প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ শ্ৰী এএম আহমদীৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

प्रविष्टि तिथि: 03 MAR 2023 6:12PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ শ্ৰী এএম আহমদীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷

টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

“ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ শ্ৰী এএম আহমদী জীৰ বিয়োগত মৰ্মাহত হৈছো৷ উকীল আৰু ন্যায়াধীশ হিচাপে তেওঁৰ বিশিষ্ট কেৰিয়াৰ আছিল। আমাৰ ন্যায়পালিকাক অধিক ফলপ্ৰসূ কৰি তোলাৰ দিশত তেওঁ উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ। তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক।”

***

DS/TS/DB


(रिलीज़ आईडी: 1904276) आगंतुक पटल : 183
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam