প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ৩০খন প্ৰতিকূল ভূ-ক্ষেত্ৰক সুন্দৰ ইকো-পৰ্যটন গন্তব্যৰ ৰূপলৈ পৰিৱৰ্তিত কৰা কাৰ্যৰ প্ৰশংসা কৰে

प्रविष्टि तिथि: 22 FEB 2023 12:46PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মুঠ ১৬১০ হেক্টৰ মাটিৰ ৩০খন প্ৰতিকূল ভূ-ক্ষেত্ৰক সুন্দৰ ইকো-পৰ্যটন গন্তব্যৰ ৰূপলৈ পৰিৱৰ্তিত কৰা কাৰ্যৰ বাবে কোল ইণ্ডিয়া টীমৰ প্ৰয়াসৰ প্ৰশংসা কৰিছে, যাক চাবলৈ কেৱল পৰ্যটকেই নহয় বৰং পক্ষীও আহি আছে।

কেন্দ্ৰীয় ৰে'ল, কয়লা আৰু খনি ৰাজ্য মন্ত্ৰী শ্ৰী ৰাওচাহেব পাটিল দানৱেৰ এটা টুইট থ্ৰেডৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে কয়;

"দীৰ্ঘস্থায়ী বিকাশ আৰু ইকো-পৰ্যটনক আগবঢ়াই নিয়াৰ এটা প্ৰশংসনীয় প্ৰয়াস।"

**********

DS/ST


(रिलीज़ आईडी: 1901665) आगंतुक पटल : 115
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , Kannada , Odia , English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Tamil , Telugu