প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২০২৩ চনৰ ২১ মাৰ্চত উত্তৰ-পূবলৈ ভাৰত গৌৰৱ ৰেলৰ আগন্তুক মুকলিক লৈ প্ৰধানমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
পোষ্ট কৰা হৈছে:
06 MAR 2023 8:09PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২১ মাৰ্চত উত্তৰ-পূৰ্বাঞ্চললৈ মুকলি হ’বলগীয়া ভাৰত গৌৰৱ ৰেলক লৈ সন্তুষ্ট প্ৰকাশ কৰিছে।
ভাৰত গৌৰৱ ডিলাক্স এ চি টুৰিষ্ট ৰেলযোগে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ সামৰি ল’বলৈ বিশেষভাৱে ডিজাইন কৰা “নৰ্থ ইষ্ট ডিস্কোভাৰী: বিয়ণ্ড গুৱাহাটী” চলোৱাৰ সিদ্ধান্ত লৈছে ভাৰতীয় ৰেলৱেই। ২০২৩ চনৰ ২১ মাৰ্চৰ পৰা দিল্লী চফদৰজং ৰেলৱে ষ্টেচনৰ পৰা আৰম্ভ হ’বলগীয়া এই ৰে’ল ভ্ৰমণে অসমৰ গুৱাহাটী, শিৱসাগৰ, যোৰহাট আৰু কাজিৰঙা, ত্ৰিপুৰাৰ উনাকোটি, আগৰতলা আৰু উদয়পুৰ, নাগালেণ্ডৰ ডিমাপুৰ আৰু ক’হিমা আৰু মেঘালয়ৰ শ্বিলং এণ্ড চেৰাপুঞ্জীক ১৫ দিনৰ ভিতৰত সামৰি ল’ব।
উত্তৰ-পূব অঞ্চলৰ সাংস্কৃতিক, পৰ্যটন আৰু উন্নয়ন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডীয়ে ভাৰত গৌৰৱ ৰে’লৰ মুকলি সন্দৰ্ভত কৰা টুইটৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
“এয়া হ’ব এক আকৰ্ষণীয় আৰু স্মৰণীয় যাত্ৰা, উত্তৰ-পূব আৱিষ্কাৰ কৰাৰ এক ৰোমাঞ্চকৰ সুযোগ।”
*****
DS/ST/MS
(ৰিলিজ আই ডি : 1904910)
অতিথি কক্ষ : 151
ত এই ৰিলিজটো পঢ়ক:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam