; দুধনৈ–মেন্দিপথাৰৰ মাজৰ গুৰুত্বপূৰ্ণ অংশসমূহত বৈদ্যুতীকৰণ সম্পন্নৰ লগে-লগে পোন প্ৰথমবাৰলৈ মেঘালয়ত বৈদ্যুতিক ৰেলৰ প্ৰৱৰ্তনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সন্তোষ প্ৰকাশ কৰিছে।

পিআইবি, মেঘালয়ৰ এটা টুইট শ্বেয়াৰেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;

“মেঘালয়ৰ বাবে এটা ভাল খবৰ আৰু ই উত্তৰ-পূবৰ যোগাযোগ ব্যৱস্থাৰ বৰ্ধন ঘটাব।”

***

DS/TS/SB



(Release ID: 1908502) Visitor Counter : 63